‘আতিথ্য’ৰ সেৱা আপুনিও ল’ব পাৰে

৬০ গৰাকীৰো অধিক যুৱক-যুৱতীৰ পদক্ষেপ

1 271

যি সময়ত সহজ উপাৰ্জনৰ দৌৰত নৱপ্ৰজন্মৰ একাংশই বিভিন্ন অসামাজিক কাৰ্যত লিপ্ত হৈ সমাজ-ব্যৱস্থা কলুষিত কৰি তুলিছে ঠিক তেনে সময়তে সমাজৰ অন্য এচাম লোকে কামৰ সৰু বৰ বিচাৰ নকৰি বিপথে যোৱা নৱপ্ৰজন্মক আদৰ্শৰ বাট দেখুৱাই কৰ্ম সংস্কৃতিৰ এক নজিৰ সৃষ্টি কৰাত ব্যস্ত হৈ পৰিছে। সেৱাৰ জৰিয়তেও অৰ্থ উপাৰ্জন কৰিব পাৰি বুলি আত্মবিশ্বাস লৈ এইবাৰ ওলাই আহিছে বিশ্বনাথ জিলাৰ হাৱাজানৰ এদল উচ্চশিক্ষিত যুৱক-যুৱতী । এই দলটোত আছে মহাবিদ্যালয়-বিশ্ববিদ্যালয় পৰ্যায়ৰ ৬০ গৰাকীৰো অধিক যুৱক-যুৱতী। তেওঁলোকে প্ৰথমতে জন্ম দিছিল ‘আতিথ্য’ নামৰ এটি গোট। এই আতিথ্যই সময় বাগৰাৰ লগে লগে আৰম্ভ কৰিলে আতিথ্য কেটাৰিং। বিয়া সবাহৰ কেটাৰিঙৰ পৰাই আৰম্ভ কৰিলে তেওঁলোকৰ প্ৰথম যাত্ৰা। সাম্প্ৰতিক সময়ৰ বৰ্ধিত শিক্ষিত নিবনুৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আত্মপ্ৰতিষ্ঠাৰ এক পৰিকল্পনা প্ৰস্তুত কৰি ল’লে। চাকৰি নিৰ্ভৰশীলতাৰ বিপৰীতে শিক্ষা সাং কৰি যাতে নিবনুৱা হৈ থাকিব লগা নহয় তাৰ বাবেই এনে পদক্ষেপ লৈ আতিথ্যৰ ৰূপ দিলে জাতীয় আৰু জনগোষ্ঠীয় সাজ-পাৰেৰে । বিশ্বনাথ জিলাৰ হাৱাজান ঘূৰীয়া গাঁৱৰ শিক্ষিত যুৱক কাকু বৰাৰ পৰিকল্পনাৰে ২০১৫ বৰ্ষতে আত্মপ্ৰকাশ কৰা আতিথ্য কেটাৰিঙে লাহে লাহে ৰাইজলৈ মুকলি কৰি দিলে আন কেটবোৰ সুবিধা। উদ্যমী যুৱক কাকু বৰাই নেতৃত্ব লৈ ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবঢ়াই লৈ গ’ল আতিথ্যক। লখিমপুৰৰপৰা শোণিতপুৰলৈ আতিথ্যই দেখুৱাই গ’ল কৰ্ম সংস্কৃতিৰ নজিৰ।
আতিথ্যৰ আটাইতকৈ ভাল লগা কথাটো হ’ল কেটাৰিঙৰ লগতে তেওঁলোকে আগবঢ়াই আহিছে সাংস্কৃতিৰ কাৰ্যসূচী যিটো পৰিচালিত হয় শিক্ষিত যুৱতীসকলৰ দ্বাৰা, য’ত বাদ্যকাৰ যুৱতী,গায়ক যুৱতী নৃত্যশিল্পীও যুৱতীয়েই । চাফাই কৰ্মীৰ পৰা আৰম্ভ কৰি ফটোগ্ৰাফাৰ, বিয়াৰ গাড়ী সজ্জিতকৰণৰ লগতে প্ৰয়োজন সাপেক্ষে পেণ্ডেলৰো দায়িত্ব লৈ আহিছে আতিথ্যই।আতিথ্যৰ খ্যাতি লাহে লাহে বিস্তাৰিত হোৱাৱ সমান্তৰালকৈ তেওঁলোকৰ পৰিধিও বিস্তাৰিত হৈছে। চলিত বৰ্ষত গোলাঘাট, মাজুলী, যোৰহাটলৈকে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে আতিথ্য। অৱশ্যে অতিথ্যই মানুহৰ সক্ষমতাৰ ওপৰত লক্ষ্য ৰাখিহে মাননী গ্ৰহণ কৰে। মাননীৰ ক্ষেত্ৰটো ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আহিছে আতিথ্যই। আগ্ৰহীসকলে নিজৰ অনুষ্ঠানত আতিথ্যক পাবলৈ +৯১ ৭০৮৬৬ ৯২০৬৭ নম্বৰটোত যোগাযোগ কৰিব পাৰে। আতিথ্যৰ যাত্ৰা অব্যাহত থাকক।
মুক্তাৰ আলী,নাৰায়ণপুৰ

১ টা মন্তব্য
  1. Avatar of Subhas axom
    Subhas axom says

    সুন্দৰ পদক্ষেপ . We proud. Good job

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More