তেজপুৰ কাৰাগাৰত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেছনৰ প্ৰশংসনীয় পদক্ষেপ

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ ছেপ্টেম্বৰঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী মহিলা আৰু আৰু কাৰাৰুদ্ধ মহিলা সকলৰ লগত থকা শিশু সকলৰ কল্যানৰ বাবে আগবাঢ়ি আহিছে ভাৰত চৰকাৰৰ নীতি আয়োগৰ স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেছনৰ সদস্য সকল। আজি ফেডাৰেছনৰ তৰফৰ পৰা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ মহিলাসকললৈ এটা চিলাই মেছিন আনুষ্ঠানিকভাৱে আগবঢ়োৱাৰ লগতে মহিলা আৰু শিশুৰ বাবে কাপোৰ আগবঢ়োৱাৰ কথা এক সংবাদ মেলত সদৰী কৰিছে ফেডাৰেছনৰ মুখ্য সঞ্চালিকা ড° বৰ্ণালী শৰ্মাই। এই উদ্দেশ্যে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদ মেল আৰু ইউনিয়নৰ সদস্যসকলৰ লগত হোৱা এক অন্তৰংগ আলাপত মুখ্য সঞ্চালিকা ড° শৰ্মাই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেছনৰ তৰফৰ পৰা কাৰাৰুদ্ধ মহিলা সকলৰ শ্ৰমক সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে প্ৰধানত মহিলাৰ সাৱলীকৰণৰ দিশটো সৰ্বাধিক গুৰুত্ব দি এই সকল মহিলাৰ বাবে তেজপুৰ কাৰাগাৰৰ পৰাই মহিলা সকলক স্বাৱলম্বী কৰি তুলিবলৈ বৃত্তিগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা সদৰি কৰে। আলোচনাত ফেডাৰেছনৰ কেইবাগৰাকী সদস্যাই অংশ গ্ৰহণ কৰাৰ লগতে সাংবাদিক পুলক কুমাৰ ডেকা আৰু সঞ্জীৱ হাজৰিকাই অংশ গ্ৰহন কৰি মহিলা বিশেষকৈ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত বিভিন্ন গোছৰৰ বাবে কাৰাৰুদ্ধ মহিলা সকলৰ সাৱলীকৰণৰ বাবে ফেডাৰেছনে গ্ৰহন কৰা পদক্ষেপ আদৰণীয় বুলি কয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More