সমুদ্ৰত ভাঁহি আহি অন্ধ্রৰ উপকূল পালে ৰহস্যময় ৰথৰ চূড়াই

ম্যানমাৰ,থাইলেণ্ড, মালয়েছিয়া আদিৰ বুলি সন্দেহ

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ মে’ : ঘূর্ণীবায়ু (Cyclone) ‘অশনি’ (Asani)ৰ প্ৰভাৱত কেলেঙ্কাৰি কাণ্ড অন্ধ্রৰ উপকূলত ! অশনিৰ ফলত সমুদ্রত ভাঁহি আহিল হঠাৎ ৰথৰ চূড়াৰ দৰে এক বিশালাকাৰ অংশ। এই দৃশ্য দেখা যায় অন্ধ্রপ্রদেশৰ শ্রীকাকুলাম জিলাৰ সুন্নাপল্লী উপকূলত। অনুমান কৰা হৈছে, সমুদ্রত ভাঁহি অহা ৰথৰ চূড়াৰ দৰে এক বিশালাকাৰ অংশটো ম্যানমাৰ, থাইলেণ্ড বা মালয়েছিয়াৰ হ’ব পাৰে। এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্য সৃষ্টি কৰিছে অন্ধ্রপ্রদেশৰ শ্রীকাকুলাম জিলাৰ সুন্নাপল্লী উপকূলৱর্তী এলেকাত। অসংখ্য গাঁওবাসী এই বিশালাকাৰ ৰথ চাবলৈ আহিছে। তেওঁলোকৰ মনতো অদ্ভুত কৌতূহলৰ উদ্ৰেক ঘটিছে। ১০ মে’ৰ সন্ধিয়া হঠাতেই অন্ধ্রপ্রদেশৰ শ্রীকাকুলাম জিলাৰ সুন্নাপল্লী উপকূলত বিশাল আকাৰৰ কিবা এটা ভাঁহি অহা দেখা যায়। উপকূললৈ আগুৱাই আহোতেই দেখা যায় যে, সেইটো আচলতে যেন সোণালী ৰঙৰ এক বৃহৎ ৰথৰেই চূড়া। গাঁওবাসীয়ে এই চূড়া ধৰি মেলি সমুদ্রৰ কাষলৈ লৈ আহে। এই চূড়াৰ লগত দক্ষিণ-পূব এছিয়াৰ মনেষ্ট্ৰিসমূহৰ অনেক মিল আছে। ঘূর্ণীবায়ু অশনিৰ ফলতেই এনে কাণ্ড হৈছে বুলি সন্দেহ কৰা হৈছে। স্থানীয় নাৱিকসকলৰ মতে, অশনিৰ ফলত সৃষ্টি হোৱা সমুদ্রৰ বৰ বৰ ঢৌৱেই ৰথখন উটুৱাই লৈ আহিছে। সোণালী এই ৰথৰ খবৰ পোৱা লগে লগেই অন্ধ্রপ্রদেশৰ শ্রীকাকুলাম জিলাৰ সুন্নাপল্লী উপকূল লোকাৰণ্য হৈ পৰে। মূলতঃ দক্ষিণ আন্দামান সাগৰৰ ওপৰত প্রথম নিম্নচাপ সৃষ্টি হোৱাত আন্দামান সাগৰৰ নিকটৱর্তী দেশ যেনে ম্যানমাৰ, থাইলেণ্ড, মালয়েছিয়া, ইন্দোনেছিয়াত সমুদ্র তৰঙ্গই হয়তো এনে কাণ্ড ঘটাব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More