জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই সদনত দিলে গুৰুত্বপূৰ্ণ মন্তব্য

অসমৰ ৩৫ খন জিলাৰ ২৩ খনতে বৰষুণৰ পৰিমাণ কমি অহা পৰিলক্ষিত হৈছে।

0 128
  • ঠাণ্ডা দিনৰ সংখ্যা কমি গৈছে আৰু গ্ৰীষ্ম প্রবাহ বাঢ়ি গৈছে
  • বৃষ্টিপাতৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত ভূগর্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে,
  • জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ দেওহাঁহৰ বাসস্থান বিপদাপন্ন হোৱাৰ আশংকা কৰা গৈছে

অসম বিধানসভাত আজি নিয়ম ৩০১ৰ অধীনত জলবায়ু পৰিৱৰ্তন বিষয়ত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ এখন জাননীৰ ক্ষেত্ৰত সদনত বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই  উত্তৰত কয় যে আজি সদনত নিয়ম ৩০১ ৰ অধীনত যি বিষয় উপস্থাপন কৰা হৈছে সেয়া অতি গুৰুত্বপূর্ণ বিষয় কিয়নো ইয়াৰ জৰিয়তে জলবায়ু পৰিবৰ্তনে আনিব পৰা সম্ভাব্য সমস্যাসমূহৰ গুৰুত্ব উপলব্ধি কৰিব পৰা যাব আৰু ই জনসচেতনতা বৃদ্ধিতো সহায় কৰিব। জলবায়ু পৰিবৰ্তন এটা গোলকীয় পৰিঘটনা। জলবায়ু পৰিবৰ্তনৰ সৈতে সংগতি থকা সেউজগৃহ প্রভাব, গোলকীয় উষ্ণতা বৃদ্ধি আদি নতুন কথা নহয়। স্বাভাৱিক কাৰণতো বায়ুমণ্ডলৰ তলৰ স্তৰত Carbon dioxide, Methane, Nitrous Oxide, Ozone আদি গেছৰ উপস্থিতিৰ বাবে পৃথিবীৰ বায়ুমণ্ডল গৰম হৈ থাকে। কিন্তু আমি জানো যে উদ্যোগ বিপ্লৱৰ পৰৱৰ্তী কালত বায়ুমণ্ডলত Carbon dioxide কে ধৰি সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত বিশেষভাবে প্রভাৱ পেলাইছে। এনে কিছু বিশেষ প্রভাব হৈছে গড় উষ্ণতা অধিক হোৱা, দীর্ঘদিনীয়া খৰাং, বনজুই, শক্তিশালী ধুমুহা, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি, হিমবাহৰ গলন ইত্যাদি। ইয়াৰ ফলস্বৰূপে ১৯০১ চনৰ পৰা ২০২০ চনৰ সময়ছোৱাত গোলকীয় উষ্ণতা প্রায় ১ ডিগ্রী চেলছিয়াছ বৃদ্ধি পাইছে। শেহতীয়া এক প্রতিবেদন” অনুসৰি, – ১৯৯৩ চনৰ পৰা বৰ্তমানলৈকে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ হাৰ ১.৭ mm/year ৰ পৰা ৩.২ mm/ year লৈ বৃদ্ধি পাইছে। ১৯৮০ চনৰ পৰা বিশ্বৰ ৩০ টা হিমবাহৰ ৬০ ফুটৰো অধিক সংকুচিত হৈছে। ১৯৫৮ চনৰ পৰা বায়ুমণ্ডলত Carbon dioxide ৰ পৰিমাণ প্রায় ২৫ শতাংশ বৃদ্ধি পাইছে। ১৮৯৬ চনতেই ছুইডেনৰ পদার্থ বিজ্ঞানী স্বান্টে আর্হেনিয়াছে ‘সেউজ-গৃহ-গেছ’ এই বিশেষ শব্দটো (term) বহুলভাবে চৰ্চা কৰিছিল আৰু ইয়াৰ প্ৰভাৱ সম্পর্কেও আলোচনা কৰিছিল। Global warming term টো যদিও ১৯৭৫ চনৰ পৰাহে ওৱালেছ ব্ৰেকাৰে ব্যৱহাৰ কৰিছিল, ইয়াৰ প্ৰভাৱত হোৱা জলবায়ু পৰিবৰ্তন সম্বন্ধে কিন্তু ইতিমধ্যে চিন্তাচর্চা বহু আগৰেপৰাই আৰম্ভ হৈছিল। ‘নাছা’ৰ বিজ্ঞানী জেমছ হানছেনে ১৯৮৮ চনতেই গোলকীয় উষ্ণতা সম্পর্কে মার্কিন কংগ্রেছক জনাই সমগ্ৰ বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছিল।

