ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অসম
কাঠচিতীয়া বিজেপিক উৎখাতৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ জুলাই : যোৱা ৪ জুলাইত গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত অসমৰ পাঁচটা বাওঁপন্থী ৰাজনৈতিক দলৰ যৌথ ৰাজ্যিক অভিৱৰ্তনত গৃহীত প্ৰস্তাৱমৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া চহৰৰ মাজ মজিয়াৰ থানা চাৰিআলিতো নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাওঁ দলসমূহৰ শতাধিক কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ লগতে ধৰ্ণাস্থলীৰ পৰা চহৰৰ তিনিকোণীয়া হৈ এক সমদলো বাহিৰ কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত চিপিআই(এম)ৰ তপন শৰ্মা, চিপিআই(এম-এল)ৰ সুভাষ সেন, শুভ্ৰজ্যোতি বৰ্ধন আৰু চিপিআইৰ ৰঞ্জন চৌধুৰীয়ে …
লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি-গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ দেহাৱসান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৫ জুলাইঃ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা লখিমপুৰ জিলা সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ৰ ভূমি আৰু গৃহ দাত্ৰী দেৱযানী শইকীয়াৰ আজি পুৱা ৯ বজাত দেহাৱসান ঘটে। আজি পুৱা তেখেত হঠাৎ অসুস্থ হৈ পৰাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আজি তেখেতৰ নশ্বৰ দেহ লখিমপুৰ জিলা সাহিত্য সভাৰ কাৰ্যালয় লক্ষীবিলাস ভৱনলৈ নি তেখেতৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লক্ষীমপুৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত নিয়োগ বিষয়া লক্ষীবিলাস শইকীয়াৰ সহধৰ্মিনী দেৱযানী শইকীয়াৰ…
তেজপুৰত অনন্য ৰূপত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৫ জুলাই: তেজপুৰৰ জ্যোতি ভাৰতী অৰ্থাৎ ঐতিহাসিক "পকী"ৰ ৰূপকোঁৱৰ মঞ্চত আজি কণ কণ প্ৰশিক্ষাৰ্থীৰ সৈতে পকী মজিয়াত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সৈতে একেলগে বহি অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ নাটক, সত্ৰীয়া নৃত্য, লোক অথবা পৰম্পৰাগত নৃত্য , কবিতা আবৃত্তি আৰু তৰ্কৰ প্ৰশিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে। উল্লেখ্য যে, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থী সকলৰ সুকুমাৰ কলা…
শোণিতপুৰত সঘন বিদ্যুৎ কৰ্টনত অতিষ্ঠ সৰ্বসাধাৰণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ১৪জুলাইঃ সম্প্ৰতি শোণিতপুৰৰ সকলো অঞ্চলতেই বিদ্যুতৰ সঘন কৰ্টনে ৰাইজক অতিষ্ঠ কৰিছে৷স্মাৰ্ট মিটাৰ সংযোজনৰ লগতে বিদ্যুৎ মাছুল বৃদ্ধিয়ে জুৰুলা কৰা সৰ্বসাধাৰণক প্ৰয়োজনীয় বিদ্যুৎ নিয়মীয়াভাবে যোগান ধৰিব নোৱৰাত এপিডিচিএলৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ দিনকদিনে বৃদ্ধি পাইছে৷উল্লেখযোগ্য যে,অবিভক্ত শোণিতপুৰত এই সমস্যা গ্ৰীষ্মৰ সময়ত বৃদ্ধি পোৱাৰ উপৰি সম্প্ৰতি বিদ্যুৎ সৰবৰাহ হৈ থকাৰ সময়ত ভল্টেজৰ মাত্ৰা হ্ৰাস পোৱাত অধিক ক্ষোভিত হৈছে ৰাইজ৷উল্লেখযোগ্য যে জিলাখনৰ অন্যান্য অঞ্চলৰ লগতে ঢেকিয়াজুলি, বৰছলা, তেজপুৰ, বালিপৰা,…
আৰক্ষী বিষয়াৰ বিৰুদ্ধে অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ তেজপুৰত আজি জনতাৰ ৰোষত পৰে এজন আৰক্ষী বিষয়া৷আনকি এগৰাকী যুৱতীলৈ আপত্তিকৰ বাৰ্তা প্ৰেৰণৰ অভিযোগত ৰাইজৰ আগত আঁঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হয়৷উল্লেখযোগ্য যে,তেজপুৰ আৰক্ষী চাউনিত সশস্ত্ৰ পৰিদৰ্শকৰূপে কৰ্মৰত লোহিত ৰাজবংশী নামৰ আৰক্ষী বিষয়াজনে তেজপুৰৰ বৰুৱাচুবুৰীত ঘৰ সাজি থাকিবলৈ লোৱাৰ সুবাদতে পৰিচিত এগৰাকী যুৱতীৰ মোবাইললৈ প্ৰেৰণ কৰিছিল আপত্তিজনক বাৰ্তা৷যুৱতীগৰাকীক আপত্তিজনক আলোকচিত্ৰ বিচাৰি দিয়া বাৰ্তাৰ বিষয়ে যুৱতী গৰাকীয়ে প্ৰথমে পৰিয়ালক অৱগত কৰাৰ পিছত গাওঁবাসীৰ দৃষ্টিগোচৰ হয় বিষয়টো৷আজি…
