সীমা সমস্যাঃডিব্ৰুগড়ৰ অৰুণাচল ভৱনত অসম-অৰুণাচল আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

0 10
শতাব্দ প্ৰতনিধি‍, তিনিচুকীয়া, ২৯ ছেপ্টেম্বৰঃ “নামচাই ঘোষণা পত্ৰ” অনুসৰি আৰু শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলসমূহৰ যুটীয়া পৰিদৰ্শনৰ পাছত আজি ডিব্ৰুগড়স্থিত অৰুণাচল ভৱনত তিনিচুকীয়া, নামচাই, নামনি দিবাং ভেলী আৰু লোহিত জিলাৰ বাবে গঠিত অসম আৰু অৰুণাচল আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ক দাখিল কৰিবলগীয়া আঞ্চলিক সমিতিৰ চূড়ান্ত প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা হয়৷ ইয়াৰোপৰি আগন্তুক ১৫ অক্টোবৰৰ ভিতৰত দুয়োখন আঞ্চলিক সমিতিয়ে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ক যুটীয়া প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্তও আজিৰ বৈঠকত গ্ৰহণ কৰা হয় ৷ অসম চৰকাৰৰ কৃষি তথা সীমা সুৰক্ষা ও উন্নয়ন মন্ত্ৰী অতুল বৰাই উক্ত জিলাকেইখনৰ সৈতে সম্পৰ্কিত বেছিভাগ সীমা সমস্যা ইতিমধ্যে পাৰস্পৰিক আলোচনাৰ মাজেৰে সুকলমে মীমাংসাৰ দিশত আগবাঢ়িছে বুলি উল্লেখ কৰে ৷ লগতে অতি সোনকালেই দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যাই স্থায়ী সমাধানৰ ৰূপ ল’ব বুলি কয়৷ আজিৰ বৈঠকত অৰুণাচল প্ৰদেশৰ উপমুখ্যমন্ত্ৰী চৌনা মে’, মন্ত্ৰী আল’ লিবাং, দুয়োখন ৰাজ্যৰ বিধায়কসকল ক্ৰমে বলিন চেতিয়া, গাম টায়েং, কাৰিখ’ ক্ৰী, জিংনু নামচুম, জুম্মুম এটে দেউৰী, মুটচু মিথিৰ উপৰি তিনিচুকীয়া, ডিব্ৰুগড়, নামচাই, লোহিত আৰু ৰয়িং জিলাৰ উপায়ুক্তসকলৰ লগতে কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক তথা দুয়োখন ৰাজ্যৰ একাধিক জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More