হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ সপক্ষত ন্যায়ালয়ৰ ৰায়দান

0 55

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২ আগষ্ট : উত্তৰ লক্ষীমপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ(সদৰ)আদালতে আজি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসৰ সপক্ষত কৰা এক ৰায়দানক সংগঠনটোৱে আদৰণি জনাইছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদৰ লক্ষীমপুৰ জিলা সমিতিৰ সভাপতি যুগ্মজ্যোতি দত্ত আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰাই কয় যে, ২০২০ চনত লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ চৌহদত সংঘটিত এটি অবাঞ্চিত ঘটনাক কেন্দ্ৰ কৰি মিছা অভিযোগত পৰিষদৰ তদানীন্তন লক্ষীমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা বৰ্তমান কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাধৱ দাসৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই আৰক্ষীক দিয়া GR625/20 নম্বৰৰ এক গোচৰৰ তৰাত ২০২১ চনৰপৰা ধাৰাৱাহিক ভাৱে লক্ষীমপুৰৰ আদালতত গোচৰৰ শুনানি চলাৰ অন্তত গোচৰীয়া পক্ষই ন্যায়ালয়ত কোনো ধৰণৰ তথ্য প্ৰমাণ মাধৱ দাসৰ বিৰুদ্ধে দাঙি ধৰিব নোৱাৰাৰ ফলত আজি ন্যায়ালয়ে চূড়ান্ত ৰায়দানত দাসক নিৰ্দোষী হিচাবে স্বীকৃতি প্ৰদান কৰে। ন্যায়ালয়ৰ এই চূড়ান্ত ৰায়দানৰ পিছতে কেন্দ্ৰীয় সম্পাদক গৰাকীক ন্যায়ালয়ৰ চৌহদৰ পৰা কেন্দ্ৰীয় প্ৰতিনিধি সহ লক্ষীমপুৰ জিলা সমিতিৰ কাৰ্য্যকৰ্তাসকলে আদৰি আনে বুলি সংবাদ মাধ্যমক জনাবলৈ দিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More