বানৰ আনন্দ

0 145

মুক্তাৰ আলী

এইবাৰ চ’ততে বান হ’ল।নেৰানেপেৰা বৰষুণত উফন্দি উঠিল নৈ উপনৈ। সাধাৰণতে আগতীয়া বান হ’লে নৈপৰীয়া কৃষকসকলৰ দুৰৱস্থা হয়।পথাৰৰ ফচল তুলিব নোৱাৰি অনিচ্ছাস্বত্বেও উৎসৰ্গা কৰিব লগা হয় বাঢ়নী পানীক। জলচৰ প্ৰাণীবোৰৰ বহুদিনীয়া ভোক নিবাৰণ হয় কৃষকৰ ফচলেৰে। বান আহে যায় … কিন্তু বানে দি যোৱা অভিজ্ঞতাবোৰ কৃষকৰ বুকুৱে বুকুৱে বহুদিনলৈ ৰৈ যায়।
ড° ভূপেন হাজৰিকাৰ “লুইত নহয় মহাকাল ,লুইত নহয় জঞ্জাল, লুইত জন- জীৱনৰ কাষ, লুইত আশা – ভৰসাৰ গান” বোলা কথাষাৰৰ বানৰ লগতো যথাৰ্থতা আছে। বান যেনেকৈ দেশীয় অৰ্থনীতি তচনচ কৰাৰ এক প্ৰক্ৰিয়া ঠিক তেনেদৰে কাৰোবাৰ বাবে ই জানো হ’ব নোৱাৰে আশীৰ্বাদৰ কাৰণ। কথাষাৰ অলপ আচহুৱা যেন লাগিলেও নৈপৰীয়া অলেখ কৃষক, মৎস্যজীৱী লোকৰ বাবে এয়াই সত্য।
বানপানীৰ লগত সংহাৰী,কাল,কালান্তক,বিধ্বংসী ইত্যাদি বিভিন্ন শব্দ যুক্ত কৰা হয়। এক কথাত কথাটো মিছাও নহয়। তথাপি চৰ অঞ্চলসমূহত বানৰ কিছু ইতিবাচক প্ৰভাৱ আছে যাৰ বিষয়ে বহুতেই অৱগত নহয়। আমি নেতিবাচক দিশসমূহ পৰিহাৰ কৰি কেৱল ইতিবাচক দিশসমূহহে উপস্থাপন কৰিম।

