উজ্জ্বল ভূঞাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে অনুমোদন

পাঁচখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদোন্নতিত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ অনুমোদন

0 27

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ মে’ : আজি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ৫ গৰাকী ন্যায়াধীশক দেশখনৰ ৫ খন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ উজ্জ্বল ভূঞাক তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, গুজৰাট উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ ৰশ্মিন এম ছায়াক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, দিল্লী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ন্যায়াধীশ বিপিন ছাংঘীক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, বোম্বে উচ্চ ন্যায়ালয়ৰ বিচাৰপতিদ্বয় আমজাদ এ ছয়ীদ আৰু এছ এছ সিন্দেক ক্ৰমে হিমাচল প্ৰদেশ আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবৰ বাবে চৰকাৰলৈ অনুমোদন জনায়। উল্লেখযোগ্য যে, তেলেঙ্গানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মনোনীত হোৱা ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মূল বিচাৰপীঠ আছিল গুৱাহাটী উচ্চ ন্যায়ালয়। তেখেতৰ আজি মনোনয়নৰ বাতৰিটো ৰাজ্যখনৰ বাবে আনন্দৰ বিষয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More