মেছি-ৰ’নাল্ডোৰ লগতে সুনীল ছেত্ৰীক স্বীকৃতি ফিফাৰ

0 6
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ছেপ্টেম্বৰঃ ভাৰতৰ এজন ৰাজ্যপালে ফটোত নিজক ভালকৈ ৰাখিবলৈ গৈ তেওঁক ঠেলি দিছিল; কিন্তু বিশ্ব ফুটবলৰ সৰ্বোচ্চ শাসকীয় সংস্থাই সুনীল ছেত্ৰীক প্ৰাপ্য সন্মান দিয়াত কৃপণালি নকৰিলে। সুনীল ছেত্ৰীৰ জীৱন আৰু কেৰিয়াৰক লৈ ফিফাই এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি থকা বুলি বহুদিনৰ পৰা চৰ্চা চলি আহিছে। অৱশেষত কিছুদিন পূৰ্বে ফিফাই বিষয়টো সকলোৰে আগলৈ আনিলে। মেছি আৰু ৰোনাল্ডোৰ সৈতে তেওঁৰ ফটো পোষ্ট কৰি তেওঁক সন্মান জনাই ফিফাই ঘোষণা কৰে যে জাৰ্চিত দেশৰ তৃতীয় সৰ্বাধিক গ’লদাতা সুনীল ছেত্ৰীৰ উত্থান-পতনৰ ওপৰত এক শৃংখলা সৃষ্টি কৰা হৈছে। যিকোনো ব্যক্তিয়ে FIFA+ত লগ ইন কৰি ধাৰাবাহিকখন উপভোগ কৰিব পাৰে। ফিফাই সুনীল ছেত্ৰীৰ সন্দৰ্ভত এটা অফিচিয়েল পোষ্টত কয়— ‘‘ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ’ মেছিৰ কাহিনী আপোনালোক সকলোৱে জানে। এতিয়া আপোনালোকে জানিব পাৰিব আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ তৃতীয় সৰ্বাধিক গ’লদাতা ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীৰ জীৱনৰ বিষয়ে। তেওঁৰ জীৱনৰ ওপৰত আধাৰিত ধাৰাবাহিক Captain Fantastic এতিয়া FIFA+ত উপলব্ধ।” ফিফাৰ এই ঘোষণাৰ পিছতে ২৮ ছেপ্টেম্বৰ বুধবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই টুইটটো ৰিটুইট কৰি সুনীল ছেত্ৰীক অভিনন্দন জনায়। ভাৰতীয় অধিনায়কগৰাকীক সম্বোধন কৰি তেওঁ কয়— “সুনীল ছেত্ৰীয়ে এক সুন্দৰ কাম কৰিছে। তেওঁৰ এই সাফল্যই ভাৰতত ফুটবলৰ জনপ্ৰিয়তা বৃদ্ধি কৰাত সহায় কৰিব।” প্ৰসংগক্ৰমে উল্লেখ্য যে সুনীল ছেত্ৰীয়ে এতিয়ালৈকে দেশৰ জাৰ্চিত ১৩১খন খেল খেলিছে। ২০০৫ চনত আন্তঃৰাষ্ট্ৰীয় ফুটবলত তেওঁৰ অভিষেক ঘটে। আন্তঃৰাষ্ট্ৰীয় ফুটবলত ক্ৰিষ্টিয়ানো ৰোনাল্ডো (১১৭) আৰু লিয়নেল মেছি (৯০)ৰ পিছত তেওঁ সৰ্বাধিক গ’ল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এই মুহূৰ্তত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় গ’লৰ সংখ্যা হৈছে ৮৪টা।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More