তিনিচুকীয়াত পৰ্যটন বিভাগ, প্ৰেছ ক্লাব, বেব্লাৰ্ছ ইনৰ উদ্যোগত পৰ্যটন দিৱস পালন

বিশিষ্ট প্ৰকৃতিপ্ৰেমী জয়নাল আবেদিনক সম্বৰ্ধনা

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা তিনিচুকীয়া প্ৰেছ ক্লাব আৰু বেব্লাৰ্ছ ইন (বটিক হোমষ্টে) নামৰ প্ৰতিষ্ঠানৰ সহযোগত আজি বিশেষ কাৰ্যসূচীৰে তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। চহৰখনৰ উপকণ্ঠৰ গুইজান বাইপাছৰ সমীপৱৰ্তী বেব্লাৰ্ছ ইনৰ চৌহদত বিশ্ব পৰ্যটন দিৱসৰ আৰম্ভণিতে অৱসৰপ্ৰাপ্ত অধ্যাপক উত্তম দুৱৰাই এক আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে। আজিৰ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, জিলা সাংবাদিক সন্থাৰ সভাপতি ড° ঋষি দাস, তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা চাংমাই, বিশিষ্ট পৰ্যটক শৈলেশ শৰ্মা, বিশিষ্ট চাহ পৰ্যটক ৰাজেশ চিংফৌ, জিলা পৰ্যটন বিভাগৰ দীক্ষিতা ফুকন, বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা বেব্লাৰ্ছ ইনৰ স্বত্ত্বাধিকাৰী পাৰ্থসাৰথি দাসৰ উপৰি তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক ক্ৰমে কমল তালুকদাৰ আৰু চিন্ময় শৰ্মাৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থকা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী তথা পৰ্যটন উদ্যোগৰ বাটকটীয়া জয়নাল আবেদিনক (বেণু) সম্বৰ্ধনা জনোৱা হয় । বৰ্তমান সময়ত শাৰীৰিক অসুস্থতাত ভুগি থকা বেণুদাই নিজৰ ভাষণত বহু তিতা-মিঠা অভিজ্ঞতা আৰু স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে । অনুষ্ঠানত বিশ্বৰ প্ৰায়সমূহ দেশ ভ্ৰমণ কৰা শৈলেশ শৰ্মাই তেওঁৰ ভাষণত ভ্ৰমণকালত লাভ কৰা বৈচিত্ৰময় অভিজ্ঞতাৰ কথা উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন দেশৰ বহু চহকী আৰু সম্ভাৱনাময় বুলি কয় । আনহাতে চাহ পৰ্যটক ৰাজেশ চিংফৌৱে অসমত চাহ পৰ্যটনৰ সম্ভাৱনা আৰু তেওঁৰ বিদেশ ভ্ৰমণৰ কিছু স্মৰণীয় মূহুৰ্তৰ কথা নিজৰ বক্তব্যত দাঙি ধৰে ৷ জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰে বৰ্তমান পৰ্যটন এক বিশাল উদ্যোগত পৰিণত হোৱা বুলি উল্লেখ কৰি এই উদ্যোগে অভাৱনীয় হাৰত বৈদেশিক মুদ্ৰাৰ আদান-প্ৰদান সম্ভৱ কৰি তোলা বুলি কয় । তেওঁ লগতে অসমৰ পৰ্যটনৰ ক্ষেত্ৰত উপযুক্ত গাইডৰ অভাৱৰ কথা উল্লেখ কৰে । জিলা সাংবাদিক সন্থাৰ সভাপতি ড° ঋষি দাসে তেওঁৰ বক্তব্যত সাংস্কৃতিক বিনিময়েই পৰ্যটনৰ অন্যতম ভেটি কৈ এই ভেটি কিদৰে অৰ্থনৈতিক ভেটিলৈ পৰিৱৰ্তিত হয় সেইবিষয়ে বক্তব্য দাঙি ধৰে । অনুষ্ঠান অন্তত শলাগৰ শৰাই আগবঢ়াই জিলা পৰ্যটন বিভাগৰ দীক্ষিতা ফুকনে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More