অন্তিম শয়নত সোৱণশিৰি

0 376

শৈলেন বৰুৱা
সোৱণশিৰি প্ৰকল্প নিৰ্মাতা এন এইচ পি চিৰ কাৰচাজি ধৰা টান। বিভিন্ন সময়ত এই নিৰ্মাণকাৰী গোষ্ঠীটোৱে বিভিন্ন কৌশল আৰু বক্ৰপথ অৱলম্বন কৰি প্ৰকৃতিৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ কৰি আহিছে। আজি ২৭ অক্টোবৰ ২০২৩ চনৰ দিনাও এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰি নৈপৰীয়া জনগণক আতংকময় পৰিৱেশৰ মাজত উদ্বিগ্ন কৰি ৰাখিছে। শেহতীয়াকৈ এন এইচ পি চিয়ে এক বিবৃতিৰে ভূমিস্খলনৰ বাবে অন্তিমটো পানী বৈ থকা ডাইভাৰ্চনেল টাৰ্নেল বন্ধ হৈ পৰা বুলি সদৰী কৰিছে আৰু এয়়া প্ৰাকৃতিক পৰিঘটনা বুলি জনগণক আশ্বস্ত কৰিব বিচাৰিছে।
সোৱণশিৰিৰ সন্দৰ্ভত আমি পূৰ্বে কৰা অনুসন্ধান-গৱেষণাৰ সময়ত পোৱা তথ্য মতে এইটো ঋতুত (অক্টোবৰ-নৱেম্বৰ) মাহত সোৱণশিৰিত প্ৰতি ছেকেণ্ডত ৭০০-১০০০ ঘন মিটাৰ পানী বয়। এয়া মাত্ৰ এটা ছেকেণ্ডৰ হিচাপ। যদি এইটো ঋতুত গড়ে প্ৰতি ছেকেণ্ডত ৮০০ ঘন মিটাৰ (কিউবিক মিটাৰ প্ৰতি ছেকেণ্ডত) বৈ আছে বুলি ধৰা যায়, তেন্তে ১ মিনিটত সোৱণশিৰিৰে ৮০০x ৬০=৪৮,০০০ ঘন মিটাৰ পানী বয়। সেইমৰ্মে ১ ঘণ্টাত বয় ২৮,৪০০০০ ঘন মিটাৰ পানী। একেদৰে ২৪ ঘণ্টাত বয় ৬,৯১,২০,০০০ ঘন মিটাৰ পানী। পূৰ্বে ঘোষণা কৰা মতে বান্ধৰ উজনিত ৫০ নিযুত ঘন মিটাৰৰ ৰিজাৰ্ভাৰ আছে। সেয়ে উক্ত পৰিমাণৰ ৰিজাৰ্ভাৰ ভৰ্তি হ’বলৈ কিমান পানী লাগিব, তাক ওপৰৰ অংকটোৰ পৰাই উলিয়াই লব পাৰি। গোষ্ঠীটোৱে আজি সদৰী কৰা বিবৃতি মতে সম্প্ৰতি সোৱণশিৰিৰ বুকুৰে প্ৰতি ছেকেণ্ডত ৯৯৭ ঘন মিটাৰ পানী বৈ আহি ৰিজাৰ্ভাৰত জমা হৈছে। সেয়ে নামনিত নদীখন শুকাই পৰিছে।

