যোৰহাটত যুৱবিজ্ঞানী ড° প্ৰণৱজ্যোতি চেতিয়ালৈ শ্ৰদ্ধাঞ্জলি বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ

0 27

যোৰহাট, ১৩ আগষ্ট : ৰাজ্যৰ এগৰাকী যুৱ বিজ্ঞানী, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ সদ্যপ্ৰয়াত তত্বাৱধায়ক ড° প্ৰণৱজ্যোতি চেতিয়াক আজি আনুষ্ঠানিক ভাৱে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিভাগীয় মন্ত্ৰীগৰাকীয়ে আজি আগবেলা যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত আয়োজিত ড০ চেতিয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৱা ১১ আগষ্টত অকালতে মৃত্যুক সাৱটি লোৱা যুৱ বিজ্ঞানী তথা যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰতিষ্ঠাপক তত্বাৱধায়কগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। দেওবাৰে যোৰহাট বিজ্ঞানকেন্দ্ৰ আৰু তাৰকাগৃহৰ লগতে অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখা, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ যোৰহাট শাখা আৰু যোৰহাট জিলা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ যৌথ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী মহন্তই সদ্যপ্ৰয়াত যুৱ বিজ্ঞানী ড০ চেতিয়াই ৰাজ্যত বিজ্ঞানক জনপ্ৰিয় কৰাৰ লগতে নৱপ্ৰজন্মক বৈজ্ঞানিক অনুসন্ধিৎসা তথা চিন্তাধাৰাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ দিশত চলোৱা আন্তৰিক প্ৰয়াসৰ বিষয়ে স্মৰণ কৰে। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ লোকক অধিক আকৰ্ষিত কৰাত বিশেষ ভাৱে মনোনিৱেশ কৰা যুৱবিজ্ঞানী গৰাকীৰ দক্ষতাক প্ৰশংসা কৰি মন্ত্ৰী মহন্তই কয়, ‘ড° চেতিয়াই দুৰদৰ্শিতা আৰু বিচক্ষণ চিন্তাধাৰাৰে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনক সমৃদ্ধ কৰিছিল৷ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটো সৰ্বাংগসুন্দৰ কৰাৰ ক্ষেত্ৰত একাত্মভাৱে মনোনিৱেশ কৰিছিল৷ নৱ প্ৰজন্মই মহাকাশ বিজ্ঞানৰ উপৰি বৈজ্ঞানিক অনুসন্ধিৎসা জাগৰণ বিষয়ক নতুন নতুন ধাৰাসমূহৰ বিষয়ে যাতে সম্যক জ্ঞান লাভ কৰিব পাৰে, তাৰ বাবে বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহটো অত্যাধুনিক কৰি তোলাৰ দিশত পৰিকল্পনা যুগুতোৱাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগক তেওঁ বিশেষ ভাৱে সহযোগিতা আগবঢ়াইছিল। তেওঁৰ অকাল বিয়োগ আমাৰ বিভাগৰ বাবেও এক অপূৰণীয় ক্ষতি।’ ৰাজ্যখনৰ বিজ্ঞান আৰু তাৰকাগৃহসমূহক সময়সাপেক্ষ ৰূপত আগুৱাই নিয়াৰ বাবে ড০ চেতিয়াই কৰা বিভিন্ন পৰিকল্পনাৰ বিষয়েও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভাগীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More