অভাৰলেন্ডিং দেশীয় পৰ্যটকৰ নতুন নিচা

0 46
অভাৰলেন্ডিং দেশীয় পৰ্যটকৰ নতুন নিচা
অৰিন্দম তালুকদাৰ
প্ৰাগ-ঐতিহাসিক যুগৰে পৰা মানুহে খাদ্য ৰ সন্ধান, বেহা-বেপাৰ ইত্যাদিৰ বাবে প্ৰথমে খোজ কাঢ়ি আৰু পৰৱৰ্তী সময়ত জন্তুৰ পিঠিত বা জন্তৱে টনা গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰি আহিছে। ধৰ্মৰ বিকাশ ৰ লগে লগে মানুহে তীৰ্থযাত্ৰা ৰ বাবেও বিভিন্ন ঠাইলৈ যাবলৈ লৈছিল। এনেদৰেই কালক্ৰমত মানুহে বিনোদনৰ বাবে  স্থলপথেৰে গাড়ী- মটৰত যাত্ৰা কৰিবলৈ লৈছিল। অভাৰলেন্ডিং অৰ্থাৎ ভূমিৰ ওপৰেৰে কৰা যাত্ৰাৰ এই প্ৰক্ৰিয়াটো বহু বছৰ আগতে  প্ৰথমে অষ্ট্ৰেলিয়াত পশুধন বিলাকৰ অনা নিয়াৰ বাবে আৰম্ভ হৈছিল আৰু সময়ত গৈ ই বিনোদন ধৰ্মী পৰ্যটন কাৰ্যৰ ৰূপ লয়।সহজ ভাষাত অভাৰলেন্ডিং হ”ল আত্ম নিৰ্ভৰ আৰু স্বয়ং পৰিচালিত মটৰ গাড়ীৰে কৰা দীঘলীয়া যাত্ৰা। অভাৰলেন্ডিং কৰা পৰ্যটক সকলৰ বাবে “লক্ষ্যস্থান”  নহয়, “যাত্ৰা কালৰ” অভিজ্ঞতাহে মুখ্য। বহু যোজন বাট গাড়ীৰে যোৱাৰ মাদকতা, বাটতে গাড়ীতে বা তম্বু তৰি থকা-খোৱাৰ ব্যৱস্থা এইবোৰ এক ধৰণৰ দু: সাহসিক পৰ্যটনৰ অংগ ৰূপে পৰিগণিত হ’ল। আমেৰিকা- ইউৰোপৰ পথ যোগাযোগ ব্যৱস্থাৰ ব্যাপক উন্নতি, ভ্ৰমণকাৰীৰ বাবে বাটৰ কাষৰ সা সুবিধা, উন্নত প্ৰযুক্তিৰ বিলাসী মটৰ গাড়ীৰ বিকাশ আদিয়ে এইদৰে গাড়ীৰে শ শ ,হাজাৰ,হাজাৰ মাইল দূৰলৈ বিদেশী পৰ্যটক সকলক কাৰাভানত যাত্ৰা কৰাৰ বাবে আগ্ৰহী কৰি তুলিলে।
আমাৰ ভাৰতবৰ্ষতো ইংৰাজ সকল অহাৰ পাচৰে পৰা জীপ গাড়ীৰ পিছফালে ট্ৰেইলৰ লগাই তম্বু, ৰেচন পাতি লৈ দূৰ্গম অঞ্চলবোৰলৈ প্ৰয়োজনীয় কামৰ লগতে চিকাৰ কৰাৰ বাবেও অহা- যোৱা কৰিছিল। ব্যক্তিগত ভাৱে এনেদৰে ট্ৰেইলৰ লগোৱা জীপত উঠি সৰুতে বনভোজ খাবলৈ যোৱা আমাৰ মনত আছে। বেডফৰ্ড ট্ৰাক বিলাকো এনে কামত ব্যৱহৃত হৈছিল। ভাৰতৰ পশ্চিম আৰু দক্ষিণ ভাৰতৰ ৰাষ্টা-ঘাট বোৰ আগৰে পৰা ভাল বাবে সেই ঠাইবোৰত স্থলপথেৰে মানুহৰ বিনোদনধৰ্মী যাত্ৰাও আগতে আৰম্ভ হৈছিল। শেহতীয়াকৈ ভাৰতবৰ্ষৰ বাট- পথৰ ব্যাপক উন্নতি, পৰ্যটক সকলৰ ব্যতিক্ৰমী অভিজ্ঞতা লাভৰ অন্বেষণ আদিৰ বাবে লাহে ধীৰে অভাৰলেন্ডিংৰ লেখীয়া অভিৰুচিৰ বিকাশ হ’বলৈ আৰম্ভ হ’ল।