সোৱণশিৰিৰ বুকুত জাহ গৈছে শ শ হেক্টৰ শালি খেতি

বধাকৰাত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়াত বিপন্ন ভীমপৰা মথাউৰি

0 46

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অতীজৰ সোণ কমোৱা সোৱণশিৰি নদীখনে এতিয়া লৈছে অন্য ৰূপ৷ এতিয়া এই নদীখনে কালৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰাত বধাকৰা অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ WhatsApp Image 2023 09 09 at 7.41.58 PM 1জলসম্পদ বিভাগৰ লগতে লখিমপুৰ জিলা প্ৰশাসনৰ উদাসীনতাৰ বাবেই এতিয়া সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিটো বিপন্ন কৰি তুলিছে৷ সোৱণশিৰিৰ গৰা খহনীয়াত এতিয়া শ শ হেক্টৰ কৃষিভূমি তথা শালি খেতি নদীৰ বুকুত জাহ যোৱাত কৃষকসকলে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নদীখনৰ খহনীয়াই বধাকৰাৰ লাইলঙীয়াত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ঐতিহাসিক ভীমপৰা মথাউৰিটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ নিতৌ উক্ত স্থানত চপৰা চপৰে গৰা খহিবলৈ ধৰাত কাষৰীয়া গাঁও সমূহৰ লোকসকলে এতিয়া বিনিদ্ৰ ৰজনী পাৰ কৰিবলগা হৈছে৷ নদীৰ বুকুত শালি খেতি সমূহ জাহ যোৱাৰ ফলত কৃষকসকলে আগন্তুক ভৱিষ্যতক লৈ অন্ধকাৰ দেখিছে৷ পথাৰলৈ আহি এইসকল কৃষকে হা-হুমুনিয়া কাঢ়িছে যদিও প্ৰশাসনৰ নজৰ নপৰাতো পৰিতাপৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ কথিত আছে যে এসময়ত এই নদীখনৰ পৰাই ৰাইজে জীৱন জীৱিকা আহৰণ কৰি আহিছিল৷ অতীজৰ এই সোৱণশিৰি নদীৰ বুকুত ৰাইজে সোণ বুটলা বুলিও কিংবদন্তী আছে৷ তেনে এখন নদীয়ে এতিয়া তীব্ৰ খহনীয়াৰ সৃষ্টি কৰি শ শ লোকৰ ঘৰবাৰী, কৃষিপথাৰ আদি কাঢ়ি নিয়া দৃশ্যই নদীপৰীয়া লোকসকলক ব্যথিত কৰি আহিছে৷ ইতিমধ্যে সোৱণশিৰিৰ বুকুত হৰিদাস, বেৰকেপ আদি কেবাখনো গাঁও খহনীয়াৰ কবলত পৰি জাহ যোৱাৰ পিছত নদীখনে পুনৰ সোণোৱাল গাঁও, লাইলঙীয়াকে ধৰি কেবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More