১৩ বছৰ পিছত জেমছ কেমেৰুণৰ নতুন ‘অৱতাৰ’ আহি আছে ‘অৱতাৰ : দ্য ৱে অব লাইফ’

0 31
দাদুল দেৱকৃষ্ণ বৰুৱা
১৩ বছৰীয়া অপেক্ষা, কৌতূহল, আকর্ষণ হ্ৰাস পালে কমকৈ হ’লেও। মুক্তি পাইছে জেমছ কেমেৰুণ পৰিচালিত পৃথিৱী কঁপোৱা কথাছবি অৱতাৰৰ নতুন পর্ব— ‘অৱতাৰ : দ্য ৱে অব ৱাটাৰ’ৰ টিজাৰ। প্রথমখন অৱতাৰ (২০০৯) মুক্তিৰ ১৩ বছৰ পিছত পোৱা গ’ল দ্বিতীয়খন অৱতাৰৰ টিজাৰ। ছবিখন মুক্তি পাব ১৪ ডিচেম্বৰত আৰু ১৬ ডিচেম্বৰৰ পৰা চিনেমাখন চলিব উত্তৰ আমেৰিকাত। কেমেৰুণৰ কথাছবি মানেই কাহিনী, অভিনয়, সংলাপ, সম্পাদনা, কাৰিকৰী কলা-কৌশলৰ সুদৌল নিৰ্মাণ।
প্ৰথমে অৱতাৰ আৰু ডিজনীৰ ভেৰিফাইড ইউ টিউব আৰু ফেচবুক পেজত ১ মিনিট ৩৮ ছেকেণ্ডৰ টিজাৰ মুকলি কৰা হয়। সম্পূৰ্ণ টিজাৰত সংলাপ ৰখা হৈছে এটা। সেইটো হ’ল— ‘’মোৰ বিশ্বাস আছে, আমি য’তেই নাথাকো কিয়, এই পৰিয়ালটোৱে আমাক সুৰক্ষা দিব।’’ গতিকে এই সংলাপৰ পৰাই ধাৰণা কৰা হৈছে যে, পৰিয়ালক বেছ গুৰুত্ব দিয়া হ’ব এইবাৰৰ পর্বটোত। তদুপৰি ছবিখনৰ নাম আৰু টিজাৰ দেখি এইটোও ধাৰণা কৰা হৈছে যে, এইবাৰৰ পর্বটোৰ কাহিনী সজোৱা হৈছে পানী আৰু তাৰ ভিতৰত থকা জীৱনশক্তিক লৈ। টিজাৰ ট্রেলাৰ মুকলি অনুষ্ঠানত ছবিখনৰ প্রযোজক জন লাণ্ডাৱে (Jon Landau) কৈছিল— ‘’জেমছ কেমেৰুণৰ চিত্ৰনাট্য সকলো সময়তে সার্বজনীন। চাৰিখন চিকুৱেলৰ প্রতিখনৰ কেন্দ্রত থাকিব

1652151905262

 চুলি পৰিয়াল (Sully family)। প্রতিটো কাহিনী হ’ব সুকীয়া সুকীয়া আৰু সকলোবোৰৰে শেষো হ’ব ভিন্ন। প্রতিখন ফিল্মৰ বাবে এটা পৰিপূর্ণ ৰেজ্যুলিউচন থাকিব। আৰু চাৰিখন মিলি সৃষ্টি হ’ব এক বৃহত্তৰ মহাকাব্যিক কাহিনী।’’
জেক চুলি, নেইটিৰি আৰু তেওঁলোকৰ অৱতাৰ পৰিয়াল কেনেধৰণৰ সমস্যাৰ মুখামুখি হৈছে আৰু সেই সমস্যা কেনেদৰে মোকাবিলা কৰিছে তথা তাৰ সমাধান কৰিব পাৰিবনে নাই, সেয়া জানিবৰ বাবে এতিয়া এটাই মাথোঁ উপায়— অহা ডিচেম্বৰত মুক্তি পোৱালৈ কৰা অপেক্ষা। অৱশ্যে তাৰ পূৰ্বে সদ্য মুক্তিপ্ৰাপ্ত টিজাৰ চাই শিহৰিত হ’ব পাৰে। চাওক তলৰ লিংকত গৈ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More