অভাৰলেন্ডিং ভ্ৰমণৰ জৰিয়তে পৰ্যটকে পৃথিৱীখন অতি ওচৰৰ পৰা চোৱা আৰু পৃথিৱীক জনাৰ প্ৰয়াস কৰে। ইতিহাস, বন্যপ্ৰাণী, সংস্কৃতি, প্ৰকৃতিক ওচৰৰ পৰা পাব পৰা এটি মাধ্যম হʼল অভাৰলেন্ডিং।  অভাৰলেন্ডিংৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ’ল এখন কাৰাভান বা  পৰ্যটকৰ বাবে ৰাত্ৰিযাপন, ৰন্ধা- বঢ়াৰ সুবিধা থকা, সংলগ্ন  বাথৰুমৰ ব্যৱস্থা আদিৰে সুসজ্জিত এখন গাড়ী। স্বাভাৱিকতে এনে এখন কাৰাভান তৈয়াৰ কৰি ল’বলৈ যথেষ্ট ধন আৰু সময়ৰ প্ৰয়োজন হয়। কিন্তু চিত্ৰ তাৰকা বা ৰাজনৈতিক নেতা সকলৰ লেখীয়া এনেকুৱা ভানেৰেই যাত্ৰা কৰিয়েই যে কেৱল মটৰগাড়ী ৰে যাত্ৰা কৰাৰ অনন্য মাদকতা ল’ব পাৰি এনে নহয়। ব্যক্তিগত SUV বা MUV বা  আন সৰু বাহন এখনৰো পিছৰ ছিটতো খুলি গাড়ীতে ৰাত্ৰিযাপন কৰাৰ ব্যৱস্থা কৰি ল’ব পাৰি,বাকীখিনি কামৰ বাবে বাটৰ কাষৰ সা-সুবিধা বোৰ বা অতিথিশালা, ধাবা ইত্যাদি ব্যৱহাৰ কৰিব পাৰি। ভাৰতবৰ্ষত ব্যক্তিগত ভাৱে বহু জনে এনেদৰে  ভ্ৰমণ কৰি আহিছে। এনে এজন ব্যক্তি হ’ল ধ্ৰুৱ নৰ্থ‍(নৰ্থ তেওঁৰ বাহনৰ নাম)।  ডেৰাডুনৰ  ৩৩ বছৰীয়া ধ্ৰুবই  প্ৰথমে তেওঁৰ ডাটশ্বুন গাড়ীখনেৰে ভাৰতৰ বিভিন্ন ঠাই ঘুৰি ফুৰি ভাৰতবৰ্ষত অভাৰলেন্ডিং ভ্ৰমণ কৰাৰ তথ্য আমি পাওঁ।তেওঁ ২০১৭ চনত ১৯৮৮ মডেলৰ মেটাডৰ গাড়ী(অধুনালুপ্ত) এখন কিনি সেইখন সম্পূৰ্ণ ৰূপে নতুন ৰূপত সজাই পৰাই ২০২১চনত  পত্নী আৰু চাৰিবছৰীয়া পুত্ৰক লৈ    অভাৰ লেন্ডিং আৰম্ভ কৰে। ধ্ৰুৱ নৰ্থে তেওঁৰ জনপ্ৰিয় ইউটিউব চেনেল
First Indian Camper ৰ জৰিয়তে অভাৰলেন্ডিংৰ ৰোমাঞ্চকৰ অভিজ্ঞতা বোৰৰ বিষয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰি আহিছে। তেনেদৰে মদন নামৰ আন এজন  ব্যক্তিয়েও অভাৰলেন্ডিং পৰ্যটন ৰ আনন্দ লোৱাৰ লগতে ফেচবুক ত  India Overlands শীৰ্ষক অভাৰলেন্ডিং প্ৰিয় পৰ্যটকৰ গোট খুলি অভাৰলেন্ডিং ভ্ৰমণৰ সমূহীয়া কাৰ্যসূচী পৰিচালনা কৰিছে। ফেচবুক,ইনস্টাগ্ৰামৰ লেখীয়া সামাজিক মাধ্যমত  এতিয়া সঘনাই প্ৰকাশ হোৱা অভাৰলেন্ডিংৰ বৰ্ণাঢ্য অভিজ্ঞতা লোৱা পৰ্যটকৰ ফটো বা ভিডিঅ বোৰেও ন ন পৰ্যটকক এই দিশত আগ্ৰহী কৰি তোলা পৰিলক্ষিত হৈছে।
