সঙ্গীত সত্ৰৰ পৰীক্ষাত বিদেশী-প্ৰবাসী-অনা অসমীয়া নৃত্য পটীয়সীৰ ভিৰ

সীমাৰ পৰিধি ভেদি সত্ৰীয়া সংগীতৰ জয়যাত্ৰা

0 204

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ দিনটো অনাগত দিনৰ বাবে পৰিগণিত হ’ল এক বিশেষ দিনৰূপে।সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ পৰীক্ষাৰ্থীয়ে মুকলি কৰিলে সত্ৰীয়া সঙ্গীতৰ বাবে এক নতুন দিশ। প্ৰথমবাৰৰ বাবে ৭বছৰৰ শিক্ষা লৈ সত্ৰীয়া গুণীন পৰীক্ষাত অৱতীৰ্ণ হৈছে বিদেশী আৰু অসমৰ বাহিৰৰ লোক।পদ্মশ্ৰী ঘনকান্ত বৰা বৰবায়নৰ নেতৃত্বত ৫০ বছৰীয়া সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদে সচিব ৰঞ্জুমণি শইকীয়াৰ তৎপৰতাত তদানীন্তন উপ নিয়ন্ত্ৰক সুৰজিৎ ভূঞাৰ পৰিকল্পনাত পাতনি তৰা দেশে বিদেশে সত্ৰীয়া সঙ্গীতৰ বিদ্যায়তনিক শিক্ষাৰ আৰম্ভণি হৈছিল দিল্লী ,মুম্বাই, পুণা আৰু আমেৰিকাত। ইয়াৰে দিল্লীৰ সত্ৰীয়া নৃত্যশালা মীনাক্ষি মেধিৰ পৰিচালনাত পৰৱৰ্ত্তী সময়ত নয়দালৈ স্থানান্তৰিত হয়।৭বছৰীয়া শিক্ষাৰ প্ৰথম দলটি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।৩২ গৰাকী পৰীক্ষাৰ্থীৰ কেন্দ্ৰটিৰ চূড়ান্ত তিনিগৰাকীৰ এগৰাকী ফ্ৰান্সৰ, এগৰাকী উত্তৰ প্ৰদেশৰ । আনহাতে অৱতীৰ্ণ সকলৰ মাজৰ ৯গৰাকী বিদেশী আৰু প্ৰবাসী হোৱাৰ বিপৰীতে আন ২০ গৰাকী অনা অসমীয়া। আমষ্টাৰদাম, অকলেণ্ড, কানাডা, ডুবাই, কুৱেইট, নিউজাৰ্চি প্ৰভৃতিৰ উপৰি দেশৰ বিভিন্ন ঠাইৰ শিক্ষাৰ্থীয়ে অংশ লয়। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অফলাইন গুণীন পৰীক্ষাত পৰীক্ষকৰূপে লক্ষীমপুৰৰ সত্ৰীয়া সঙ্গীত বিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভূঞাই পৰীক্ষা লয়।উল্লেখ্য যে আন বৰ্ষৰ পৰীক্ষা অনলাইন অফলাইন দুই পদ্ধতিৰে হয়।পৰিষদৰ ৰাজ্যৰ বাহিৰৰ আন কেন্দ্ৰ সমূহতো তৎপৰতা চলি আছে। সত্ৰীয়া সঙ্গীতৰ বিদ্যায়তনিক শিক্ষাৰ প্ৰসাৰতা ৰাজ্য আৰু দেশৰ সীমা পাৰ হৈ সকলোকে আকৰ্ষিত কৰাটো এক বিপুল সাফল্য সঙ্গীত সত্ৰৰ ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More