নলবাৰীত ধুমুহাত কথমপি ৰক্ষা এগৰাকী অধ্যাপকৰ পৰিয়াল

উদ্ধাৰ অভিযানত এছ ডি আৰ এফ বাহিনী

0 17

শতাব্দ প্ৰতিনিধি, নলবাৰী, ১৬ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দ উলাহৰ মাজতে নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো বৃহস্পতিবাৰে নিশা ধুমুহাই তাণ্ডৱ চলায়। এই ধুমুহাই বহু পৰিয়ালৰ যথেষ্ট ক্ষতিসাধন কৰে। জিলাখনৰ বিভিন্ন প্ৰান্তত গছ উভালি পৰাত যাতায়াত বিঘ্নিত হৈ পৰাৰ লগতে বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। কেবা ঠাইতো বিদ্যুৎ পৰিবাহী তাঁৰ চিগি যোৱাত বিদ্যুৎ সেৱা বন্ধ হৈ পৰে যদিও শুকুৰবাৰে বিদ্যুৎ বিভাগে ক্ষীপ্ৰতাৰে মেৰামতি কৰি পুনৰ বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিয়ে। বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত অহা প্ৰচণ্ড ধুমুহাত নলবাৰীৰ একাংশ পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ উভালি পৰাত কেবাটাও পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়। এই ধুমুহাৰ ফলত নলবাৰী চহৰৰ সমীপৱৰ্তী বালিকৰিয়া নিবাসী তথা টিহু কলেজৰ সহযোগী অধ্যাপক মহিপতি দত্তৰ বাসগৃহ চৌহদত প্ৰকাণ্ড গছ উভালি পৰাত ২৫-৩০ জন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখ্য, অধ্যাপক দত্তৰ ঘৰত সেই সময়ত চলি আছিল সত্য নাৰায়ণ পূজা। সেইবাবে অধ্যাপক গৰাকীৰ বাসগৃহত অঞ্চলটোৰ ২৫-৩০ জন লোক আছিল। অধ্যাপক গৰাকীৰ কাষতে থকা লক্ষী বৰ্মন নামৰ পৰিয়ালটোৰ এডাল প্ৰকাণ্ড গছ দত্তৰ চোতালত উভালি পৰাত গৃহবন্দী হৈ থাকিব লগা হয় লোকসকল। অৱশ্যে গছ ডাল বাসগৃহটোৰ ওপৰত নপৰাত কোনোমতে প্ৰাণ ৰক্ষা পৰে লোকসকলৰ। উক্ত দুৰ্ঘটনাৰ ফলত অধ্যাপক গৰাকীৰ সীমাৰ পকী বেৰখনৰ ২০-২৫ ফুট ভাঙি যায়। এই ধুমুহাত অধ্যাপক গৰাকীৰ কাষৰে প্ৰমোদ বৰ্মন নামৰ আন এটা পৰিয়ালৰো বাসগৃহৰ কিছু পৰিমাণে ক্ষতিসাধন হয়। পিছদিনা এছ ডি আৰ এফ বাহিনীয়ে সমগ্ৰ দিনটো উদ্ধাৰ অভিযান চলাই কোনোমতে অধ্যাপক গৰাকীৰ পৰিয়ালটোৰ লোকসকলক বাহিৰলৈ অহা-যোৱাৰ ব্যৱস্থা কৰি দিয়ে। উক্ত ধুমুহাৰ ফলত অঞ্চলটোৰ মন্দিৰ এটাৰো ব্যাপক ক্ষতিসাধন হয়।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More