যৌৱনত ঘটিবা ধন চ’ততে মাৰিবা বন। কথাফাঁকিৰ যথাযোগ্যতা নৈপৰীয়া কৃষকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। ব’হাগত ন ঢল আহে ।খৰালি জুৰিসদৃশ হৈ পৰা নৈবোৰ যৌৱনা হয় । ফেনে ফুটুকাৰে বাঢ়ি অহা বাঢ়নি পানীয়ে পথাৰ ডুবুৱাই থৈ যায়। ভৰা বানে উপচা পথাৰত পানী ৰৈ যায় পষেক, মাহেকলৈ। কৃষকসকলে সেয়েহে চ’ততেই অপতৃণ অধিক হোৱা পথাৰসমূহত হাল বাই বনবোৰ উভালি ৰাখে যাতে অপতৃণবোৰ পানীত থাকি গেলি-পচি যায়। পানী ওলায় যোৱাৰ পাছত ৰ’দৰ তাপত বনবোৰৰ পচন আৰম্ভ হয় আৰু মাটিত মিহলি হৈ পথাৰৰ উৰ্বৰতা অটুট ৰাখে। আনহাতে পথাৰডৰাৰ বনৰ শ্ৰীবৃদ্ধি দ্ৰুত ৰূপত কমি আহে।
নৈপৰীয়া ৰাইজৰ সৰহসংখ্যকেই ৰন্ধন কাৰ্যৰ ইন্ধন হিচাপে খৰি ব্যৱহাৰ কৰে।বানৰ ফলত হোৱা খহনীয়াত গছ গছনি উটি আহে।পাহাৰৰ পৰা বৈ অহা নৈত শিলে শিলে ঠেকা খাই অহা গছ-গছনিবোৰ খৰি হিচাপে ব্যৱহাৰ কৰিব পাৰি। বাৰিষা সময়ত নৈপৰীয়া বহুলোকেই নাৱৰ সহায়ত এই খৰিবোৰ সংগ্ৰহ কৰি বছৰটোলৈ সংৰক্ষণ কৰি ৰাখে। ফলস্বৰূপে অগাধ বনধবংসও নহয় আৰু বছৰটোৰ বাবে ৰন্ধনৰ ইন্ধনো গোটাই লব পাৰি। তদুপৰি বহুসময়ত বানত বহূ মূল্যবান সামগ্ৰীও উটি আহে যিবোৰ সংগ্ৰহ কৰি নৈপৰীয়া লোক উপকৃত হয়।
বানৰ ফলত নদীৰ গৰ্ভৰ স্থিতি সালসলনি হয়। তীব্ৰ সোঁতে সৃষ্টি কৰা খননৰ ফলত এঠাইৰ পৰা আন ঠাইলৈ বালি, বোকা কঢ়িয়াই লৈ যায়। ফলস্বৰূপে উচ্চ প্ৰাৱল্যৰ সোঁত বোৱা পথাৰসমূহত পলস পৰে।পলসুৱা পথাৰত যিকোনো শস্যৰ খেতিয়েই লহপহকৈ বাঢ়ি যায়।নৈপৰীয়া কৃষকসকলে কামনা কৰে যেন প্ৰতিবছৰেই তেঁওলোকৰ পথাৰত পলস পৰে।
বানৰ প্ৰভাৱত শস্য অনিষ্টকাৰী কীট-পতংগ,নিগনি আদিৰ মৃত্যু হয়।খৰালি কালত কৃষি ক্ষেত্ৰত দেখা পোৱা

শস্যৰ গুৰি কটা পোকৰ মৃত্যু হয়,শস্য অনিষ্টকাৰী নিগনি , এন্দুৰ আদি বানপানীৰ ফলত গাঁতৰ পৰা ওলাই আহি গছ বিৰিষত আশ্ৰয় লয়। বহু লোকে নাও লৈ এই নিগনিবোৰ নিধন কৰে।নিগনি নিধন নকৰিলে ধান খেতিত ব্যাপক অনিষ্ট হয়।কোনোবছৰ বান নাহিলে সেইবছৰ প্ৰায়বোৰ নৈপৰীয়া ৰাইজে আহু ,বাও ধানৰ খেতি নকৰে কেৱল নিগনিৰ উপদ্ৰপৰ বাবেই।নৈয়ে সৃষ্টি কৰা চাপৰিবোৰ একে বছৰতে গঢ় লৈ নুঠে। প্ৰথম পৰ্যায়ত পলসুৱা বালি থূপ খাই একো একোটা বালিৰ চৰ সৃষ্টি হয়। তেনেদৰে হোৱা বালিচৰবোৰতেই ঝাউবন, বিৰিণা আদি গজি পিছৰ বছৰৰ পৰা ক্ৰমান্বয়ে পলস ধৰি ৰাখিবলৈ সক্ষম হয় আৰু তেনেকৈয়ে লাহে লাহে একোটা চাপৰি হয় য’ত কৃষকে খেতি কৰি পৰিয়াল পোহপাল দিয়ে।
নৈপৰীয়া কৃষকসকলৰ বাবে আন এটা উল্লেখযোগ্য দিশ হ’ল যে দ চানেকীয়া মাটিত কৰা বাওধানৰ খেতিৰ বাবে বানপানী অহাটো শুভকাৰক। পথাৰত আহু আৰু বাও ধানৰ বীজ একেলগে সিঁচা হয়। ব’হাগৰ শেষৰ পৰা জেঠৰ প্ৰথমভাগত আহুধান কটাৰ পাছত বাও ধানবোৰ পথাৰত থাকি যায়। বানত বাওবোৰ ওপৰলৈ উঠি যায় আৰু পানী ওলাই যোৱাৰ পিছত ধানবোৰ লেট খাই পৰে। লেটখাই পৰা ধানবোৰৰ পাবে পাবে গজালি ওলাই নতুন গছৰ সৃষ্টি হয়।

