লখিমপুৰত দুকুৰি কৃষকক আই জি এচ এচ এচৰ প্ৰশিক্ষণ

0 18

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৯ মে’: ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ইন্দো গ্লবেল চচিয়েল চাৰ্ভিছ চ’চাইটিয়ে সময়ে সময়ে বিভিন্ন লোকক স্বাবলম্বনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ যোৱা ২৬ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে উক্ত স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত বিভিন্ন স্থানত কেবাটাও প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়৷ তেনে কাৰ্যসূচীৰ অংশ হিচাপেই লখিমপুৰ নগৰৰ গৰুমূৰীয়াৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰত চাৰিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ বিভিন্ন প্ৰকাৰৰ ৰবি শস্য তথা ধান, মাহ সৰিয়হ আদিৰ কৃষিকাৰ্য কেনেদৰে উন্নত পদ্ধতিৰে কৰিব পৰা হয় আৰু পোক পৰুৱা নিয়ন্ত্ৰণ কৰিব পৰা হয় সেই বিষয়ে ২৫জন যুৱক-যুৱতী, কৃষকক এই প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ কেভিকে উত্তৰ লখিমপুৰ আৰু মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কৰ্মশালাত ঘূনাসুঁতি, লখিমপুৰ আৰু ন-কদম গাঁও পঞ্চায়তৰ এই উদ্যমী খেতিয়কসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ ইয়াত আই জি এছ এছ এছৰ ৰাজ্যিক সমন্বয়ক ধৰণী পায়েঙকে ধৰি সমন্বয়ক মণ্টু শইকীয়া, হৰি বড়ো, এলিচ কংগাটি আদিয়ে অংশগ্ৰহণ কৰে৷ প্ৰশিক্ষণত মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড॰ প্ৰৱাল শইকীয়া, কেভিকেৰ জ্যেষ্ঠ বিজ্ঞানী ড॰ প্ৰশান্ত কুমাৰ নেওগ আদিয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়৷ একেদৰে জহিঙত থকা লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাংগণতো একেটা স্বেচ্ছাসেৱী সংগঠনে ২৬-২৯ মে’ লৈ চাৰিদিনীয়া পশুপালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ ইয়াত একেকেইটা পঞ্চায়তৰ ১৫জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷ প্ৰশিক্ষণ কৰ্মশালাত মহাবিদ্যালয়ৰ সহযোগী গুৰু ড॰ উমাৰাম তামোলী, উপ-সঞ্চালক সঞ্জীৱ খাৰঘৰীয়া আদিয়ে অংশগ্ৰহণ কৰে৷ইয়াত মহাবিদ্যালয়খনৰ অধ্যাপকসকলে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি গৰু-ছাগলী, হাঁহ-কুকুৰা, গাহৰি পালন কৰি কেনেদৰে স্বাৱলম্বী হ’ব পাৰি সেই সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়ায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More