ডেৰাডুনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্যোগত দুদিনীয়া স্বাস্থ্য চিন্তন শিবিৰ

বিষয়ভিত্তিক অধিবেশনত সহসঞ্চালকৰূপে অংশগ্ৰহণ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

0 28

ডেৰাডুন, ১৪ জুলাই : কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াৰ অধ্যক্ষতাত সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলক লৈ গঠিত ‘কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদ’ (চি চি এইচ এফ ডব্লিউ)ৰ পঞ্চদশ সন্মিলন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ডৰ ৰাজধানী ডেৰাডুনত আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত ‘স্বাস্থ্য চিন্তন শিবিৰ’ শীৰ্ষক চিচিএইচএফডব্লিউৰ এই সন্মিলনত স্বাস্থ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলেও অংশগ্ৰহণ কৰিছে। এই ৰাষ্ট্ৰীয় স্বাস্থ্য চিন্তন শিবিৰত অসমৰ স্বাস্থ্য বিভাগৰ উচ্চস্তৰীয় প‌্ৰতিনিধি দলক নেতৃত্ব দিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। অসমৰ পৰা মন্ত্ৰী মহন্তৰ সৈতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, এনএইচএম অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, কাৰ্যবাহী সঞ্চালক তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰীয়েও অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে, ডেৰাডুনৰ হায়াট ৰিজেঞ্চী হোটেলত আজি দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মান্দাভিয়াই চিচিএইচএফডব্লিউৰ সন্মিলনখন উদ্বোধন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰীদ্বয় ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ আৰু এছ পি সিং বাঘেলৰ লগতে অসমকে ধৰি বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকল উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ পাছতে আয়োজিত স্বাস্থ্য চিন্তন বৈঠকৰ প্ৰথমখন বিষয়ভিত্তিক আলোচনা সভাত অসমৰ স্বাস্থ্যমন্ত্ৰী মহন্তই অন্যতম সহ-সঞ্চালকৰ দায়িত্ব বহন কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা চিচিএইচএফডব্লিউৰ অধ্যক্ষ ড০ মান্দাভিয়াৰ প্ৰধান সঞ্চালনাত হোৱা এই বিষয়ভিত্তিক আলোচনা সভাখনত স্বাস্থ্যমন্ত্ৰী মহন্তৰ লগতে চিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী বাঘেল আৰু উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ডাঃ ধনসিং ৰাৱাটেও সহ সঞ্চালক ৰূপে অংশগ্ৰহণ কৰে। আলোচনা সভাত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী স্বাস্থ্য নিশ্চয়তা আঁচনি ‘আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ (এবি পিএমজেএৱাই) আৰু ‘আয়ুস্মান ভাৰত ডিজিটেল মিছন’ৰ কাৰ্য ৰূপায়ণকলৈ বিতংকৈ চৰ্চা কৰা হয়। কাইলৈ শিবিৰৰ দ্বিতীয় দিনাৰ বিষয়ভিত্তিক আলোচনা সভাসমূহত ‘আয়ুস্মান ভাৰত’ যোজনাৰ আন দুটা মূল উপাদান ‘স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ’ আৰু ‘প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাথঁনি মিছন’ৰ উপৰি দেশৰ স্বাস্থ্যসেৱা খণ্ডৰ গুৰুত্বপূৰ্ণ দিশসমূহ পৰ্যালোচনা কৰা হব। তদুপৰি, ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচী, মিজলছ-ৰুবেলা নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতি, ৰাজ্যসমূহত চিকিৎসা বিজ্ঞান, নাৰ্ছিং তথা আন সহযোগী পেৰামেডিকেল শিক্ষা ব্যৱস্থাৰ খতিয়ানৰ উপৰি দেশৰ শেহতীয়া স্বাস্থ্য পৰিস্থিতিকলৈও ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মান্দাভিয়াই চৰ্চা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More