মাৰ্ঘেৰিটাত পহিলা বহাগত ৮ জনক সাংবাদিক সংস্থাৰ বিহুৰ ওলগ

0 20

মাৰ্ঘেৰিটা ১৬ এপ্রিলঃ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত তিনিচুকীয়া জিলা সাংবাদিক সংস্থা তৰফৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে মাৰ্ঘেৰিটাৰ সমাজলৈ অনবদ্য অবদানৰ জৰিয়তে সেৱা আগবঢ়াই অহা ক্ৰমে বিশিষ্ট চিকিৎসক ডাঃ অতুল বৰা আৰু সমাজ সংগঠক পবিত্ৰ বৰগোহাঞিক সম্বৰ্ধনা জনোৱাৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ তৰফৰ পৰা ক্ৰমে সোমেশ্বৰ নেওগ, অৱসৰ প্রাপ্ত প্রধান শিক্ষক, পুতুল বৰা লোকবাদ্য শিল্পী, বৰগোলাই, হিৰণ্য কুমাৰ বৰদলৈ অৱসৰপ্ৰাপ্ত শিক্ষক, মাৰ্ঘেৰিটা, যোগেন গগৈ অৱসৰ প্ৰাপ্ত শিক্ষক, মাৰ্ঘেৰিটা, অপূৰ্ব ভাগৱতী কেতেটং, অৱসৰপ্ৰাপ্ত শিক্ষক, গুনিন শৰ্মা বয়োজ্যেষ্ঠ নাগৰিক সম্বৰ্ধনা জনোৱা হয় । এই কাৰ্য্যসূচীত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপদেষ্টা ৰামপ্ৰসাদ আম্বেদকাৰ, সভাপতি পাৰ্থপ্ৰতীম গোস্বামী , উপসভাপতিদ্বয় সমীৰণ বৰঠাকুৰ, বিকাশ বৰুৱা , যুটীয়া সম্পাদক মানস প্ৰতিম গগৈ , ফাইজুৰ ৰহমান সাংগঠনিক সম্পাদক, মিঠুন বৰুৱা কোষাধ্যক্ষ , শ্যামল নেওগ, অৰুণ ভূঞা, জাহিদ আলি, বিকি দাস আদি কাৰ্য্যনিবাহক সদস্য উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More