বজাৰত লাগিছে জুই চৰকাৰ আছে শুই : তিনিচুকীয়াত আছুৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ জুলাই : আজি সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খাদ্যবস্তুকে ধৰি প্ৰায় সকলো সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলোৱাৰ পাছতো চৰকাৰে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰি অহাৰ প্ৰতিবাদকল্পে আজি জিলা ছাত্ৰ সন্থাই তিনিচুকীয়া চহৰৰ মাজমজিয়াৰ থানা চাৰিআলিত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে ৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সভাপতি ৰাজা বলিমৰা, সাধাৰণ সম্পাদক…
বৰছলাৰ দৃষ্টিহীন নিত্যম দম্পতীক এটা চৰকাৰী আঁচনিৰ ঘৰৰ প্ৰয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৪জুলাইঃ দেশৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ সৰ্বমুঠ তিনি লাখ সাতহেজাৰ আঠশ ৮১টা গৃহত এক উৎসৱ মুখৰ পৰিৱেশত গৃহপ্ৰৱেশ ঘটিল সৌভাগ্যৱান সকলৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভাবে আয়োজিত এই গৃহপ্ৰৱেশ অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী,বিধায়ক,আমোলা বিষয়া আদিয়ে৷কিন্তু এই তিনি লক্ষাধিক সৌভাগ্যৱানৰ মাজত নাছিল শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ নিত্যম দাস নামৰ দৃষ্টিহীন আৰু চৰম দাৰিদ্ৰতাৰ মাজত দিন অতিবাহিত কৰা যুৱকজনৰ পৰিয়ালটো৷ উল্লেখযোগ্য যে,ঐতিহাসিক শিঙৰি…
শোণিতপুৰত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪জুলাইঃ তেজপুৰৰ মিছন চাৰিআলি ঢেকিয়াজুলি তথা কামৰূপ সংযোগী ১৫নম্বৰ ৰাষ্ট্ৰীয় পথ মেৰামতিৰ দাবীত আজি তেজপুৰৰ নিকটৱৰ্তী বিহগুৰি দৈনিক বজাৰৰ সমীপত দুঘন্টা সময় পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহগুৰি আঞ্চলিক সমিতিয়ে৷আজি পুৱা ১০বজাৰ পৰা দুপৰীয়া ১২বজালৈকে ৰূপায়িত এই পথ অৱৰোধ কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় পথটোৰ দুয়োদিশে অসংখ্য যানবাহন আৱদ্ধ হৈ পৰে৷উল্লেখযোগ্য যে,তেজপুৰৰ মিছন চাৰিআলিৰ পৰা ঢেকিয়াজুলি পৰ্যন্ত অধিক শোচনীয় হৈ পৰা ৰাষ্ট্ৰীয় পথটোৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত…
অসম সাহিত্য সভাক বৌদ্ধিক আৰু বিদ্যায়তনিক দিশেৰে আগুৱাই নিয়াৰ লক্ষ্যৰে ভাব- বিনিময়
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৩ জুলাই :
নৱপ্ৰজন্মৰ মাজত অসমীয়া ভাষা-সাহিত্য চৰ্চাৰ এক পৰিবেশ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাত গঢ়ি তোলাৰ লগতে ৰাজ্যখনত অসমীয়া ভাষা ব্যৱহাৰিক ৰূপত প্ৰয়োগ কৰা ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাবে বিদ্যায়তনিক আৰু বৌদ্ধিক চিন্তা-চেতনাৰ বিকাশ অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিখনৰ মুখ্য প্ৰয়োজনীয় লক্ষ্য আৰু কৰ্তব্য । আজি তেজপুৰত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই ৷ উল্লেখ্য যে , অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ…
লখিমপুৰ নগৰৰ পথৰ কাষত থকা বিপজ্জনক গছ কাটিবলৈ বাধ্য হ’ল প্ৰশাসন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৩ জুলাই ঃ অৱশেষত লখিমপুৰ নগৰৰ পথৰ দাঁতিত থকা একাংশ গছ কটা কাৰ্য আৰম্ভ কৰিবলৈ বাধ্য হ’ল লখিমপুৰ জিলা প্ৰশাসন৷ বুধবাৰে নগৰখনৰ খেলমাটিত পথৰ দাঁতিত থকা এজোপা প্ৰকাণ্ড শিমলু গছ বাগৰি এজন লোকৰ মৃত্যু হোৱাৰ পাছত আজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পথৰ দাঁতিত হাউলি থকা বিপজ্জনক গছ কটা কাৰ্য আজিৰে পৰা প্ৰশাসনে আৰম্ভ কৰিছে৷ উল্লেখ্য যে নগৰখনৰ বিভিন্ন স্থানত এনদৰে পথৰ দাঁতিত বিপজ্জনক ভাৱে বহু হাউলি আছে৷ এই গছবোৰেও যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত কৰিব পাৰে৷ লখিমপুৰ নগৰৰ চৌদিশে পথৰ দাঁতিতে থকা ভয়ংকৰ…