ৰাজ্যিক জলক্ৰীড়াত তেজপুৰ জিলা দলৰ সাফল্য

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১২জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা ৩০সংখ্যক সদৌ অসম জলক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰ জিলাদলে মুঠ ৪৬টা পদক লাভ কৰি উজ্জীৱিত ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷উল্লেখযোগ্য যে মাত্ৰ ৩৩জনীয়া এটা দলৰে সৰুসজাইত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশলোৱা তেজপুৰ জিলা দলটোৱে ১৬টা সোণৰ পদক সহ মুঠ ৪৬টা পদক অৰ্জন কৰে৷দলটোৱে ৰূপৰ ১৫টা আৰু ব্ৰঞ্জৰ ১৫টা পদকো অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ গ্ৰুপ পাঁচত পৰাণে ল’ৰাৰ দলীয় শাখাত আৰু ছোৱালীৰ পাঁচনম্বৰ গ্ৰুপত ভাৰ্গবী শৰ্মাই শ্ৰেষ্ঠত্বৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে তেজপুৰ জিলা দলৰ পাহি বৰা জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে৷লক্ষ্যণীয় ভাবে জলক্ৰীড়াৰ কোনো আন্তঃগাঁথনি এই পৰ্যন্ত তেজপুৰত গঢ়ি উঠা নাই আৰু বিজ্ঞানসন্মত চুইমিং পুলটো বাদেই সাধাৰণ চুইমিং পুলৰো অভাৱ থকা তেজপুৰত হজৰা পুখুৰীৰ এটা অংশতে অনুশীলন অব্যাহত ৰখা খেলুৱৈ তথা প্ৰশিক্ষক সকলৰ প্ৰচেষ্টাত এনে ফলাফলে সকলোকে উৎফুল্লিত কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More