সোৱণশিৰি বান্ধৰ নিৰ্মাণ সম্পূৰ্ণঃ সামগ্ৰিক অগ্ৰগতি ৯০ শতাংশ

২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছিল

0 86
  • আগন্তুক মাৰ্চ মাহৰ পৰা বিদ্যুৎ উৎপাদন আৰম্ভ হ’ব
  • বছৰি উৎপাদন হ’ব ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি
  • ২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ
  • ১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈ উঠিল বান্ধ
  • নিৰ্মাণ সম্পূৰ্ণ হোৱালৈ প্ৰায় ১৯ হাজাৰ কোটি টকা ব্যয়

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৩০ জুনঃ ৰাইজৰ ব্য়াপক প্ৰতিবাদৰ পিছতো চৰকাৰী কৌশলী ৰাজনীতিৰে অৱশেষত নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণৰ কাম শেষ হল বুলি ঘোষণা কৰিছে এন এইচ পি চিয়ে।  ২০০৪ চনত গেৰুকামুখত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নামনি সোৱণশিৰি বান্ধৰ নিৰ্মাণৰ কাম অৱশেষত সম্পূৰ্ণ হ’ল বুলি এন এইচ পি চিৰ উপ মহাপ্ৰৱন্ধক [জনসম্পৰ্ক] সঞ্জীৱ কুমাৰ গুলেৰিয়াই এক বিবৃতিৰে এই কথা সদৰী কৰিছে৷ উল্লেখ্য যে ২০০০ মেগাৱাট শক্তি সম্পন্ন সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো কালি (২৯-০৬-২০২৩) ১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈ উঠিল বুলি জানিবলৈ দিয়াৰ লগতে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যত জড়িত থকা সকলো বিষয়া-কৰ্মচাৰী, শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই সম্ভৱপৰ হৈ উঠিল বুলি উপ-মহাপ্ৰৱন্ধকজনে উল্লেখ কৰে৷IMG 20230630 WA0004 উল্লেখনীয় কথা যে এন এইচ পি চি লিমিটেডে ২০০৪ চনৰ ১২ অক্টোবৰত বন মন্ত্ৰালয়ৰ অনুমোদনৰ পিছতে ২০০৫ চনৰ জানুৱাৰী মাহৰ পৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল৷ প্ৰথম অৱস্থাত এই প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় ৬৫০০ কোটি টকা আছিল যদিও বান্ধ নিৰ্মাণ হোৱালৈ প্ৰায় ১৯ হাজাৰ কোটি টকাৰ প্ৰয়োজন হয়৷ লক্ষণীয় কথা যে প্ৰথম অৱস্থাত বৃহৎ নদীবান্ধ প্ৰকল্পটো নিৰ্মাণৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টি এম পি কে আদি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ জনোৱাৰ ফলস্বৰূপে ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯ চনৰ অক্টোবৰ মাহলৈ এন এইচ পি চিৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ আছিল৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে প্ৰকল্পটো পুনৰ নিৰ্মাণৰ বাবে অনুমোদন জনোৱাত ২০১৯ চনৰ ১৫ অক্টোবৰৰ পৰা বান্ধৰ কাম পূৰ্ণ গতিত আৰম্ভ হোৱাৰ পিছত আজিৰ তাৰিখত বান্ধ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে৷ মূল বান্ধৰ ১১৬ মিটাৰ উচ্চতা সম্পূৰ্ণ হোৱাৰ সমান্তৰালভাৱে প্ৰকল্পটোত এতিয়া পাৱাৰ হাউচ হাইড্ৰমেকানিকেল আদিৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়ি গৈছে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বান্ধ নিৰ্মাণৰ কাম শীৰ্ষ পৰ্যায়লৈ সম্পূৰ্ণ হৈ উঠাটো এক ডাঙৰ সাফল্য বুলি উপ মহাপ্ৰৱন্ধকজনে মন্তব্য কৰিছে৷ WhatsApp Image 2023 06 14 at 7.28.02 PM 2ইতিমধ্যে মুঠ প্ৰকল্পৰ সামগ্ৰিক কাম ৯০ শতাংশ সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰি বাৰিষাৰ পিছতে ৰেডিয়েল গেটৰ বাকী থকা কাম সম্পূৰ্ণ কৰাৰ পিছতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ তথা মাৰ্চ মাহৰ পৰা প্ৰকল্পটোত বিদ্যুৎ উৎপাদন কাৰ্য আৰম্ভ হ’ব বুলি সদৰী কৰিছে৷ উল্লেখ্য যে প্ৰকল্পটোৱে বছৰি প্ৰায় ৭৫০০ নিযুত একক বিদ্যুৎ শক্তি উৎপাদন কৰিব বুলি গুলেৰিয়াই অৱগত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More