ইতিমধ্যে ১৯৭২ চনত ষ্টকহ’মত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ মানৱ শীর্ষ সম্মিলনে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে জলবায়ু পৰিবৰ্তনৰ বিষয়টো উত্থাপন কৰে। বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কার্য্যক্রম আৰু World Meteorological Organization এ মিলি ১৯৮৮ চনত Intergovernmental Panel on Climate Change (IPCC) প্রতিষ্ঠা কৰে। IPCC ৰ কাম হৈছে বিজ্ঞানসন্মতভাবে জলবায়ু পবিবর্তন সম্বন্ধীয় বিষয়বোৰ উপস্থাপন কৰা।

UNDP য়ে ব্রাজিলৰ ৰিয় ডি জেনেৰিঅত ১৯৯২ চনৰ জুন মাহত বিশ্ব সম্মিলন (Earth Summit) অনুষ্ঠিত কৰে। ১৭৯ খন দেশে অংশ গ্ৰহণ কৰা এই সন্মিলনত পৰিৱেশৰ অৱক্ষয়, দৰিদ্ৰতা আৰু সামাজিক ন্যায়ৰ আন্তর্জাতিক কৰ্মসূচীৰ ওপৰত গুৰুত্ব দিয়া হয়।১৯৯৫ চনৰ মাৰ্চ মাহত জার্মানীৰ বার্লিনত বিভিন্ন দেশসমূহৰ গোটৰ CoP (Conference of Parties) সম্মিলন অনুষ্ঠিত হয়। ইয়াত দেশসমূহে ৰাষ্ট্ৰীয় পৰ্য্যায়ত বায়ুমণ্ডলৰ সেউজ গৃহ গেছৰ ঘনত্ব স্থিৰ কৰাটো মনস্থ কৰে যাতে জলবায়ুৰ ওপৰত ঘণীভূত বিপদ হ্রাস কৰিব পৰা যায়। ২০১২ চনত জলবায়ু পৰিবৰ্তনৰ ওপৰত হোৱা ড’হা সম্মিলনে সেউজ গৃহ গেছৰ পৰিমাণ ১৯৯০ চনক আধাৰ হিচাবে ধৰি ১৮ শতাংশ হ্রাস কৰিবলৈ মনস্থ কৰে। ইজিপ্তৰ চাৰ্ম এল শেইখত ২০২২ চনত CoP 27 অনুস্থিত হয়। এই সম্মিলনে পেৰিছ চুক্তি মতে কর্ম আঁচনি প্ৰস্তুত কৰিবলৈ ব্যৱস্থা লয় যাতে গেছৰ নিৰ্গমণ হ্রাস কৰি জলবায়ু অভিযোজনৰ কাৰণে পুজি যোগান ধৰিব পৰা যায়। সেইদৰে CoP ৰ সম্মিলন ১৯৯৫ চনৰ পৰা ২০২৩ চনলৈ অনুষ্ঠিত হৈ আহিছে। শেহতীয়াভারে ডুবাইত অনুস্থিত CoP 28 সম্মিলনত জলবায়ু অভিযোজন আৰু প্রশমনৰ ফলপ্রসু ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

IPCC ৰ চতুৰ্থ প্রতিবেদনৰ পিছতেই ২০০৮ বৰ্ষত আমাৰ দেশে জলবায়ু পৰিবৰ্তনৰ ৰাষ্ট্ৰীয় কাৰ্যক্ৰম ঘোষণা কৰে। পৰবৰ্তী সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশে জলবায়ু পৰিবৰ্তনৰ মোকাবিলা কৰিবলৈ বিশেষ ব্যৱস্থা গ্রহণ কৰে। আপোনালোক আটায়ে অবগত যে গ্লাছগোত অনুষ্ঠিত Conference of Parties – ২৬ অর্থাৎ COP-২৬৩ প্রধানমন্ত্ৰীয়ে জলবায়ু পৰিবৰ্তনৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ দায়বদ্ধতা প্ৰকাশ কৰি পঞ্চামৃত আঁচনি ঘোষণা কৰে।

ইয়াৰ জৰিয়তে পাঁচটা সময় নির্ধাৰিত দায়বদ্ধতা প্রকাশ কৰে যাৰ যোগেদি নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, Carbon di oxide ৰ নির্গমণ হ্রাস কৰা আদি ক্ষেত্ৰত কাম কৰাৰ বাবে সুনির্দিষ্ট কার্যক্রম হাতত লোৱা হৈছে। এই দায়বদ্ধতা অধিক ফলপ্রসূ কৰিবলৈ প্রতিজন নাগৰিককে জৰিত কৰি পৰিৱেশৰ বাবে জীৱনশৈলী’ অর্থাৎ Mission LiFE ৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অসমতো মুখ্যমন্ত্ৰীয়ে যোৱা ২১ মার্চ ২০২৩ তাৰিখে সমগ্ৰ ৰাজ্যতে Mission LiFE কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পাঁচটা বিষয়বস্তুক লৈ দৈনন্দিন জীৱনক প্রভাবিত কৰা ৭৫ টা কাৰ্যকলাপৰ ভিত্তিত এই অভিযান হাতত লোৱা হৈছে।

