শোণিতপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা

 বিহগুৰিত পথ অৱৰোধ যুৱ ছাত্ৰ পৰিষদৰ

0 12

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুলাইঃ তেজপুৰৰ মিছন চাৰিআলি ঢেকিয়াজুলি তথা কামৰূপ সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ মেৰামতিৰ দাবীত আজি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰৰ সমীপত দুঘন্টা সময় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিয়ে৷আজি পুৱা ১০বজাৰ পৰা দুপৰীয়া ১২বজালৈকে ৰূপায়িত এই পথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় পথটোৰ দুয়োদিশে অসংখ্য যানবাহন আৱদ্ধ হৈ পৰে৷উল্লেখযোগ্য যে,তেজপুৰৰ মিছন চাৰিআলিৰ পৰা ঢেকিয়াজুলি পৰ্যন্ত অধিক শোচনীয় হৈ পৰা ৰাষ্ট্ৰীয় পথটোৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত সৰ্বসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অতি বিৰক্তিকৰ আৰু ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷এই ৰাষ্ট্ৰীয় পথটোৰ এনে শোচনীয় অৱস্থা সন্দৰ্ভত ইতিমধ্যেই সংবাদ মাধ্যমত বহুসংখ্যক বাতৰি প্ৰকাশ পাইছে যদিও ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ গা লৰা নাছিল৷ উল্লেখযোগ্য যে,ব্যৱসায় বাণিজ্য,শিক্ষা তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল,কৰ্কট চিকিৎসা কেন্দ্ৰৰ দৰে গুৰুত্বপূৰ্ণ স্বাস্থ্য প্ৰতিষ্ঠানলৈ অহা প্ৰতিজন লোকে ৰাষ্ট্ৰীয় পথটোৰ বাবে জীয়াতু ভূগীবলগীয়া হোৱাৰ উপৰি দৈনিক এই পথৰে যাতায়াত কৰিবলগীয়া হোৱা হেজাৰ হেজাৰ যানবাহন তথা ৰাইজে যন্ত্ৰণা সহ্য কৰিবলগীয়া হৈ আহিছে৷ৰাষ্ট্ৰীয় পথচোৱাৰ বিধ্বস্ত অৱস্থা দৈনিক অধিক বিপজ্জনক হৈ অহাৰ পাছতো সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ধৰণৰ মেৰামতিৰ পদক্ষেপ গ্ৰহণ নকৰিলে৷ইপিনে মিছন চাৰিআলিত সম্প্ৰতি উৰণীয়া সেঁতু নিৰ্মাণৰ কাম আৰম্ভ হোৱাত এই বিধ্বস্ত পথৰ বাবে ৰাইজৰ সমস্যা দুগুণ বৃদ্ধি পাইছে৷তদুপৰি,ৰাষ্ট্ৰীয় পথটোত থকা বহুসংখ্যক গতিৰোধকে জৰাজীৰ্ণ পথচোৱাত ভূতৰ ওপৰত দানব পৰাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ কৰে আৰু আজি ইয়াৰে পৰিত্ৰাণ বিচাৰি যুৱছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিয়ে ১৫নম্বৰ ৰাষ্ট্ৰীয় পথটোৰ মেৰামতিৰ দাবীত পথ অৱৰোধ কৰে৷ৰাষ্ট্ৰীয় পথৰ মাজত অৱস্থান গ্ৰহণ কৰা যুৱছাত্ৰ পৰিষদৰ কৰ্মী সকলে দুঘন্টা সময় ৰাষ্ট্ৰীয় পথটো অবৰোধ কৰাৰ বিষয়ে জানিব পাৰি অবৰোধস্হলিত কাৰ্যবাহী দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হয়৷ প্ৰতিবাদকাৰী সকলে তেজপুৰ সদৰ ৰাজহচক্ৰ বিষয়াৰ জৰিয়তে যুৱছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিকৰ সভাপতি তথা সাধাৰণ সম্পাদক প্ৰদীপ নাথ আৰু ৰোমান মহন্ত স্বাক্ষৰিত এক স্মাৰকপত্ৰ শোণিতপুৰৰ উপায়ুক্তলৈ প্ৰেৰণ কৰি ৰাষ্ট্ৰীয় পথ আন্তঃগাঁথনি উন্নয়ন সংস্হাৰ দ্বাৰা জৰাজীৰ্ণ পথচোৱাৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ আনহাতে স্মাৰকপত্ৰ গ্ৰহণ কৰি ৰাজহচক্ৰ বিষয়াগৰাকীয়ে অহা তিনিদিনৰ ভিতৰত পথচোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব বুলি অবৰোধকাৰী সকলক অৱগত কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More