তেজপুৰত এজাক শিশুৰ জৰিয়তে উদ্ভাসিত হ’ল ইতিহাসপ্ৰীতি

বাণ থিয়েটাৰত তিনিকুৰিতকৈ অধিক শিশুৰ দৃষ্টান্তমূলক প্ৰয়াস

0 11

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ আগষ্ট : ঐতিহ্য প্ৰীতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ অতি আশাব্যঞ্জক ভাৱে কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ তিনিকুৰিতকৈ অধিক শিশুৱে অসমৰ শৰাইঘাটৰ ৰণকে ধৰি জাতি সুৰক্ষাৰ সৰু – বৰ যুঁজত প্ৰাণ আহুতি দিয়া অলেখ বীৰৰ ত্যাগ – গাঁথাক সহস্ৰাধিক দৰ্শকৰ সন্মুখত পুনৰ সাৱলীল ৰূপত উদ্ভাসিত কৰি তুলিলে। উল্লেখ্য যে, বাণ থিয়েটাৰৰ উদ্যোগত যোৱা ১ জুলাইৰ পৰা পূৰ্বৰ দৰে মাহজোৰাকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ শিক্ষাৰ্থী সকলে নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী নাট সমাৰোহৰ কালি প্ৰথমখন নাটকত ভৱিষ্যতৰ একোগৰাকী সম্ভাৱনাপূৰ্ণ অভিনয় শিল্পী হোৱাৰ পথ প্ৰশস্ত কৰি তুলিলে “নজনা বীৰৰ মূৰ” নামৰ নাটকখনৰ জৰিয়তে ।ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ বিখ্যাত কবিতা “নজনা বীৰৰ মূৰ”ক কেন্দ্ৰ কৰি পূৰ্বৰ কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী ক্ৰমে মৃগাক্ষী মহন্ত, প্ৰিয়াক্ষী মধুকল্য, জাগৃতি কৌণ্ডিন্য, আদিত্য অংকুৰ নাথ ৰাজদ্বীপ বৰাৰ নাট্যৰূপক গৌতম পাঠক আৰু নিতুমণি কলিতাৰ বলিষ্ঠ পৰিচালনাৰে নাট সমাৰোহৰ প্ৰথম দিনটোতে প্ৰশিক্ষাৰ্থী সকলৰ মনপৰশা অভিনয়ৰে উপভোগ্য হৈ পৰিল নাটকখন। ভাৰত চৰকাৰৰ চি চি আৰ টিৰ বিশেষ স্বীকৃতি প্ৰাপ্ত মুখা শিল্পী ময়ূৰ কাঞ্চন বৰাৰ লগতে কুলেন বৰাৰ সুন্দৰ দৃশ্য সজ্জা, গৌতম পাঠক, পিযুষ মহন্ত আৰু হৃদয় কৃষ্ণ চৌধুৰীৰ সংগীত, নিতুমণি কলিতাৰ পোহৰ পৰিকল্পনা, বিপুল নাথৰ পোহৰ নিয়ন্ত্ৰণ, দিব্যজ্যোতি নাথৰ ৰূপসজ্জা আৰু ৰঞ্জনৰ শব্দৰে সামগ্ৰিক সফলতা লাভ কৰা নাটকখনত “এই মাটিতে মৰো যদি” শীৰ্ষক আনন্দিৰাম দাস, লক্ষহীৰা দাস ৰচিত আৰু ব্ৰজেন বৰুৱা সুৰাৰোপিত আকাশবাণী গুৱাহাটী কেন্দ্ৰত বাণীৱদ্ধ লক্ষহীৰা দাসে কন্ঠদান কৰা কালজয়ী গীতটো অতি অৰ্থপূৰ্ণ ভাৱে ব্যৱহাৰ কৰাৰ লগতে শিশু সকলৰ মাজত একমাত্ৰ মৰাণ বুঢ়াৰ চৰিত্ৰটি ৰূপায়ণ কৰে তেজপুৰৰ প্ৰবীণ অভিনেতা গিৰীশ বৰাই।অভূতপূৰ্ব দৰ্শকৰ উপস্থিতিত তেজপুৰৰ অসমীয়া ক্লাবৰ উপসভাপতি, বিশিষ্ট ক্ৰীড়াবিদ পংকজ বৰাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা নাটকখনৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক বাণ থিয়েটাৰৰ তৰফৰ পৰা একোখনকৈ মানপত্ৰও প্ৰদান কৰাৰ লগতে দুয়োগৰাকী পৰিচালকক বাণ থিয়েটাৰৰ তৰফৰ পৰা একোখনকৈ আৰনাইৰে সন্মান জনোৱা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More