তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ

আজৱ কাণ্ডঃ গ্ৰাহকৰ একাউণ্টৰ পৰা জমা ধনৰ হৰলুকি

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত পোহৰলৈ অহা বিত্তীয় খেলিমেলিৰ বাবেই এই নিৰ্দেশ দিয়াৰ পিছতেই গ্ৰাহকসকলৰ মাজত চৰম অনিশ্চয়তাই বিৰাজ কৰিছে৷ উল্লেখযোগ্য যে,বেংকটোৱে প্ৰায় আঠ কোটিৰ অধিক টকাৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে বেংক কৰ্তৃপক্ষই৷ উল্লেখযোগ্য যে, ১৩ অক্টোবৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ মুঠ ৪৫ দিনলৈ কোনোধৰণৰ ধন সংগ্ৰহৰ বা জমা বা আদায় দিব নোৱাৰিব মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংকে।বেংকটোত সংঘটিত প্ৰায় আঠকোটি টকাৰ খেলিমেলিৰে যে বেংকটোৰে একাংশ কৰ্মচাৰীও জড়িত আছে সেয়া পুনৰ এবাৰ প্ৰতিপন্ন হৈছে৷ বেংকটোৰ এগৰাকী গ্ৰাহক বুল কেওঁটৰ একাউন্টৰ পৰা হঠাতে অন্তৰ্ধান হয় আঠ লাখ ১৫হেজাৰ টকা৷ গ্ৰাহকজনে এখন বাহন ক্ৰয়ৰ বাবে প্ৰায় এসপ্তাহ পূৰ্বে জমা দিয়া চেক বাউঞ্চ হোৱাত তেওঁ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকত ইয়াৰ বাবে খবৰ লোৱাত ইয়াত থকা তেওঁৰ একাউণ্টত ধন নাই বুলি এগৰাকী কৰ্মচাৰীয়ে জনোৱাৰ পাছত গ্ৰাহকজনে ইয়াকেলৈ প্ৰতিবাদ কৰে৷ তেওঁৰ একাউন্ট আপডেটৰ বাবে পাঁচদিন পিছত মাতি এইবাৰ চিঞাহী নথকাৰ অজুহাত প্ৰদৰ্শন কৰে৷ অতিষ্ঠ গ্ৰাহকজনে আজি গোচৰ তৰিব বুলি কোৱাত আচৰিত ধৰণে তেওঁৰ একাউন্টত পুনৰ তেওঁৰ ধনৰাশি জমা হয়৷ এবাৰ এই ধন হৰলুকি হৈ পুনৰ কিদৰে জমা হ’ল সেই বিষয়ে নাজানে বেংকটোৰে আন একাংশ কৰ্মচাৰীয়ে৷ কিন্তু এই ঘটনাই বেংকটোতে যে গ্ৰাহকৰ জমা ধন লুটিপুটি খোৱা লোক আছে সেয়া স্পষ্ট হৈ পৰিছে৷ ইপিনে মোবাইল বেংকিঙৰ জৰিয়তেও ব্যাপক অনিয়ম সংঘটিত হোৱাৰ লগতে চৰকাৰী সমবায় বিভাগৰ পৰিদৰ্শককে ধৰি ইমান দিনে অডিটৰে জড়িত তথা বেংকটোৰ একাংশ কৰ্মচাৰী তথা ধন সংগ্ৰাহকো এই কেলেংকাৰিৰে জড়িত নাথাকিলে এনে ঘটনা সংঘটিত নহয় বুলি একাংশ গ্ৰাহকে অভিযোগ কৰিছে৷ গ্ৰাহকসকলে কয় যে ঋণ বিছাৰিলে বহুতেই ঋণ লাভ নকৰে য’দিও বেংকটোৰ কৰ্মচাৰীয়েই বহুপৰিমানৰ ঋণ লৈ থৈছে আৰু ইয়াৰে বৃহৎ পৰিমানৰ ধন তেওঁলোকে উভতাবলৈ আছে৷ এনে কাণ্ডৰে জড়িত একাংশই এতিয়া কোনো কথা নজনাৰ ভাও ধৰি নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা কৰিছে আৰু বহু গ্ৰাহকে ঋণ লৈ সেই ঋণ পৰিশোধ নকৰা বুলি দায়সৰাৰ চেষ্টা চলাইছে যদিও বাস্তৱত সেই সকলেই ঋণ লৈ বেংকটোক সেই ঋণ ঘূৰাই দিয়া নায়৷ নিতৌ ন ন তথ্য পোহৰলৈ অহা এই বৃহৎ কেলেংকাৰিৰ বিৰুদ্ধে আৰক্ষীয়ে যদি সঠিক অনুসন্ধান চলাই তেনেহলে সকলো ফাদিল হোৱাৰ লগতে একাধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে যদিও এইক্ষেত্ৰত তেনে শক্তিশালী তদন্ত আৰম্ভ হোৱা নাই ৷ উল্লেখযোগ্য যে,উপাৰ্জনৰ বিপৰীতে অগাধ সম্পত্তি আৰু ব্যৱসায়ৰ গৰাকী হোৱা একাংশৰ বাবেই বেংকটোৰ এই অচলাৱস্থা উদ্ভৱ হোৱাৰ সময়ত এজন কৰ্মচাৰীয়ে আত্মগোপন কৰা বুলিও অভিযোগ উঠিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More