QP মানে ‘আকাশ এয়াৰ’ 

0 37
শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে’ : অহা জুলাই মাহত ভাৰতৰ আকাশমাৰ্গত নতুনকৈ বিমান সেৱা আৰম্ভ কৰিবলগীয়া ‘আকাশ এয়াৰ’লৈ প্ৰদান কৰা হৈছে এয়াৰলাইন ক’ড। দেশী-বিদেশী সকলোবোৰ বিমান পৰিৱহণ সংস্থাৰে এটা নিজস্ব ক’ড বা সাংকেতিক চিহ্ন থাকে। ইণ্টাৰনেশ্যনেল এয়াৰ ট্ৰেন্সপ’ৰ্ট এচোছিয়েশ্যন(IATA)এ দুটা আখৰৰ (তাৰে এটা সংখ্যাও হ’ব পাৰে) ক’ড প্ৰতিটো বিমান সংস্থাক প্ৰদান কৰে। সাধাৰণতে নিৰ্দিষ্ট বিমান সংস্থা এটাক চমুকৈ চিনাক্ত কৰাৰ বাবেই এই ক’ড প্ৰদান কৰা হয়। উদাহৰণ স্বৰূপে ইণ্ডিগ’ এয়াৰলাইঞ্চক 6E, এয়াৰ ইণ্ডিয়াক AI, স্পাইচ জে’টক SG বুলি চমুকৈ ইয়াৰ ক’ডটোৰ পৰাই চিনাক্ত কৰিব পাৰি। তেনেদৰে এতিয়া ভাৰতবৰ্ষত নতুনকৈ প্ৰৱৰ্তন হ’বলগীয়া ‘আকাশ এয়াৰ’ক প্ৰদান কৰা হৈছে এয়াৰলাইন ক’ড QP । ইতিমধ্যে ২০২১ চনৰ আগষ্টত বিমান প্ৰতিষ্ঠানটোৱে অসামৰিক বিমান পৰিৱহণ মন্ত্ৰালয়ৰ পৰা আপত্তি বিহীন প্ৰমাণপত্ৰ লাভ কৰিছে। বিমান সেৱাত ‘আকাশ এয়াৰ’এ ব’য়িং ৭৩৭ মেক্স বিমান ব্যৱহাৰ কৰিব আৰু ৭২ খন এনে বিমান ক্ৰয় কৰিবৰ বাবে ব’য়িং প্ৰতিষ্ঠানৰ লগত চুক্তিবদ্ধ হৈছে। তদুপৰি এনে বিমান ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতৰ অসামৰিক বিমান পৰিৱহণৰ নিয়ন্ত্ৰক সংস্থা DGCA ৰ পৰা অনুমতি পত্ৰও বিমান সংস্থা টোৱে লাভ কৰিছে। উল্লেখযোগ্য যে, প্ৰখ্যাত বিনিয়োগকাৰী ৰাকেশ ঝুনঝুনৱালাৰ লগতে বিমান পৰিৱহণ খণ্ডৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট বিনয় ডুবে আৰু আদিত্য ঘোষ  ‘আকাশ এয়াৰ’ৰ মুখ্য পৃষ্ঠপোষক।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More