চীনৰ প্ৰাচীৰৰ দৰেই আছিল ৰাজগীৰ প্ৰাচীৰ !

ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্তিৰ আহ্বান

0 120

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ এপ্ৰিল : মহাকাশৰ পৰা দেখা পোৱা চীনৰ সেই বিখ্যাত প্ৰাচীৰৰ দৰে নহ’লেও বিহাৰত আছে এক বৃহদাকাৰ প্ৰাচীন প্ৰাচীৰ। ২,৫০০ বছৰ পুৰণি আৰু ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই বৃহৎ প্ৰাচীৰখন ইউনেস্ক’ৰ ৱর্ল্ড হেৰিটেজ ছাইটত যাতে অন্তৰ্ভুক্ত কৰিব পৰা যায়, তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ বিহাৰ চৰকাৰে ভাৰতীয় পুৰাতত্ত্ব জৰীপৰ ( Archaeological Survey of India (ASI) কৰ্তৃপক্ষক নতুনকৈ আৰ্জি পেচ কৰিছে। বিহাৰৰ ৰাজগীৰত অৱস্থিত এই বৃহৎ আকাৰৰ দেৱাল বা Cyclopean Wallখন খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত নিৰ্মিত বুলি বিশ্বাস কৰা হয়। পুৰণি ৰাজগীৰ চহৰক বহিৰাগত শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবেই শিলেৰে এই দেৱালখন নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। ইউনেস্ক’ৰ ৱর্ল্ড হেৰিটেজ ছাইটত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনাই ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগক নতুনকৈ প্ৰস্তাৱ দাখিল কৰা বুলি বিহাৰ চৰকাৰৰ কলা, সংস্কৃতি আৰু যুৱ কল্যাণ বিভাগৰ অতিৰিক্ত সচিব তথা পুৰাতত্ত্ব বিভাগৰ সঞ্চালক দীপক আনন্দে সংবাদ প্ৰতিষ্ঠান পিটিআইক জানিবলৈ দিয়ে। তেওঁ দাবী কৰে যে, ৰাজগীৰৰ এই প্ৰাচীন শৈল দেৱালখন পৃথিৱীৰ প্ৰাচীনতম বৃহদাকাৰ দেৱালবোৰৰ অন্যতম। গতিকে ইউনেস্ক’ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত এই প্ৰাচীন প্ৰাচীৰকো অন্তৰ্ভুক্ত কৰিব লাগে। আনহাতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও কিছুদিন পূৰ্বে ৰাজগীৰৰ এই প্ৰাচীন পুৰাতাত্ত্বিক সম্পদক ইউনেস্কই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিব বুলি আশা প্ৰকাশ কৰিছিল। ৰাজগীৰৰ এই প্ৰাচীন প্ৰাচীৰ জাৰ্মানী হৈ ইংলেণ্ড আৰু উত্তৰ আয়াৰলেণ্ডলৈকে ব্যাপ্ত Frontiers of the Roman Empireৰ সমপৰ্যায়ৰ বুলি কোৱা হয়। ইউৰোপৰ উল্লিখিত দেৱালখন ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত বহু বছৰ আগেয়ে অন্তৰ্ভুক্ত কৰা হৈছিল।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More