G20 হ’ল বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিৰ ১৯ খন দেশ আৰু ইউৰোপীয় সংঘৰ এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা। এই সংস্থাই বিশ্বৰ বিভিন্ন সমস্যাৰ লগতে জলবায়ু পৰিবৰ্তনৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিছে। উল্লেখযোগ্য যে সদস্য দেশসমূহ পেৰিছ চুক্তিৰ অংশীদাৰ। বিশেষকৈ সেউজ গৃহ গেছৰ হ্ৰাসকৰণৰ যোগেদি গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ চেলচিয়াছত সীমাবদ্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। ইয়াৰ উপৰিও কয়লাৰ ব্যৱহাৰ কমাই অনা, জলবায়ু পুজি গঠন, জলবায়ু কুটনীতি আদি বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।

G20 সন্মিলনত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত ভূমি আৰু জীৱ-বৈচিত্র্য সংৰক্ষণ, নীল অর্থনীতি, জলসম্পদৰ ব্যৱস্থাপনা আৰু বৃত্তাকাৰ অৰ্থনীতিৰ বিষয়ে আলোচনা কৰা হয়।শেহতীয়াকৈ জলবায়ু পৰিবৰ্তনে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰক প্রভাবিত কৰা পৰিলক্ষিত হৈছে। যেনে কৃষি খণ্ড, জীৱ-বৈচিত্র্য, জলসম্পদ, পৰিৱেশ, স্বাস্থ্য, পৰিবহন আদি বিভিন্ন খণ্ডত জলবায়ু পৰিবৰ্তনে প্ৰভাৱিত কৰিছে। জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দক্ষিণ পশ্চিম মৌচুমী জলবায়ু ব্যৱস্থাত হোৱা বিসংগতিৰ ফলত উত্তৰ পূৱ ভাৰত বিশেষকৈ অসমত আজি কিছু বছৰৰ পৰা বর্ষাকালীন বৰষুণৰ পৰিমাণ কমি অহা পৰিলক্ষিত হৈছে।

অসম জলবায়ু পৰিৱৰ্তন কাৰ্য্য পৰিকল্পনা ২০২১-২০৩০(২.০) অনুসৰি ১৯৯০-২০১৯ সময়ছোৱাত বার্ষিক গড় বৃষ্টিপাত প্রতি বছৰে ১০.৭৭ মিলিমিটাৰ হাৰত হ্রাস পাইছে। অসমৰ ৩৫ খন জিলাৰ ২৩ খনতে বৰষুণৰ পৰিমাণ কমি অহা পৰিলক্ষিত হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে ২০২১ চনৰ ১ জুনৰ পৰা ২৮ জুলাইলৈ ২১ শতাংশ কমকৈ বৃষ্টিপাত হৈছে। এই তথ্যমতে গড় বৃষ্টিপাত ৭৯২.৩ মি.মি.ৰ পৰা কমি ৬২৫.৩ মি.মি হৈছে। এই একে সময়ছোৱাত সর্বোচ্ছ বার্ষিক গড় উষ্ণতা প্রতি বছৰে ০.০৪৯ ছেলছিয়াছ আৰু সর্বোনিম্ন বার্ষিক গড় উষ্ণতা ০.০১২৫৪ ছেলছিয়াছ হাৰত বৃদ্ধি পাইছে। আনহাতে বছৰেকীয়া গড় উষ্ণতাও প্রত্যেক বছৰে ০.০১৩ ছেলছিয়াছ কৈ বাঢ়িছে। এই অনিয়মীয়া উষ্ণতা বৃদ্ধি আৰু কম বৃষ্টি পাতৰ তথ্যই জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাই প্ৰতিপন্ন কৰিছে। ইয়াৰ ফলত ঠাণ্ডা দিনৰ সংখ্যা কমি গৈছে আৰু গ্ৰীষ্ম প্রবাহ বাঢ়ি গৈছে। লগতে হঠাৎ অতি বৃষ্টিপাত হৈ বানপানী আৰু খহনীয়াৰ ঘটনা বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও খৰাং বতৰে ৰাজ্যৰ কিছু অঞ্চলৰ কৃষিজাত দ্রব্য উৎপাদনত বাধাৰ সৃষ্টি কৰিছে। কিছু সংখ্যক প্রকাশিত গৱেষণা পত্ৰৰ মতে অসমত ২০০৫ আৰু ২০০৬ চনত বঙাইগাওঁ, কাছাৰ, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কাৰ্বি আংলং, কোকৰাঝাৰ, লক্ষীমপুৰ, মৰিগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত খৰাং সদৃশ পৰিস্থিতি দেখা দিছিল। ২০০৯-২০১১ সময়চোৱাত অসমৰ ১০-১৪ খন জিলাত খৰাং বতৰে দেখা দিয়ে।

