সংবিধানৰ অবিহনে সকলো ভাৰতীয়ৰ সম-অধিকাৰ আৰু নিৰাপত্তা অসম্ভৱ- পোনাৰাম মিলি

0 20
শতাব্দ প্ৰতিনিধি, শিৱসাগৰ, ১৬ এপ্ৰিলঃ তেল আৰু প্ৰাকৃতিক গেছ নিগম, অসম সম্পদৰ সদৌ ভাৰত অনুসূচীত জাতি আৰু জনজাতি কৰ্মচাৰী কল্যাণ সন্থাই অ’এনজিচিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বাবা চাহেব আম্বেদকাৰৰ তিনিটাকৈ প্ৰতিমূৰ্তিৰ স্থানত পালন কৰে। শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত, শিৱসাগৰ অ’এনজিচি কলনি আৰু অ’এনজিচিৰ নাজিৰা মূখ্য কাৰ্যালয়ৰ সমীপত মহামানৱ ড০ আম্বেদকাৰৰ প্ৰতিমূৰ্তিত  অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ কুমাৰ শৰ্মাই মাল্যাৰ্পণ কৰাৰ ওপৰিও বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে। এই কাৰ্যসূচীত অ’এনজিচি অসম সম্পদৰ প্ৰায় সকলো বিভাগৰ মুৰব্বীসকলৰ লগতে আভ্যন্তৰীণ বিষয়া-কৰ্মচাৰীসমূহৰ মুৰব্বীসকলো উপস্থিত থাকে। বন্তি প্ৰজ্বলন, মাল্য অৰ্পণ কৰি শ্ৰদ্ধা নিবেদনৰ কাৰ্যসূচীৰ পিছত ড০ আম্বেদকাৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিক সভাখন অনুষ্ঠিত হয়। অ’এনজিচি গীতৰ বাণীবন্ধন শুনোৱাৰ পিছত ড০ আম্বেদকাৰৰ জীৱন কাহিনীৰ ওপৰত যুগুত কৰা আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয়। সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা অ’এনজিচি অসম সম্পদৰকাৰ্যবাহী সঞ্চালক ৰাকেশ কুমাৰ শৰ্মাই ড০ আম্বেদকাৰে বহু  কষ্টৰ মাজেৰে সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা দেশৰ অন্যতম এগৰাকী উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজক গঢ় দি পৃথিৱীৰ  ভিতৰতে আটকধুনীয়া সংবিধান প্ৰণয়ন কৰি সকলো ভাৰতীয়ক সম-অধিকাৰ প্ৰদান কৰাৰ বিষয়টো সুদৃঢ় কৰিলে সেই বিষয়ে অৱগত কৰি কয় যে ড০ আম্বেদকাৰৰ সেই মহান কৰ্মৰ বাবে আমি সকলো ভাৰতীয় তেখেতৰ ওচৰত চিৰকৃতজ্ঞ।  সদৌ ভাৰত অনুসূচীত জাতি আৰু জনজাতি কৰ্মচাৰী কল্যাণ সন্থা, অ’এনজিচি অসম সম্পদৰ মাননীয় অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী পোনাৰাম মিলিয়ে প্ৰকৃতিৰ অবিহনে কোনো প্ৰাণী জীয়াই থকাটো যেনেকৈ সম্ভৱ নহয় ঠিক তেনেকৈ সংবিধানৰ অবিহনে সকলো ভাৰতীয়ৰ সম-অধিকাৰ আৰু সম-নিৰাপত্তা অসম্ভৱ বুলি তেখেতৰ চমু ভাষণত উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জি জি এম  সতীশ বাবুৱে ড০ আম্বেদকাৰে দেশলৈ আগবঢ়োৱা অতুলনীয় অৱদানৰ সম্পৰ্কে নতুন প্ৰজন্ম জ্ঞাত হোৱাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। অ’এনজিচি অসম সম্পদৰ অনুসূচীত জাতি আৰু জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ সম্পাদক জগত চন্দ্ৰ হাজৰিকাই আদৰণি ভাষণ প্ৰদান কৰে। সন্থাৰ উপাধ্যক্ষ ডেম্বিৰাম পাংগিঙে আঁতধৰা অনুষ্ঠানটিত সন্থাৰ RVP ৰাজীৱ চন্দ্ৰ দেউৰীয়ে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানৰ শেষত বাৰেবৰণীয়া জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনেৰে সভাখন সুন্দৰ ৰূপত সামৰণি পৰে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More