শোণিতপুৰৰ সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীক আৱণ্টনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব আৰটিআই কৰ্মীয়ে

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ আগষ্ট: শোণিতপুৰৰ সোণাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ বেদখলকাৰীক বন আইন ভংগ কৰি চৰকাৰী ভাবে আৱণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে আৰটিআই কৰ্মী দিলীপ নাথে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷ আগষ্টৰ ভিতৰতে বনধ্বংসৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি বনধ্বংসৰ এনে ঘটনা একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত এনে কাৰ্য কৰা হোৱা বুলি অভিযোগ কৰি আজি তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত আয়োজিত এক সংবাদমেলত নাথে কয় যে,যি সময়ত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি বিভিন্ন চৰচাপৰিত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে সেই সময়ত সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলৰ ভূমি বেদখলকাৰী এহেজাৰ তিনিশ এটা পৰিয়ালক গতাই দিছে৷নাথে আজি এই সকল ভূমি প্ৰাপকৰ ১০হেজাৰ নথি সংবাদমেলত প্ৰদৰ্শন কৰি তথ্যসহকাৰে কয় যে,এই প্ৰতিটো পৰিয়ালৰ আবেদনৰ নথিত তলতীয়া বনকৰ্মী সকলে পূৰণ কৰা স্হানত বেদখলকাৰী হিচাপে স্পষ্ট ভাবে উল্লেখ আছে৷নাথে আৰু কয় যে,শোণিতপুৰৰ খাদ্য আৰু অসামৰিক যোগানবিভাগৰ তদানীন্তন যুটীয়া সঞ্চালক ৰত্নেশ্বৰ বসুমতাৰীয়ে ২০১২ৰ চাৰি ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰাৰ আগদিনা অৰ্থাৎ সেই বছৰৰ তিনি ফেব্ৰুৱাৰীত হাতে লিখি ১৩জন সুলভমূল্যৰ এজেন্টক অনুজ্ঞাপত্ৰ দিয়ে আৰু এই সকল এজেন্টৰ পৰা লাভ কৰা ৰেছন কাৰ্ডৰ প্ৰতিলিপিৰেই বনাঞ্চলৰ ভূমিৰ বাবে আবেদন কৰে৷নাথে কয় যে বন আইন মতে বনাঞ্চলত ৭৫বছৰে বাস কৰা লোককহে ভূমিৰ অধিকাৰ দিব লাগে য’দিও সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলত ২০১৪ৰ ভোটাৰ পৰিচয়পত্ৰ,ৰেছনকাৰ্ড আদিৰেই ভূমি লাভ কৰে৷তেওঁ কয় যে,এই দুখন বনাঞ্চলত ১৯৯৬ৰ পৰা ২০০২ৰ ভিতৰত ব্যাপক বেদখল হৈছিল আৰু সেয়ে ইয়াত উচ্ছেদ চলিছিল বহুবাৰ৷এনে ক্ষেত্ৰত এইসকল যে ৭৫বছৰ বাস কৰা লোক নহয় সেয়া স্পষ্ট৷কিন্তু ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘলৰ ভোটবেংক গঢ়াৰ স্বাৰ্থত আৰু মন্ত্ৰীক সন্তুষ্ট কৰাৰ উদ্দেশ্যে শোণিতপুৰৰ একাংশ প্ৰশাসনীয় বিষয়া আৰু বনবিষয়াই সকলো জানিও অবৈধ ভাবে শোণিতপুৰ জিলাৰ ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ তদানীন্তন বিষয়া দ্যুতিভা বৰাই আবেদনকাৰী সকলৰ সন্দৰ্ভত ঢেকিয়াজুলি বনাঞ্চলিক কাৰ্যালয়ৰ পৰা দিয়া নথিত বেদখলকাৰী বুলি উল্লেখ থকা সত্বেও ইয়াত অনুমোদন জনোৱাৰ লগতে শোণিতপুৰৰ বন প্ৰাধিকাৰী আৰু জিলা আয়ুক্তই ইয়াৰ অনুমতি প্ৰদান কৰি বেদখলকাৰীক বনাঞ্চলৰ মাটি গতাই দিয়াৰ পথ প্ৰশস্ত কৰে৷নাথে কয় যে,ভাৰতীয় নাগৰিক হ’লেও সকলো বেদখলকাৰী একেই৷কিন্তু চৰকাৰে এইক্ষেত্ৰত দুমুখীয়া নীতি অৱলম্বন কৰি একাংশ ভাৰতীয় নাগৰিকক উচ্ছেদ আৰু একাংশক ভোটবেংকৰ স্বাৰ্থত বনধ্বংস কৰি সংস্হাপিত কৰিছে৷পাঁচ নৱেম্বৰত বনভূমি আৱণ্টনৰ একোখন নথি প্ৰদান কৰি বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালে সেয়ে তেওঁৰ নিৰ্দেশতেই এইকাম খৰতকীয়াকৈ কৰাৰ বাবে দ্যুতিভা বৰাক গামোচা পিন্ধাইছিল বুলি কয় আৰটিআই কৰ্মী নাথে৷তেওঁ কয় যে,বেদখলকাৰী হোৱা বাবেই এই অঞ্চলত যোৱা ৭৫বছৰে পঞ্চায়ত নিৰ্বাচন হোৱা নাছিল আৰু চৰকাৰী সাসুবিধাৰ পৰাও এইসকল লোক বঞ্চিত হৈছিল৷নাথে আৰু কয় যে শোণিতপুৰৰ দৰেই বিশ্বনাথতো একে ঘটনাই ঘটিছে আৰু তাত গৰু ছাগলী কিনা বেচা ৰছিদৰ প্ৰতিলিপিৰ আধাৰত বনাঞ্চলৰ ভূমি বেদখলকাৰীক আৱণ্টন দিয়া হৈছে৷এনে অনিয়মৰে শোণিতপুৰৰ দুখন গুৰুত্বপূৰ্ণ বনভূমি ধ্বংস কৰা চৰকাৰী এনে কাৰ্যৰ বিৰুদ্ধে সকলো দলসংগঠনে মাত মাতিব লাগিছিল যদিও বাস্তৱত সেয়া নোহোৱাত আক্ষেপ প্ৰকাশ কৰি নাথে কয় যে,জিলাখনৰ প্ৰাকৃতিক পৰিৱেশ আৰু ভৱিষ্যতৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ বাহিৰে ভৰষা কৰিব পৰা আৰু আন বিকল্প সম্প্ৰতি নায়৷ নাথে ইতিমধ্যেই আইন বিশেষজ্ঞৰ স’তে এই সন্দৰ্ভত আলোচনা কৰি আগষ্টত সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ত এই অবৈধ ভূমি আৱণ্টনৰ বিৰুদ্ধে গোচৰ দাখিল কৰিব বুলি আজিৰ সংবাদমেলত ঘোষণা কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More