উদাহৰণ স্বৰূপে, অস্বাভাবিক বৰষুণ আৰু অবতৰীয় বানৰ বাবে বর্ষাকালীন আৰু শীতকালীন ধানখেতি ক্ষতিগ্রস্ত হৈছে। বৃষ্টিপাতৰ তাৰতম্যৰ বাবে বিভিন্ন স্থানত ভূগর্ভস্থ পানীৰ স্তৰ হ্ৰাস পাইছে, জলাশয়সমূহৰ জলস্তৰ হ্ৰাস পাইছে। সেইদৰে জীৱ-বৈচিত্র্যৰ ক্ষতি হৈছে আৰু বন্যপ্ৰাণীৰ বসতিস্থলৰ পৰিবৰ্তন হৈছে। শেহতীয়া এক গৱেষণা পত্র মতে জলবায়ু পৰিৱৰ্তনৰ ফলত অসমৰ দেওহাঁহৰ বাসস্থান বিপদাপন্ন হোৱাৰ আশংকা কৰা গৈছে। আনহাতে বিভিন্ন vectorৰ দ্বাৰা বিয়পা বেমাৰসমূহৰ ভৌগোলিক পৰিসীমা বিস্তাৰিত হোৱাৰ আশংকা কৰা হৈছে।

জলবায়ু পৰিবৰ্তনৰ বিষয়টো অধিক বিজ্ঞানসন্মতভাবে আগবঢ়াই নিয়াৰ বাবে মুখ্যমন্ত্রীয়ে ২০২১ বৰ্ষত বিজ্ঞান আৰু প্রযুক্তি বিভাগটোক বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগ হিচাপে নামকৰণ কৰিছে। বর্তমান বিভাগটোৱে হাতত লোৱা কৰ্মসূচীবোৰ হৈছে-

১) মুখ্যমন্ত্ৰীৰ জলবায়ু সহনশীল গাঁও ফেল’শ্বিপ আচনি। ২) সেউজ উদ্ভাৱন পুঁজি (Green Innovation Fund) | ৩) জলবায়ু পৰিবৰ্তন সম্বন্ধীয় ব্যাপক সজাগতা কার্যসূচী। ৪) কাজিৰঙা আৰু মানাহ অঞ্চলত জলবায়ু সহনশীলতা বৃদ্ধিৰ কাৰ্যসূচী। ৫) জনসজাগতাৰ বাবে Mission LiFE ৰ বিষয়বস্তুভিক্তিক সজাগতা। ৬) জলবায়ু সহনশীল পৰম্পৰাগত প্রযুক্তিৰ চিনাক্তকৰণ আৰু বৈজ্ঞানিক বিশ্লেষণ। ৭) জলবায়ু কোষৰ যোগেদি সমগ্ৰ অসমত জলবায়ু পৰিবৰ্তনৰ প্রভাব, অভিযোজন প্রশমন আৰু সহনশীল বিষয়ক নীতি, কাৰ্য্য পৰিকল্পনা আৰু গৱেষণামূলক কর্ম বিস্তাৰিত কৰা।

সেইদৰে সেউজ বাজেটৰ উত্থাপনো পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ এক দৃঢ় পদক্ষেপ। এই ক্ষেত্ৰত এইবছৰ সেউজ বাজেটৰ মূল্যায়ণৰ নিয়মাৱলীৰ উন্নীতকৰণ কৰা হৈছে। পৰিৱেশ আৰু বন বিভাগেও বিভিন্ন কাৰ্যসূচীৰে জলবায়ু পৰিবৰ্তনৰ মোকাবিলা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। শেহতীয়াকৈ অমৃত বৃক্ষ আন্দোলনৰ যোগেদি ১ কোটি গছপুলি ৰোপণ কৰি কাৰ্বন জব্দিকৰণক (Carbon Sequestration) উৎসাহিত কৰাৰ লগতে জনসজাগতা বৃদ্ধি আৰু জীৱিকা অৰ্জনৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। সংশোধিত অসম জলবায়ু পৰিবৰ্তন কর্ম-আঁচনি ২০২১-২০৩০ সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে কাৰ্যকৰী কৰিলে জলবায়ু সহনশীলতা বৃদ্ধি, জলবায়ু পৰিবৰ্তন প্রশমণ আৰু অভিযোজনৰ ক্ষেত্ৰত সুফল লাভ কৰিব পৰা যাব।

(বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগ মন্ত্ৰী কেশৱ মহন্তৰ বিবৃতিৰ সম্পাদিত ৰূপ।)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More