তিনিচুকীয়াত ভূপেন বৰা : পৰিৱৰ্তনৰ ফল তিতা নে মিঠা তাৰ বুজ লবলৈহে আহিছে কংগ্ৰেছ

0 101

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ আগষ্ট : IMG 20230830 WA0064কংগ্ৰেছে এইবাৰ ভোট বিচাৰি ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচী গ্ৰহণ কৰা নাই ৷ ভোট কংগ্ৰেছে বিচাৰিব ৷ কিন্তু এইবাৰ কংগ্ৰেছ আহিছে ৰাইজে যি পৰিৱৰ্তন কৰিছিলে তাৰ কিবা সুফল পাইছে নে কুফল পাইছে তাৰ বুজ লবলৈ ৷ আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ’বাগানে বাগানে কংগ্ৰেছ’ শীৰ্ষক কাৰ্য্যসূচীৰ অধীনত তিনিচুকীয়া জিলাত অন্তিম দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবে ইয়াত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত এইদৰে কয় ৷ তেওঁ আৰু কয় যে এফালে উন্নয়নৰ গংগা বৈছে বুলি কোৱা হয় ৷ কিন্তু আনফালে চকুপানীৰ সোঁত বৈ আছে ৷ দৰিদ্ৰতাৰ যিটো পৰ্যায়, কিছুমান ঠাইত সেই পৰ্যায় চৰম সীমাত উপনীত হৈছে ৷ মানুহে দুবেলা দুসাঁজ ভালদৰে খাব নোৱাৰে ৷ মাহটোত ২৪০০ টকা উপাৰ্জনেৰে ৬/৭ টা মানুহৰ এটা পৰিয়াল চলিবলগীয়া হৈছে ৷ এই পৰিস্থিতিৰ অৱসান আমি কেনেকৈ ঘটাম তাক চিন্তা কৰাৰ সময় আহি পৰিছে ৷ আজি দুপৰীয়া তিনিচুকীয়াৰ এছ কে এফ পইণ্টৰ সমীপত কংগ্ৰেছ কৰ্মীসকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক আদৰণি জনোৱৰ পাছত শিৱপুৰ চাহ বাগিচাত উপস্থিত হৈ চাহ শ্ৰমিক সকলৰ সৈতে অন্তৰঙ্গ আলাপত মিলিত হয় ৷ ইয়াৰ পাছত চোট’ টিংৰাই বাগিচাৰ শ্ৰমিকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ অভাৱ, অভিযোগৰ বুজ লোৱাৰ লগতে ৰাহুল তাঁতী নামৰ এজন স্থানীয় বাসিন্দাৰ ঘৰত আহাৰ গ্ৰহণ কৰে ৷IMG 20230830 WA0067 পৰৱৰ্তী সময়ত মহাকালি বাগিচা ভ্ৰমণ কৰি কংগ্ৰেছ নেতৃবৃন্দই টেঙাপানী বাগানৰ খেলপথাৰত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰে ৷ এই ভ্ৰমণকালত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, ৰাণী নৰহ, এটোৱা মুণ্ডা, ৰাণা গোস্বামী, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মৌচুম বৰুৱা প্ৰমুখ্যে নেতৃবৃন্দ ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More