কভি’ড পৰিস্থিতিৰ বাবে  ভাৰত বৰ্ষত অভাৰলেন্ডিং ভ্ৰমণৰ প্ৰতি এচাম ভাৰতীয় পৰ্যটক আগবাঢ়ি অহা দেখা গৈছিল।  ঘৰত সোমাই, সোমাই মবাইল, কম্পিউটাৰ পিটিকি  বিৰক্ত হৈ এটা ব্ৰেক বিচৰা, জনসমাগমৰ পৰা আতঁৰি আছুতীয়া কৈ নিৰাপদে কৰবাত গাড়ীতে বা লগত নিয়া তম্বু আদি তৰি থকা মেলা কৰিব পৰা ব্যৱস্থা এটা নিজে তৈয়াৰ কৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ মানুহে গাড়ীৰে অভাৰলেন্ডিং কৰিবলৈ আৰম্ভ কৰিলে। বহুতে ইয়াৰ বাবে মাৰুতি ইক’,  মহিন্দ্ৰ বলেৰো পিক আপ আদি গাড়ীকেই সজাই পৰাই লৈ লম্বা চফৰ আৰম্ভ কৰি দিলে। আন এচাম আঢ্যবন্ত লোকে দামী, বিলাসী গাড়ী একোখন কাৰাভান ৰূপে  নৰূপত সজাই ল’ব লৈ আৰম্ভ কৰিছে। ঘাইকৈ অভাৰলেন্ডাৰ সকলে  টেম্প ট্ৰেভেলাৰ বা অলপ কম মূল্যৰ মাৰুতি ইক’, বলেৰো পিক আপ আদি গাড়ী নৰূপত অভাৰলেন্ডিংৰ বাবে সজাই লৈছে।আন কিছুমানে এই ন অভিজ্ঞতা ল’বৰ বাবে ট্ৰেভেল এজেঞ্চী ৰ পৰা  এনে কাৰাভান ভাৰালৈ লৈছে। ভাৰতীয় পৰ্যটক সকলৰ অভাৰলেন্ডিং ৰ প্ৰতি এনে আগ্ৰহ দেখি ভাৰতবৰ্ষৰ কেৰেলা, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক প্ৰভৃতি ৰাজ্য ই কাৰাভান পৰ্যটনৰ বিকাশৰ বাবে নীতি প্ৰস্তুত কৰিছে। বিদেশৰ তুলনাত আমাৰ দেশত কাৰাভান পৰ্যটনৰ ক্ষেত্ৰত বহুতো প্ৰতিবন্ধকতা দেখা যায়।  উন্নত মানৰ গাড়ীবোৰ অত্যন্ত ব্যায় বহুল, কাৰাভানত থাকিবলগীয়া অত্যাধুনিক সা সুবিধাৰ অভাৱ, বাটৰ কাষত কাৰাভানৰ বাবে অপৰ্যাপ্ত সা সুবিধা আৰু দুৰ্বল নিৰাপত্তা ব্যৱস্থা,কেতবোৰ আইনৰ বাধা নিষেধৰ বাবে অভাৰলেন্ডিং পৰ্যটন বাধাগ্ৰস্ত হৈছে। আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ ৰ পৰ্যটক সকলৰো এনে পৰ্যটন ৰ প্ৰতি সঁহাৰি দেখা গৈছে।
অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত অভাৰলেন্ডিং এতিয়াও চালুকীয়া অৱস্থাতেই আছে। অনাগত দিনবোৰত অৰুণাচল প্ৰদেশত এই ধৰণৰ পৰ্যটনে বিকাশ লাভ কৰাৰ সম্ভাৱনা আছে।(সহায় লৈ)
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More