পহিলা বহাগত ঢোল পেঁপা গগনাৰে মুখৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি

তলাতল ঘৰৰ পৰা হাতীত উঠি ৰংঘৰলৈ বিহু উপভোগলৈ আহিল স্বৰ্গদেউ পুৰন্দৰ সিংহৰ বংশধৰ

0 139

ৰংঘৰৰ পদুলিত প্ৰথমবাৰৰ বাবে দৌৰিলে গজৰাজৰ দলেঃ হাজাৰ হাজাৰ বিহু প্ৰেমীৰ উচাহত উঠলি উঠিল ৰংঘৰৰ বাকিৰঃ ৰংঘৰত বহি স্বৰ্গদেউৰ বংশধৰ আলোক নাৰায়ণ সিংহই চালে ৰংঘৰৰ বাকৰিৰ পৰম্পাৰগত বিহু, হুঁচৰিঃ ৰংঘৰৰ ৰণশিঙা শীৰ্ষক স্মৃৰ্তিগ্ৰন্থ উন্মোচন

শতাব্দ প্ৰতিনিধি,  শিৱসাগৰ, ১৬ এপ্ৰিলঃ সাত ৰাজ মাৰি এক ৰাজ কৰা বৰ অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাউল্যুং চ্যুকাফাৰ অমৰ সৃষ্টিৰে উজ্জীৱিত ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ পদুলি পহিলা বহাগৰ দিনাই পৰম্পৰাগত বিহু নৃত্য, হুুঁচৰি, প্ৰাচীন ক্ৰীড়াৰে প্ৰাণ চঞ্চলা হৈ উঠিল ।সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ সহযোগত আয়োজিত ১৫ সংখ্যক মুকলি বিহু অনুস্থানত সমন্বয় সংস্কৃতিৰ বৰ ভেটীলৈ ৰূপান্তৰিত হল ৰংঘৰৰ বাকৰি। উল্লেখ্য যে, দুবছৰীয়া ক’ভিড মহামাৰীয়ে আনি দিয়া বিভীষিকাময় স্তব্ধতাৰ অন্তত প্ৰথমবাৰৰ বাবে মুক্ত মনেৰে স্বৰ্তস্ফুতভাৱে ৰংঘৰৰ পদুলিলৈ বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বিহু বলীয়া জনতাৰ জনস্ৰোত ববলৈ ধৰিলে । প্ৰতিকূল বতৰ, এটা পষেকজোৰা নেৰানেপেৰা বৰষুণৰ সংশয়তাৰ মাজতেই জনতাৰ জনস্ৰোতৰ মাজত মহামিলনৰ থলীলৈ ৰূপান্তৰিত হল ৰংঘৰৰ বাকৰি । ইফালে পুৱা পোন্ধৰ সংখ্যক মুকলি বিহুৰ পতাকা উত্তোলন কৰে  আটাছুৰ কেন্দ্ৰীয় সভাপতি বিহু উদযাপন সমিতিৰ সভাপতি  লিটুল বুঢ়াগোহাঁয়ে। ইয়াৰ পিছতেই মৈদাম তৰ্পণৰে পুৰ্বপুৰুষৰ প্ৰতি নৈবেদ্য আৰু পূজা আগবঢ়াই পৰম্পৰাগত বিহু অনুষ্ঠানৰ শুভাৰাম্ভ কৰে বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু  উদযাপন সমিতিৰ কাৰ্য্যকৰী  সভাপতি তথা জেষ্ঠ সাংবাদিক অতনু বৰাই । শিৱসাগৰ পৌৰ সভাৰ নৱনিৰ্বাচিত পৌৰ নেত্ৰী মৃণালী কোঁৱৰৰ লগতে জিলা সম্পাদক জয়ন্ত সন্দিকৈৰ উপৰি একাধিক ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানৰ পিছতেই পৰম্পৰা অনুসৰি আহোমৰ ৰাজধানী ৰংপুৰৰ তলাতল ঘৰৰ দৰবাৰৰ পৰা হাতীৰ পিঠিত উঠি ৰংঘৰৰ বাকৰিলৈ বিহু উপভোগৰ বাবে পালি পহৰীয়াসহ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ বংশধৰ আলোক নাৰায়ণ সিংহৰ ৰাজকীয় যাত্ৰা । আগে আগে গায়ন, বায়ন, বিহু হুঁচৰিৰ নৃত্যৰ মাজেৰে হাতীৰ পিঠিত উঠি অহা স্বৰ্গদেউৰ বংশধৰে ৰংঘৰৰ বাকৰিত  