চৰাইদেউৰ মৈদামঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা

৪ মন্ত্ৰী-মুখ্য সচিবৰ, প্ৰত্নতত্ব-ৰাজহ-লোকনিৰ্মাণ বিভাগ-এএছআইৰে উচ্চস্তৰীয় বৈঠক

0 64

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া মন্ত্ৰীস্তৰীয় গোটে আজি মৈদাম প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, থলুৱা জনগোষ্ঠীয় বিশ্বাস আৰু কৃষ্টি (প্ৰত্নতত্ব) বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনকলৈ গঠিত মন্ত্ৰীস্তৰীয় গোটে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ সৈতে আজি চৰাইদেউৰ প্ৰত্নতাত্বিক ক্ষেত্ৰত উপস্থিত হৈ ইউনেস্কোৰ বিশেষজ্ঞ দলৰ আসন্ন পৰিদৰ্শনৰ পূৰ্বে মৈদামথলীৰ সংৰক্ষণ-সংবৰ্দ্ধনৰ বাবে চলোৱা বিশেষ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা কৰে।WhatsApp Image 2023 09 09 at 7.16.09 PM মৈদাম সংবৰ্ধনৰ কাম-কাজ পৰিদৰ্শনৰ অন্তত চাৰিওগৰাকী মন্ত্ৰী আৰু মুখ্য সচিবে চৰাইদেউৰ প্ৰত্নতাত্বিক ক্ষেত্ৰৰ চুকাফা সংগ্ৰহালয়ত ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় প্ৰত্নতত্ব জৰীপ (এএছআই)ৰ লগতে ৰাজহ, পৰ্যটন, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী, এপিডিচিএল আদি একাধিক বিভাগৰ শীৰ্ষ বিষয়া, চৰাইদেউ আৰু শিৱসাগৰৰ জিলা আয়ুক্তদ্বয়, আৰক্ষী অধীক্ষকৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত হোৱা এই বৈঠকত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ প্ৰধান সচিব জি ডি ত্ৰিপাঠী, থলুৱা জনগোষ্ঠীয় বিশ্বাস আৰু কৃষ্টি বিভাগৰ সচিব ৰঞ্জন শৰ্মা, পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, লোকনিৰ্মাণ (গ্ৰাম্য পথ) বিভাগৰ সচিব বি শইকীয়া, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা দীপিৰেখা কুলি, নতুন দিল্লীৰ পৰা অহা এএছআইৰ সঞ্চালক (বিশ্ব ঐতিহ্য) ড০ মদন এছ চৌহান, যুটীয়া সঞ্চালক প্ৰধান (উত্তৰ পূৰ্বাঞ্চল) টি আৰ শৰ্মা, শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, চৰাইদেউৰ জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগোটৰ সদস্য সকলৰ লগতে মুখ্য সচিবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পৰ্কীয় ইউনেস্কোৰ নিৰ্দিষ্ট চৰ্তাৱলী পূৰণ হোৱাকৈ মৈদামথলীক সাজু কৰি তুলিবলৈ অসম চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা বিশেষ ব্যৱস্থাৱলীৰ কাৰ্য ৰূপায়নৰ সবিশেষ খতিয়ান লৈ এই প্ৰস্তুতিৰে জড়িত প্ৰতিটো বিভাগকে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। অহা ৯ অক্টোবৰত ইউনেস্কোৰ ঐতিহ্য-বিশেষজ্ঞ দলৰ আগমনৰ পূৰ্বেই যাতে সকলো কাম সম্পূৰ্ণ কৰি মৈদাম প্ৰকল্পথলী ইউনেস্কোৰ বিশেষজ্ঞ দলৰ পৰিদৰ্শনৰ বাবে সাজু হৈ উঠে, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে মন্ত্ৰীগোটৰ লগতে মুখ্য সচিবে। আজিৰ বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজহ মন্ত্ৰী যোগেন মহন, বিৰোধী দলপতি তথা নাজিৰাৰ বিধায়ক দেবব্ৰত শইকীয়া, স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ-শিৱসাগৰৰ জিলা আয়ুক্তদ্বয়ক স্থানীয় সকলো সামাজিক সংগঠন, নাগৰিক সমাজৰ লগত চৰাইদেউৰ মৈদামথলীৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি আহৰণৰ প্ৰয়াস সন্দৰ্ভত আলোচনাত মিলিত হৈ এইক্ষেত্ৰত সকলোৰে সহযোগিতা গ্ৰহণ কৰাৰ দায়িত্ব অৰ্পণ কৰে। উল্লেখ্য যে যোৱা এপ্ৰিলৰ প্ৰথম পষেকতে কেন্দ্ৰীয় চৰকাৰে চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবছৰ ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ ৰূপে ইউনেস্কোলৈ প্ৰেৰণ কৰাৰ পাছতে ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় প্ৰত্নতত্ব জৰীপ (এএছআই)ৰ অধীনত থকা মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ বাবে বিগত প্ৰায় পাঁচমাহ ধৰি এএছআই আৰু পৰ্যটন বিভাগকে ধৰি বিভিন্ন বিভাগৰ সহযোগত প্ৰত্নতত্ব সঞ্চালকালয়ে মৈদামৰ সংৰক্ষণ-সংবৰ্দ্ধনৰ দিশত কেতবোৰ বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণেৰে জোৰদাৰ প্ৰস্তুতি চলাই আছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More