আৰু এটা চৰকাৰী সংস্থা বিলগ্নীকৰণৰ পথত কেন্দ্রঃ শীঘ্রেই আহ্বান জনাব বিড

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে: চৰকাৰে এই বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত ছিপিং কর্প’ৰেচন অব ইণ্ডিয়াৰ বাবে আর্থিক বিডৰ আহ্বান জনাব পাৰে । পিটিআই সূত্রৰ খবৰ— কোম্পানীৰ ‘নন-কোৰ’ সম্পদ সংস্থাৰ পৰা পৃথক কৰা হয়। এই প্রক্রিয়া সম্পন্ন হ’লেই সংস্থাৰ বিলগ্নীকৰণ কৰাৰ বাবে আর্থিক দৰ আহ্বান কৰা হ’ব। কৌশলগত বিক্রয় প্রক্রিয়াৰ অংশ হিচাবে এই বিডৰ আহ্বান জনাব কেন্দ্রই। এই প্রক্রিয়াত চৰকাৰে চিপিং হাউচ আৰু প্রশিক্ষণ প্ৰতিষ্ঠানসহ SCIৰ বেছ কিছু ‘নন-কোৰ’ সম্পদ হস্তান্তৰ কৰিছে চিপিং কর্পৰেচন অব ইণ্ডিয়াৰ লেণ্ড লিমিটেডক । এই বিষয়ে নাম প্রকাশত অনিচ্ছুক এজন কৰ্মচাৰীয়ে কয় যে, ‘নন-কোৰ’ সম্পদ ডিমার্জাৰ প্রক্রিয়াত বহু সময় লাগে। তিনি-চাৰি মাহৰ ভিতৰত আর্থিক দৰপত্র আহ্বান কৰাৰ অৱস্থানত থাকিব SCI। ইয়াৰ পূৰ্বে যোৱা সপ্তাহত চিপিং কর্পৰেচনৰ পৰিচালনা পৰিষদৰ এক বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত কোম্পানীৰ নন-কোৰ সম্পদৰাজি চিপিং কর্পৰেচন অব ইণ্ডিয়াৰ লেণ্ড লিমিটেডক স্থানান্তৰ কৰা হৈছিল। হস্তান্তৰিত সম্পত্তিৰ ভিতৰত আছে মুম্বাইৰ চিপিং হাউচ আৰু পাৱয়াইৰ মেৰিটাইম ট্রেইনিং ইনষ্টিটিউট। SCIৰ তথ্য অনুসৰি ২০২২ চনৰ ৩১ মার্চৰ ভিতৰত নন-কোৰ সম্পদৰ মূল্য আছিল ২৩৯২ কোটি টকা। উল্লেখ্য যে, চৰকাৰে ২০২২-২৩ বিত্তীয় বর্ষত ৰাজহুৱা খণ্ডৰ উদ্যোগৰ বিনিয়োগৰ পৰা ৬৫ হাজাৰ কোটি টকা সংগ্রহৰ লক্ষ্যমাত্রা নির্ধাৰণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More