প্ৰৱেশ কৰাৰ পিছতেই আৰম্ভ হয় পহিলা বহাগৰ পৰম্পৰাগত বিহু অনুষ্ঠানৰ । সম্পুৰ্ণ তাহানিৰ ৰাজকীয় ভংগীমাত ৰংঘৰৰ ওপৰত সিংহাসনত বহি স্বৰ্গদেউৰ বংশধৰে বাকৰিত প্ৰদৰ্শিত হোৱা বিহু নৃত্য, হুঁচৰি, প্ৰাচীন ক্ৰীড়া উপভোগ কৰে । প্ৰায় দেৰ ঘন্টাজোৰা সময় ৰংঘৰৰ ওপৰৰ পৰা বিহু অনুস্থান উপভোগ কৰাৰ পিছতেই পোন প্ৰথমবাৰৰ বাবে ৰংঘৰৰ সন্মুখত অনুস্থিত  হ’ল হাতী দৌৰ প্ৰতিযোগিতা । আহোম ৰাজ শাসনত পহিলা বহাগত অনুস্থিত হোৱাৰ দৰেই  সাইলাখ একেই ৰীতি নীতিৰ মাজৰে অনুস্থিত হোৱা গজৰাজৰ দৌৰ প্ৰতিযোগিতা আনুস্থানিক ভাৱে উদ্বোধন কৰে শিৱসাগৰ জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া শুভ্ৰজ্যোতি বৰাই । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পহিলা বহাগৰ দিনা বিহু উপভোগৰ বাবে ৰংঘৰলৈ বুলি অহা দূৰণিৰ ৰাইজৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হিলদৌল ভাঙি ওলাই অহা ৰাইজৰ ভিৰত ইতিহাস প্ৰসিদ্ধ ৰংঘৰৰ বাকৰি জনতাৰ জন সমুদ্ৰত পৰিণত হয় । চৌপাশে কেৱল মানুহ আৰু মানুহ । ইয়াৰ পিছতেই ৰংঘৰৰ সন্মুখত নিৰ্মাণ কৰা অস্থায়ী মণ্ডপত আৰম্ভ হয় বিহু হুঁচৰিৰ অনুস্থান । বহু বিৰতীৰ অন্তত মুক্ত মনেৰে ওলাই অহা সাধাৰণ বিহুবলীয়া ৰাইজেও ঢোল পেঁপা গগনাৰে তালত মতলীয়া হৈ পৰে। দিনযোৰাকৈ আয়োজিত  মুকলি বিহুৰ সাংস্কৃতিক কাৰ্য্যসূচী উন্মোচন কৰে অসমৰ জনপ্ৰিয় সংগীত শিল্পী সদানন্দ গগৈয়ে । মুকলি বিহুৰ  কাৰ্যসূচীতেই এসময়ৰ বিখ্যাত বিহুৰাণী উৰ্মিমালা দুৱৰাৰ নেতৃত্বত কুৰি গৰাকী বিহু হুঁচৰিৰ দল প্ৰদৰ্শনে কৰা বিহুৱে  ৰাইজক পহিলা বহাগৰ দিনা আপ্লুত কৰি তোলে । আনহাতে সাংস্কৃতিক কৰ্মী কৌশিক সন্দিকৈৰ নেতৃত্বত এটা দলে জাপি, কাঁহী নৃত্যই ৰাইজৰ বিশেষ সমাদৰ বুটলিবলৈ সক্ষম হয় । একেটা অনুস্থানতেই মেচ কচাৰীৰ জনগোষ্ঠীয় নৃত্যইও ৰাইজৰ ভূয়শী প্ৰশংসা বুটলিবলৈ সক্ষম হয় । উক্ত সাংস্কৃতিক  কাৰ্যসূচীতেই নিমাইজানৰ বিখ্যাত হুঁচৰি দল, বকতা দিৰৈপৰীয়া সন্মিলিত হুঁচৰি দলৰ  প্ৰদৰ্শনে মুখৰ কৰি তুলে ৰংঘৰৰ বাকৰি । পহিলা বহাগৰ দিনা বিহু বলীয়া ৰাইজৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু স্বৰূপ মুকলি বিহুত এইবাৰ অসমৰ অন্যতম জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাং, দেৱজিত বৰাকে ধৰি কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশনেৰে পহিলা বহাগৰ দিনটোক অধিক ৰঙীল কৰি তোলে । আনহাতে মুকলি বিহুৰ অনুষ্ঠনতেই বিশ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই গ্ৰন্থৰ টোপোলা, নগদ ধন, সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় । আটাছুৰ নেতৃত্বত আয়োজিত আৰু বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত অনুস্থিত  পোন্ধৰ সংখ্যক ৰঙালী বিহুৰ কাৰ্যসূচীত সম্পূৰ্ণ ব্যতিক্ৰমী চিন্তাৰে আয়োজক সমিতিয়ে প্ৰথমবাৰৰ বাবে  শিৱসাগৰ জিলাৰ কুৰি গৰাকী কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক পহিলা বহাগৰ দিনটোত পাঁচ হাজাৰ টকাকৈ এক কালীন উপহাৰ, বিহুৱান, গ্ৰন্থৰ টোপোলা, অভিনন্দন পত্ৰৰে সন্মানিত কৰা হয় । আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁয়ে একক প্ৰচেষ্টাৰে ব্যক্তিগত পুঁজিৰ পৰা এই কৃৰ্তিমানসকলক এক কালীন সাহায্য প্ৰদান কৰা কাৰ্যত ৰাইজে মুকলিকৈয়ে আদৰণী জনাইছে। ইফালে মুকলি বিহু কাৰ্যসূচীৰ লগত ৰজিতা খোৱাই জ্যেষ্ঠ সাংবাদিকদ্বয় এনামউদ্দিন আহমেদ আৰু জয়জ্যোতি গগৈৰ যুটীয়া সম্পাদনাত প্ৰকাশিত ৰংঘৰৰ ৰণশিঙা শীৰ্ষক স্মৃৰ্তি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট নিৱন্ধকাৰ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড° সব্যসাচী মহন্তই ।  ভাষণত ড° মহন্তই কয় যে, পহিলা বহাগৰ দিনটোত ৰংঘৰৰ বাকৰিত পৰম্পৰা ৰক্ষা কৰি আটাছুৱে আয়োজন  কৰা মুকলি বিহুৰ কাৰ্যসূচীত স্বৰ্গদেউ চাউল্যুং চ্যুকাফাই বৰ অসমৰ যি ভেটী আৰু আদৰ্শ প্ৰতিস্থা কৰিছিল সেয়া ইয়াত প্ৰতিফলিত হৈছে । বিহুৰ মৌলিকতা, স্বকীয়তা অক্ষুণ্ণ ৰাখি পুনৰবাৰ বিহুৰ প্ৰাকৃতিক ৰূপটোৰ মাজলৈ জাতিটোক লৈ যাবলৈ সক্ষম হৈছে । সেয়েহে ঢোল পেঁপা, গগনাৰ শব্দ, নাচনিৰ তাল আৰু গজৰাজৰ দপদপনিত  ৰংঘৰৰ বাকৰি চঞ্চলা হৈ উঠিল, ৰংপুৰত পুনৰ প্ৰাণ প্ৰতিস্থা হৈছে । অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃৰ্তিক প্ৰদৰ্শনে স্বৰ্গদেউৰ বৰ অসমৰ ভেটীত বৃহত্তৰ অসমীয়া জাতি গঠনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ বাস্তৱিক ভিত্তিৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিছে । সেয়েহে এই ঐতিহাসিক ৰংপুৰৰ বক্ষৰ পৰাই, এই ৰংঘৰৰ বাকৰিৰ পৰাই বৃহত্তৰ অসমীয়া জাতি গঠনৰ পণ হওঁক বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে উন্মোচক ড° সব্যসাচী মহন্তই । অনুষ্ঠানত জিলা উপায়ুক্ত মেঘ নিধি দাহালে নিজৰ চমু বক্তব্যৰে  অসম বাসীলৈ বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে স্বৰ্গদেউ চ্যুকাফাৰ আদৰ্শৰে  প্ৰতিজন অসমীয়াক আগুৱাই যাবলৈ আহব্বান জনায় ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More