তিনিচুকীয়া ট্ৰেনজিত পইণ্ট : দুদিন পূৰ্বে আৰক্ষীয়ে জব্দ কৰা গাড়ীৰ গোপন চেম্বাৰত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ

0 72

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৯ আগষ্ট : ড্ৰাগছ সৰবৰাহৰ এক অন্যতম ’ট্ৰেনজিত পইণ্ট’ত পৰিণত হৈছে উজনিৰ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলা৷ তিনিচুকীয়া আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ পাছতো ৰোধ কৰিব পৰা নাই নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহা৷ প্ৰধানকৈ ডিমাপুৰৰ পৰা তিনিচুকীয়ালৈ বা তিনিচুকীয়াৰ মাজেৰে অৰুণাচলৰ বিভিন্ন প্ৰান্তলৈ নিতৌ বাছ, ৰেল অথবা ব্যক্তিগত বাহনৰ জৰিয়তে সৰবৰাহ হৈ আছে কোটি কোটি টকাৰ মাৰাত্মক ড্ৰাগছ ৷ উল্লেখ্য যে দুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে এছ টি এফৰ সহযোগত গোপন সূত্ৰে প্ৰাপ্ত তথ্যৰ ভিত্তিত তালাচী চকী বহুৱাই জিলাখনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ অঞ্চলত বৃহৎ পৰিমাণৰ ৫৭ পেকেট সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰায় ৫ কোটি টকা মূল্যৰ হেৰ’ইনখিনি ৩ জন লোকে দুখন বিলাসী বাহনত ডিমাপুৰৰ পৰা অৰুণাচললৈ সৰবৰাহ কৰিছিল ৷ এই সন্দৰ্ভত অভিযানকাৰী দলে উক্ত হেৰ’ইনখিনি উদ্ধাৰ হোৱা এ এছ ০৪ পি ৭০১০ নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ লগতে আৰু এ এছ ০১ বি ভি ৩০৯২ নম্বৰৰ এখন এল্ট’ কে-১০ গাড়ী জব্দ কৰাৰ লগতে কৰিমগঞ্জ জিলাৰ চিপলু আহমেদ (২৭), মাৰুফ আহমেদ(২৮) আৰু আবিদুল হক(২৪) নামৰ তিনি যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ আৰক্ষীৰ জেৰাত ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটাই দিয়া স্বীকাৰোক্তিৰ ভিত্তিত আজি তিনিচুকীয়া আৰক্ষীয়ে উক্ত দিনা জব্দ কৰা এল্ট’ কে-১০ গাড়ীখনত মেকানিকৰ সহায় লৈ তালাচী চলোৱাত পুনৰ ৫০ পেকেট সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ গাড়ীখনৰ তেলৰ টেংকিত সংলগ্ন গোপন স্থানত এই হেৰ’ইনখিনি লুকুৱাই অনা হৈছিল ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More