খুব বেছি তত্বগধুৰ আলোচনালৈ নগৈও কব পাৰি–গেৰুকামুখত ভূমিস্খলন এক সাধাৰণ ঘটনা যদিও আজি ভূমিস্খলন হব পৰা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল নে? গেৰুকামুখত ধাৰাবাহিক বৰষুণৰ পিছত যেতিয়া পাহাৰৰ ভূমি কোমল হৈ পৰে, তেতিয়া তাত ভূমিস্খলন হয়। বিগত কিছুদিন ধৰি বতৰ সামগ্ৰিকভাবে ফৰকাল। সেয়ে আজি হঠাতে ভূমিস্খলন হৈ পাহাৰ খহি টাৰ্নেল বন্ধ হৈ পৰাটো কোনো কাৰণতে প্ৰাকৃতিক পৰিঘটনা হ’ব নোৱাৰে। এয়া বান্ধ পৰীক্ষণৰ বাবে এন এইচ পি চি সৃষ্ট কাৰচাজি। যোৱা মে’ মাহৰ পৰা গেৰুকামুখত উপৰ্যুপৰি ভূমিস্খলন হৈ নিৰ্মাণ গোষ্ঠীক ত্ৰাহি মধুসোদন দেখুৱাই আছে। সেয়ে গোষ্ঠীটোৱেও ভাবিবলৈ বাধ্য হৈছে যে বান্ধটোৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰাৰ পূৰ্বে এবাৰ বান্ধটোৰ স্থায়িত্ব পৰীক্ষা কৰি লোৱাত আপত্তি ক’ত? তাৰেই পৰিপ্ৰেক্ষিতত আজি আচম্বিতে কৌশলেৰে বন্ধ কৰি দিয়া হল টাৰ্নেলৰ মুখ।

আজিৰ ঘটনাৰ পৰা দুটা সুদূৰ প্ৰসাৰী প্ৰভাব সোৱণশিৰি উপত্যকাত পৰিব।

১, নদীৰ পৰা তুলি অনা মাছ এটা বামত কিমান সময় জীয়াই থাকে? খুব বেছি দুঘণ্টা! ন্যূনতম ১২ ঘণ্টা যদি নদীখন শুকাই থাকে তেন্তে নদীখনৰ মাছ-কাছবোৰ জীয়াই থাকিবনে?  নদীখন ১২ ঘণ্টাৰ পিছত পানীৰে ভৰ্তি কৰি দিলেও নদীখনে পূৰ্বৰ স্বাস্থ্য ঘূৰাই নাপায়।
অৰ্থাৎ আজিৰ দিনটোৰ পৰা সোৱণশিৰিক হত্যা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হল। ঘোষণা কৰি দিব পাৰি এতিয়া সোৱণশিৰি মৃত নৈ। নদীখনত ভৱিষ্যতে পানী থাকিব–এটা পানী বৈ যোৱা নলা হিচাপে। নাথাকিব জলজ প্ৰাণীৰ পৰিপুষ্টিৰে স্বাস্থ্যবান চিৰ প্ৰবাহমান এক জলধাৰা হিচাপে। হেৰাই যাব সোণালী পিঠিয়াকে ধৰি শতাধিক প্ৰজাতিৰ মাছ।

২, দ্বিতীয়টো প্ৰভাব সোৱণশিৰিৰ গতিপথ সলনি। এইটো কথা স্পষ্ট যে সোৱণশিৰিৰ গতি ৰুদ্ধ কৰা সহজ নহয়। সেয়া বুৰঞ্জীয়ে কয়। আজি গতিৰুদ্ধ কৰি সোৱণশিৰিক অত্যাচাৰী কৰি তোলা হৈছে। সোৱণশিৰিক ক্ষুব্ধ কৰি তোলা হৈছে। সেয়ে গেৰুকামুখত বাধা পাই সোৱণশিৰিয়ে কাষৰীয়া চাউলখোৱা বা বগীনদীৰো গতিপথক নিজৰ কৰি লব পাৰে। এই পৰিঘটনা অতি সোণকালেও হব পাৰে বা নিকট ভৱিষ্যততো হব পাৰে। কাৰণ প্ৰকৃতিৰ ওচৰত আমি মানুহ অসহায়। বিদ্যুতৰ বাবেই এটা বৃহৎ উপত্যকাৰ জৈৱ বৈচিত্ৰৰ আকস্মিক সলনি কোনো কাৰণতে যে যুক্তিযুক্ত নহয়… তাক চাবলৈ আমি বেছি দিন ৰব লগা নহব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More