বানপানীত অহা বিভিন্ন প্ৰজাতিৰ মাছ খাল বিল পুখুৰী আদিত ৰৈ যায়। বান যোৱাৰ পিছত মাছ পুঠি উভৈনদী হয় আৰু মাছৰ পৰাও আৰ্থিক দিশত সকাহ লাভ কৰিব পাৰি । কিন্তু সকলোৰে অগোচৰে নৈপৰীয়া একাংশ মানুহৰ উলাহ উপচি পৰে বান বুলিলেই। বানৰ লগত সম্পৰ্কিত হৈ থাকে তেওঁলোকৰ জীৱন জীৱিকা। সেইকথা হয়তো তেঁওলোকৰ বাদে আন কোনোৱে নাজানে, নুবুজে। মই ব্যক্তিগতভাৱে তেনে বহুলোকক কাষৰ পৰা পাইছো। তেওঁলোকৰ আনন্দ আৰু বিষাদৰ সৈতে একাত্ম হৈছো । তেওঁলোক মাছুৱৈ ।মাছেই তেওঁলোকৰ জীৱন, মাছেই আনন্দ, জুহালৰ ইন্ধন।
খৰালি আহিলেই সাম্প্ৰতিক সময়ৰ নৈ উপনৈবোৰ শুকাই পৰে।দ খাৱৈ অথবা বিলবোৰত মাছবোৰ ৰৈ যায়। ধাৰ নৈত মাছ পোৱা নাযায়। দিন ৰাতি একাকাৰ কৰিও দুবেলা দুমুঠি যোগাৰ কৰিব নোৱাৰি অনাহাৰ অনিদ্ৰাত পাৰ কৰিব লগা হয় সময়। যিহেতু খাল বিলবোৰ চৰকাৰী ভাৱে সংৰক্ষিত আৰু এইবোৰ মীনমহল হিচাপে বিবেচনা কৰি কোনো নিৰ্দিষ্ট মহলদাৰক নিৰ্ধাৰিত ৰাজহৰ বিনিময়ত গতাই দিয়া হয়। ৰাইজ বা সাধাৰণ মাছুৱৈৰ মাছ মৰাৰ অনুমতি নাথাকে তেনে মীন মহলত । কাৰণ মহলদাৰসকলে নিৰ্দিষ্ট সময়তহে বিলবোৰ মৰাৰ ব্যৱস্থা কৰে। তেনে প্ৰেক্ষাপটত মৰণ হয় মাছুৱৈসকলৰ । মাছুৱৈসকলে এই সময়ছোৱাত কেৱল সোঁত বোৱা নৈবোৰতহে মাছ মাৰিব পাৰে কৰৰ বিনিময়ত। য’ত মাছ মাৰি পৰিয়াল পোহপাল দিয়াটো সম্ভব নহয়। বিপৰীতে বান সোনকালে আহিলে তেঁওলোকৰ মাছ ধৰাৰ প্ৰতিবন্ধকতা আঁতৰি যায় আৰু স্বাধীন মনে মাছ মাৰি জীৱন নিৰ্বাহ কৰাৰ লগতে আতকীয়া দিনৰ বাবে দুপইচা সাঁচি ৰাখে। তেওঁলোকে কামনা কৰে এইবাৰ বান সোনকালে আহক।
এনে বহু কাৰণ আছে যাৰ বাবে বান বহুতৰ বাবে আশীৰ্বাদ।

ফোনঃ ৯৬৭৮২৯৬৯১০

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More