তেজপুৰত লেখিকা সমাৰোহ সমিতিৰ সপ্তাহজোৰা মহিলা নাট সমাৰোহৰ সামৰণি

নাটকৰ সংলাপেৰে মুখৰিত লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়

0 14

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১২ জুলাই : সদৌ অসম লেখিকা সমাৰোহ সমিতি তেজপুৰ শাখাৰ উদ্যোগত যোৱা ৪ জুলাইৰ পৰা ১০ জুলাইলৈকে অনুষ্ঠিত হোৱা সপ্তাহজোৰা মহিলা নাট কৰ্মশালাখনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়। অনুষ্ঠানটোত আঁত ধৰে শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই। ইয়াৰ পিছত অনুষ্ঠানত উপস্থিত থকা নিমন্ত্ৰিত বিশিষ্ট অতিথি, অভিনেত্ৰী ডাঃ জাহানাৰা বেগম আৰু কৰ্মশালাৰ মূল প্ৰশিক্ষক অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্ৰ বৰাক ফুলাম গামোচা তথা স্মাৰকৰ লগতে একোটা কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয়। ইয়াৰ পিছত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী, সম্পাদিকা সুবৰ্ণ মহন্ত আৰু তেজপুৰ শাখাৰ সভানেত্ৰী শশীপ্ৰভা দেৱীক ফুলাম গামোচাৰে সম্ভাষন জনাই শাখাৰ সম্পাদিকা কাঞ্চন শইকীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠান আৰম্ভ কৰা হয় প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা পৰিবেশিত এটি সমবেত সঙ্গীতেৰে । বিশিষ্ট অতিথি ডাঃ জাহানাৰা বেগমে তেখেতৰ ভাষণত লেখিকা সমাৰোহৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে এখন পূৰ্ণাঙ্গ নাটক ৰূপায়ন কৰিবলৈ আহ্বান জনায় । প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে আদৰণি ভাষণত কয় যে নাটক হৈছে সমন্বয়ৰ এটা মাধ্যম আৰু সপ্তাহজোৰা নাট কৰ্মশালা সফল ৰূপায়নৰ বাবে তেখেতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা সুবৰ্ণ মহন্তই এনে এটা সুন্দৰ কাম হাতত লোৱা বাবে লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ সভানেত্ৰী সম্পাদিকাক ধন্যবাদ জনায় আৰু আগলৈও এনে ভাল কাম কৰি যাবলৈ আহ্বান জনায় । সম্পাদিকা কাঞ্চন শইকীয়াই প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতাক অনবদ্য অভিনয়ৰ উপৰিও সপ্তাহজোৰা কৰ্মশালাত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰাৰ বাবে এখনি ফুলাম গামোচাৰে সন্মান জনায় । অনুষ্ঠানত জ্যেষ্ঠা সদস্যা তথা শাখাৰ উপদেষ্টা ৰুমা দেৱীৰ নেতৃত্বত নৱকান্ত বৰুৱাৰ এটি প্ৰেমৰ কবিতা আবৃত্তি কৰা হয়। মৃগেন চন্দ্ৰ বৰাই তেখেতৰ নাটকৰ অভিজ্ঞতা আৰু কৰ্মশালাৰ বিষয়ে অৱগত কৰি প্ৰশিক্ষাৰ্থীৰ দ্বাৰা সংলাপ প্ৰক্ষেপণ কৰায় দৰ্শকক আপ্লুত কৰে । সমগ্ৰ অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থী সকলে নৃত্য গীত প্ৰদৰ্শনৰ জৰিয়তে সকলোকে অভিভূত কৰে। সভানেত্ৰী শশীপ্ৰভা দেৱীয়ে সকলোৰে সহায় সহযোগিতাৰ বাবে এনেধৰণৰ কাম আগলৈকো কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। শেষত বিশিষ্ট অভিনেত্ৰী ডাঃ জাহানাৰা বেগম দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানটিত সহকাৰী সম্পাদিকা ৰিজুমনি বৰাই শলাগৰ শৰাই আগবঢ়াই । শেষত জাতীয় সংগীত পৰিৱেশন কৰি সভা ভঙ্গ কৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More