শনিবাৰে তিনিচুকীয়াত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপি মিত্ৰজোঁটৰ বৈঠক

অংশগ্ৰহণ কৰিব মিত্ৰ দলৰ সকলো সাংসদ, বিধায়কে

0 19
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ আগষ্ট : আগন্তুক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনক উদ্দেশ্য কৰি শাসক, বিৰোধী উভয়েই ব্যস্ত হৈ পৰিছে ৰণকৌশল নিৰ্ধাৰণত ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত শাসকীয় জোঁটবন্ধন ’এন ডি এ’ৰ বিপৰীতে বিৰোধী জোঁট ’ইণ্ডিয়া’ই ধনুত টংকাৰ দিয়াৰ সমসাময়িকভাৱে অসমতো এঘড়ী যুঁজ দিয়াৰ বাবে কঁকাল পোনাই সাজু হৈছে শাসক আৰু বিৰোধী পক্ষ ৷ উজনি অসমত এক নিৰ্ণায়ক ভূমিকা লোৱা বাগিচাৰ ভোটাৰ ৰাইজৰ মাজত সোমাই নিজৰ হেৰুৱা ভেঁটি পুনৰুদ্ধাৰৰ বাবে কংগ্ৰেছ দলে ইতিমধ্যে আৰম্ভ কৰিছে ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী ৷ অনুৰূপ ধৰণে বিজেপি নেতৃত্বাধীন ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ শিবিৰতো তৎপৰতা বৃদ্ধি পাবলৈ ধৰিছে৷ ইফালে ’কেছ ফৰ জব’ কেলেংকাৰী, নেত্ৰীৰ আত্মহনন, ন-পুৰণিৰ সংঘাতকে ধৰি অন্দৰমহলত আলোড়ন তোলা একাধিক বিতৰ্কই যাতে সাধাৰণ নিৰ্বাচনৰ আগমুহূৰ্তত দলটোৰ ক্ষতি নকৰে তাৰবাবে সংকট মোচন অভিযান চলাবলৈ বাধ্য হৈছে বিজেপি দলৰ কেন্দ্ৰীয় নেতৃবৰ্গ৷ এই সন্ধিক্ষণতে অহা ২ ছেপ্তেম্বৰত তিনিচুকীয়াত আয়োজন কৰা হৈছে বিজেপি মিত্ৰজোঁটৰ এক জৰুৰী বৈঠক ৷ তিনিচুকীয়াৰ বাইপাছস্থিত নৱনিৰ্মিত কনভেনচন চেণ্টাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই বৈঠক ৷ খোদ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলগীয়া উক্ত বৈঠকত বিজেপিৰ লগতে মিত্ৰ দলৰ সাংসদ, বিধায়কসকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি প্ৰকাশ৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন আগুৱাব পাৰে বুলি চৰ্চা চলি থকাৰ সময়তে বিজেপি তথা মিত্ৰজোঁটৰ এই তৎপৰতা লক্ষ্যনীয় হৈছে৷ সূত্ৰমতে শনিবাৰৰ বৈঠকক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে ৷ কিয়নো আগন্তুক সাধাৰণ নিৰ্বাচনক উদ্দেশ্য কৰি শাসকীয় মিত্ৰজোঁটৰ ৰণকৌশল কি হোৱা উচিত তাক এই বৈঠকতে নিৰ্ধাৰণ কৰা হ’ব ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More