গোৱালপাৰাৰ মঘো গাঁৱত পামচু মহোৎসৱ আৰম্ভ

0 57

গোৱালপাৰা,৩০ আগষ্ট: ৰাভা লোক-সংস্কৃতিত পৰম্পৰাভাবে ব্যৱহৃত হৈ অহা এবিধ গছ– পামচু। এই গছজোপাত ৰঙাবৰণৰ ফুল ফুলে।মৃতকৰ আত্মাৰ চিৰ শান্তিৰ বাবে এইবিধ গছজোপাৰ নামেৰে গীত পৰিবেশন কৰা হয়। সেই পৰম্পৰাকে উজ্জ্বীৱিত কৰি ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সহযোগত আৰু খি’ছান নালা নামৰ সাংস্কৃতিক কেন্দ্ৰ, অসমৰ উদ্যোগত আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে মঘো গাঁৱত আৰম্ভ হৈছে পামচু মহোৎসৱ ।এই মহোৎসৱত জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ সুদৃঢ় কৰাৰ লক্ষ্য-উদ্দেশ্যেৰে ভিন্ন জনগোষ্ঠীয় শিল্পী দলৰ দ্বাৰা নৃত্য-গীত আদি প্ৰদৰ্শন কৰা হয় ।আজি মঘো গাওঁখন উৎসৱমুখৰ হৈ পৰে । ৰাকেশ ৰাভাৰ ছাথাৰ নৃত্য আৰু অনুপ চৌধুৰীৰ কুশান নৃত্যই উপস্থিতি দৰ্শক শ্ৰোতাক আপ্লুত কৰে ।পুৱাৰে পৰা বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা পামচু মহোৎসৱৰ মূল কাৰ্য্যসূচী আবেলি দুই বজাৰ পৰা আৰম্ভ হয় । অনুষ্ঠানত খি’ছান নালাৰ পৰিচালক হেমন্ত দ্বিপকায়ে ৰাভা সংস্কৃতিক জীপাল কৰি ৰখা ‘পামচু’ৰ সন্দৰ্ভত বিস্তৃভাবে আলোকপাত কৰে।এজোপা মূল্যবান গছৰ নামকৰণেৰে অনুষ্ঠিত কৰা মহোৎসৱৰ প্ৰতি সংস্কৃতিপ্ৰেমীৰ সহাঁৰি বিচাৰে খি’ছান নালাৰ পৰিচালকজনে । বিশিষ্ট ব্যক্তি ধনঞ্জয় ৰাভাই পৰিচালনা কৰা অনুষ্ঠানত সাংবাদিকদ্বয় ৰছিদুল হুছেইন আৰু দেৱদত্ত ৰাভাই আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে । মহোৎসৱত স্থানীয় ৰাইজ ব্যাপক হাৰত অংশগ্ৰহণ কৰে  ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More