২০২৮ চনৰ ভিতৰত চন্দ্ৰত ঘাটি নিৰ্মাণ কৰিব চীনে
পাৰমাণৱিক শক্তিৰে পৰিচালনাৰ পৰিকল্পনা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ নৱেম্বৰ : মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নাছাৰ আধিপত্যৰ প্ৰতি বৃদ্ধি পোৱা প্ৰত্যাহ্বানৰ অংশ হিচাপে চীনে ২০২৮ চনৰ ভিতৰত চন্দ্ৰত প্ৰথমটো ঘাটি স্থাপন কৰিব বিচাৰিছে, তাৰ পিছত পৰৱৰ্তী বছৰবোৰত তাত মহাকাশচাৰী অৱতৰণ কৰাব বিচাৰিছে। ‘কাইচিন’ৰ মতে চন্দ্ৰৰ ঘাটিটো সম্ভৱতঃ পাৰমাণৱিক শক্তিৰ দ্বাৰা চালিত হ’ব। চাং’ই ৬, ৭ আৰু ৮ মিছনে ইয়াৰ মূল বিন্যাস গঠন কৰা লেণ্ডাৰ, হপাৰ, অৰ্বিটাৰ আৰু ৰভাৰ নিৰ্মাণ কৰিব। চলিত সপ্তাহৰ আৰম্ভণিতে চিচিটিভিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কাৰ্যসূচীৰ মূল ডিজাইনাৰ ৱু ৱেইৰানে কয় যে, চীনা মহাকাশচাৰীসকল ১০ বছৰৰ ভিতৰত চন্দ্ৰলৈ যোৱাৰ সম্ভাৱনা আছে। তেওঁ দাবী কৰিছিল যে পাৰমাণৱিক শক্তিয়ে চন্দ্ৰৰ ঘাটিক দীৰ্ঘম্যাদী, উচ্চ শক্তিৰ প্ৰয়োজনীয়তা প্ৰদান কৰিব পাৰে। শেহতীয়া বছৰবোৰত চীনে মহাকাশ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে, চন্দ্ৰলৈ ৰ’ভাৰ প্ৰেৰণ কৰিছে, নিজাকৈ মহাকাশ কেন্দ্ৰ নিৰ্মাণ কৰিছে আৰু মংগল গ্ৰহক লক্ষ্য হিচাপে লৈছে। ফলত এতিয়া ই আমেৰিকাৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। মংগল গ্ৰহত নাছাৰ এখন ৰ’ভাৰ আছে আৰু ১৯৭০ চনত এপ’ল’ কাৰ্যসূচীৰ অন্ত পৰাৰ পিছত এই দশকত প্ৰথমবাৰৰ বাবে মানুহক চন্দ্ৰলৈ পঠোৱাৰ পৰিকল্পনা কৰিছে। চন্দ্ৰলৈ মহাকাশচাৰী পঠোৱাৰ উপৰি চীন আৰু আমেৰিকা দুয়োখন দেশে চন্দ্ৰত জীৱনক সহায় কৰিব পৰা বা মংগল গ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰিবলৈ সক্ষম কৰিব পৰা সম্পদৰ সুবিধা লাভৰ বাবে বিপুল পৰিমাণৰ ধন বিনিয়োগ কৰিছে। চীনে ২০১৯ চনত চন্দ্ৰৰ দূৰৈৰ ফালে ৰ’ভাৰ প্ৰেৰণ কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে প্ৰথম চন্দ্ৰৰ নমুনা লৈ উভতি আহিছিল। এই ঘাটিটোৱে চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমটো আউটপোষ্ট হিচাপে কাম কৰিব, যিটো গৱেষকসকলে পানী বিচাৰিবলৈ আদৰ্শ স্থান বুলি বিশ্বাস কৰে। চন্দ্ৰৰ সেই অঞ্চলটো নাছাৰো লক্ষ্য। ভৱিষ্যতে চীনে এই ঘাটিটোক বিশ্বব্যাপী গৱেষণাৰ সুবিধালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে।