শোণিতপুৰত কীটনাশক আৰু সাৰৰ বিপণিত জিলা টাস্ক ফ’ৰ্চৰ পৰিদৰ্শন

0 16

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১৩ আগষ্ট: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জিলা টাস্ক ফ’ৰ্চৰ এটা দলে জিলাখনৰ ১৫ টা কৃষি উন্নয়ন চক্র ক্ৰমে- ৰাক্ষসমাৰী কৃষি উন্নয়ন চক্র, ঢেকিয়াজুলি, মিছামাৰি, বিন্দুকুৰী, ঠেলামৰা, ভগামন্দিৰ, চিৰাজুলী, বিহগুৰী, ডিপোটা, ঘোৰামাৰি, বালিপাৰা, চাৰিদুৱাৰ, জামুগুৰি, চিলাবন্ধা, ঢলাইবিল কৃষি উন্নয়ন চক্রৰ কীটনাশক আৰু সাৰৰ খুচুৰা আৰু পাইকাৰী বিপণিসমূহ পৰিদৰ্শন কৰি বিক্ৰেতাসকলক নিষিদ্ধ কীটনাশক কোনো কাৰণতে বিক্ৰী নকৰিবলৈ কঠোৰভাৱে সকীয়াই দিয়াৰ লগতে কৃষি বিভাগৰ পৰামৰ্শ অনুসৰিহে কৃষকসকলক ৰাসায়নিক কীটনাশক দ্ৰব্য বিক্ৰী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । ইয়াৰ উপৰিও কীটনাশক, সাৰৰ খুচুৰা আৰু পাইকাৰী বিপণিসমূহৰ বিক্ৰেতাসকলে কীটনাশক প্ৰয়োগ আৰু বিক্ৰীৰ ক্ষেত্রত নিৰ্দিষ্ট নীতি নিৰ্দেশনাসমূহ পালন কৰিছেনে নাই এই সমূহ দিশ পৰ্যবেক্ষণ কৰাৰ লগতে উপযুক্ত নথি-পত্র সমূহ লগত ৰাখিবলৈ সতৰ্ক কৰি দিয়ে জিলা টাস্ক ফ’ৰ্চৰ দলটোৱে । জিলা কৃষি বিষয়া পঙ্কজ কুমাৰ শইকীয়াৰ নেতৃত্বত পৰিদৰ্শনকাৰী দলটোত জিলাখনৰ কৃষি উন্নয়ন বিষয়াসকল আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকল, জিলা মিডিয়া বিশেষজ্ঞ বিতোপন শইকীয়া উপস্থিত থাকে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More