তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে

0 38

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখযোগ্য যে, মূল পথৰ দাঁতিৰ এই দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ তেনেই সামান্য পাৰ্কিং ব্যৱস্থা থকাৰ বিপৰীতে ইয়ালৈ অহা অধিকাংশ যানবাহনেই পথৰ দাঁতিত ৰখাই গুৰুত্বপূৰ্ণ আৰু অতি ব্যস্তপূৰ্ণ অঞ্চলটোত নিতৌ যানজঁটৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ বজাৰ কলকতা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন নতুনকৈ মুকলি কৰা হৈছে আৰু এম বজাৰ নামৰ প্ৰতিষ্ঠানখন প্ৰায় চাৰিবছৰ পূৰ্বে মুকলি কৰা হৈছিল৷ কিন্তু কলকাতা বজাৰ নামৰ প্ৰতিষ্ঠানখনৰ নিজস্ব ভাবে পাৰ্কিঙৰ সুবিধা নোহোৱাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ বিপৰীতে তেজপুৰ পৌৰসভা আৰু শোণিতপুৰ প্ৰশাসন ৰহস্যজনক ভাবে মৌন হৈ আছে৷ আনহাতে এই দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি বাংলাভাষা ব্যৱহাৰ কৰি আহিছে৷ প্ৰতিখন চাইনব’ৰ্ডতে বাংলাভাষা ব্যৱহাৰ কৰাক লৈ ৰাইজৰ মাজত ইতিমধ্যেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে আজি দিনৰ প্ৰায় ১১বজাত আছুৱে দুয়োখন প্ৰতিষ্ঠানে বাংলা ভাষা ব্যৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বাংলাভাষাৰ বেনাৰত কলা ৰং সানি দিয়ে৷ আছু নেতা অৰূপ তালুকদাৰে আজিৰ প্ৰতিবাদ সন্দৰ্ভত কয় যে,ইতিমধ্যেই তেজপুৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানতে অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ দাবী জনোৱা হৈছিল শোণিতপুৰ প্ৰশাসনৰ ওচৰত৷ এনে অৱস্থাত ৰাজ্যিক ভাষাক আওকান কৰি ব্যৱসায়িক প্ৰতিষ্ঠান দুখনে বাংলা ভাষা ব্যৱহাৰ কৰাটো কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি তালুকদাৰে লগতে কয় যে ইয়াৰ পাছত আৰু অধিক তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব৷ ইপিনে বজাৰ কলকতা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ উপযুক্ত পাৰ্কিং নথকাৰ বাবে অঞ্চলটোত হোৱা তীব্ৰ যানজঁট পূজাত অতি ভয়ংকৰ হ’ব বুলি প্ৰকাশ কৰি স্হানীয় বহুসংখ্যক লোকে এই প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More