চীনে পাৰিছে, আমিও পাৰিম ! বৰ্ডাৰ ৰ’ডছক নিৰ্দেশ প্ৰতিৰক্ষা মন্ত্ৰীৰ

0 22
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ মে’ : সীমান্ত এলেকাত পৰিকাঠামো বৃদ্ধিৰ কাম কিমান দ্রুততাৰে কৰিব পৰা যায়, সেয়া অধ্যয়ন কৰি চোৱাৰ বাবে সীমান্ত পথ সংস্থাক নির্দেশ দিছে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে। মূলতঃ প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওচৰা ওচৰিকৈ যিদৰে চীনে পৰিকাঠামো বৃদ্ধি কৰিছে সেই প্রসঙ্গতেই এই কথা জনাইছে প্রতিৰক্ষা মন্ত্রীজনে। বৰ্ডাৰ ৰ’ডছ অৰ্গেনাইজেছনৰ এক অনুষ্ঠানত উপস্থিত থাকি প্রতিৰক্ষা মন্ত্রীজনে কয় যে, সাম্প্রতিক অতীতত নর্দান চেক্টৰত চীনৰ উপস্থিতি বাঢ়িছে। পাহাৰীয়া এলেকাত নির্মাণকাৰ্যত তেওঁলোকৰ দক্ষতা থকা বাবে তেওঁলোকে খুব দ্রুততাৰে এলেকাবোৰত উপস্থিত হ’ব পাৰিছে। BROয়ো সমান্তৰালভাৱে এই কাম চলাই যাব লাগিব। উন্নত প্রযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে এই কামবোৰ আগুৱাই নিব লাগিব। তেওঁ আৰু কয় যে, এইবাৰ ২০২২-২৩ বিত্তীয় বৰ্ষত বি আৰ অ’ৰ বাজেট প্রায় ৪০ শতাংশ বৃদ্ধি কৰা হৈছে। মন্ত্রীজনে লগতে জনায় যে, সীমান্ত এলেকাত উন্নয়ন ভাৰতৰ প্রতিৰক্ষা কৌশলৰ এক গুৰুত্বপূর্ণ দিশ। সেয়ে পৰিৱর্তিত পৰিস্থিতিত সীমান্তৰ উন্নতিৰ বাবে আগুৱাব বিচৰা হৈছে। দেশৰ সুৰক্ষাৰ বাবে যিসকলে কাম কৰি আহিছে তেওঁলোকৰ বাবে সকলো ধৰণৰ সুবিধা দিয়াটোক অগ্রাধিকাৰ দিয়া হ’ব। তেওঁ আৰু কয় যে, কেৱল সশস্ত্র বাহিনীৰ বাবেই নহয়, সামগ্রিকভাৱে অর্থনৈতিক উন্নতি, স্বাস্থ্য, শিক্ষা, পর্যটনৰ প্রসাৰৰ বাবেও প্রকৃত নিয়ন্ত্রণৰেখা সংলগ্ন এলেকাত পৰিকাঠামোৰ উন্নতি কৰা দৰকাৰ। হিমালয়ৰ প্রতিকূল পৰিৱেশৰ মাজতো সীমান্ত পথ সংস্থাই এই কাম কৰি আহিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More