ৰঙাপৰা ৰে’ল ষ্টেচনলৈ নিশা যাতায়াত কৰিবলৈ আশংকা যানবাহন চালকৰ

সন্দেহজনক উদণ্ড যুৱকৰ ভয়-ভাবুকি

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ছেপ্টেম্বৰঃ ৰঙাপৰাৰ পৰা একাধিক ৰে’ল সেৱা আৰম্ভ হোৱাৰ পাছত নিশা ৰঙাপৰা ৰে’ল আস্হানলৈ তেজপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ বহু লোককে ব্যৱসায়িক বাহনৰ প্ৰয়োজন হয়৷ ভ্ৰমণৰ পৰা উভতি অহা লোকৰ উপৰি আনঠাইলৈ যাত্ৰা কৰিবলগীয়া যাত্ৰীয়ে এনে ব্যৱসায়িক বাহনৰ লগতে ইৰিক্সা আদিও ব্যৱহাৰ কৰে৷কিন্তু শেহতীয়াকৈ ৰঙাপৰা ৰে’ল আস্হানলৈ নিশা অহা যোৱা কৰিবলৈ ব্যৱসায়িক যানবাহনৰ চালকসকলে নিৰাপত্তাহীনতাত ভূগিছে৷ উল্লেখযোগ্য যে,ব্যৱসায়িক যানবাহনৰ চালকৰ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি নিশা ৰে’ল আস্হানত উপস্থিত হোৱাৰ পাছত কোনো যাত্ৰীক তাৰ পৰা আনিবৰ বাবে মাতি নিয়া চদ্মবেশী যাত্ৰীৰ কোনো সন্ধান নোলোৱাৰ লগতে অহাযোৱা পথত যানবাহনৰ চালকে সঘনাই ভাবুকি লাভ কৰাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ এনে অৱস্থাত নিশা ৰে’লযাত্ৰী তথা পৰ্যটকৰ বাবেও এক উদ্বেগজনক বিষয় হৈ পৰাৰ লগতে এই ঘটনাকলৈ যানবাহনৰ চালকসকল আতংকিত হৈ পৰিছে৷ উল্লেখযোগ্য যে,যোৱানিশা তেজপুৰৰ এনে এজন ব্যৱসায়িক যাত্ৰীবাহী বাহনৰ চালকক কোনোলোকে নিশা ৰঙাপৰা ৰে’ল ষ্টেচনৰ পৰা আনিবলৈ বুলি ভাড়া বন্দোৱস্ত কৰে৷নিশা ১২বজাত তেওঁক আনিবলৈ যোৱা বাহনখনৰ চালকজনক বিন্দুকুৰি ৰঙাপৰা সংযোগী পথৰ ঠাকুৰবাৰী অঞ্চলত প্ৰায় ১০-১২জনীয়া এটা যুৱকৰ দলে আগচি ধৰাৰ চেষ্টা কৰে যদিও চালকজনে ষ্টেচনৰ দিশে আগবাঢ়ি যাবলৈ সক্ষম হয়৷ কিন্তু ষ্টেচন পোৱাৰ সময়ত পূৰ্বে ফোন কৰা যাত্ৰীজনৰ ফোন বন্ধ পোৱাৰ লগতে চালকজনক ইয়াত থকা আনএকাংশ যুৱকে দাবী ধমকি দি চালকজনক জব্দ কৰাৰ অপচেষ্টা চলায়৷এনে পৰিস্থিতিত চালকজনে ৰঙাপৰাৰ পৰা বালিপৰা হৈ তেজপুৰলৈ উভতাৰ বাবে তীব্ৰ বেগত আঁতৰি অহাত তেওঁৰ পিছে পিছে এখন বগা আৰু আনখন ক’লা ৰঙৰ স্কৰ্পিয়ত উঠা দলে খেদি আহে৷উল্লেখযোগ্য যে,চালকজনক গৰৈমাৰী পৰ্যন্ত অনুসৰণ কৰি দুইখন স্কৰ্পিয়ৰ এখন এছএছবি চাউনিৰ সন্মুখৰ পথৰে আৰু এখন বায়ুসেনা চাউনিৰ পথৰ দিশৰে গুছি যায়৷ আজি ভুক্তভোগী চালকজনে এইবিষয়ে সতীৰ্থ চালকসকলক জনোৱাত পূৰ্বেও এনে ঘটনা সংঘটিত হোৱাৰ বিষয়ে আন একাংশ চালকে প্ৰকাশ কৰাৰ লগতে বালিপৰাতো এনে বাহন আগছি নিশাৰ ভাগত ভাড়া নিয়াৰ বাবে জোৰজুলুম কৰাৰ বিষয়েও প্ৰকাশ কৰিছে আন একাংশই৷ৰে’লৰ চলাচলে বহুলোকৰ বাবে সুবিধা তথা ব্যৱসায় বানিজ্যৰ পথ মুকলি কৰাৰ সময়ত ৰঙাপৰা সংযোগী পথ আৰু ষ্টেচনৰ সমীপত নিশা এনে সন্দেহজনক চক্ৰৰ উদ্ভণ্ডালি তথা ভয় ভাবুকিয়ে এক সন্দেহজনক পৰিস্থিতিৰ উদ্ভৱ কৰিছে৷এনে অৱস্থাত এই সন্দেহজনক চক্ৰটোৰ বিৰুদ্ধে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও ব্যৱসায়ীক যানবাহনৰ চালকসকলে দাবী কৰি কয় যে নিৰাপত্তাহীন হৈ পৰা নিশাৰ এনে পৰিৱেশত যিকোনো অঘটন এনে দলে সংঘটিত কৰিব পাৰে৷ উল্লেখযোগ্য যে,শেহতীয়াকৈ গাড়ীচুৰিৰ একাধিক ঘটনাও শোণিতপুৰত সংঘটিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More