বঙৰাস্থিত গুৱাহাটী টেক্ চিটিত তথ্য কেন্দ্ৰৰ শিলান্যাস
দুশ কোটি টকা বিনিয়োগেৰে তথ্য-প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তৰ আধাৰশিলা
*
দিছপুৰ, ১৮ এপ্ৰিল: ৰাজ্যৰ তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি বৰঝাৰৰ সমীপৱৰ্তী বঙৰাস্থিত “গুৱাহাটী টেক্ চিটি”ত ভাৰতৰ অন্যতম বৃহৎ তথ্য-কেন্দ্ৰ সেৱা সৰবৰাহকাৰী কোম্পানী ‘কণ্ট্ৰ’লএছ ডাটা চেণ্টাৰ লিমিটেড’ (CtrlS Datacenters Limited)-এ নিৰ্মাণ কৰিবলৈ লোৱা এটা তথ্য-কেন্দ্ৰৰ শিলান্যাস কৰে। এই শিলান্যাস কাৰ্যসূচীত এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ আয়ুক্ত-সচিৱ অনুৰাগ গোৱেল, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱৰ উপস্থিত থকাৰ উপৰি কণ্ট্ৰ’লএছ ডাটাচেণ্টাৰ লিমিটেডৰ অধ্যক্ষ শ্ৰীধৰ পিন্নাপুৰেড্ডীয়েও হায়দৰাবাদৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে । উল্লেখ্য যে, এই তথ্য কেন্দ্ৰটিত প্ৰাৰম্ভিক পৰ্যায়ত দুশ কোটি টকা বিনিয়োগ কৰা হৈছে যদিও আগন্তুক চাৰি বছৰৰ ভিতৰতে কেন্দ্ৰটোৰ দ্বাৰা ৩ হাজাৰ কোটি টকাতকৈও অধিক ব্যৱসায়িক বিনিয়োগ সম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে। হাজাৰৰো অধিক উদ্যমী যুৱক-যুৱতীলৈ এই নতুন তথ্য-কেন্দ্ৰৰ জৰিয়তে তথ্য-প্ৰযুক্তি খণ্ডত কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান লক্ষ্য নিৰ্দিষ্ট কৰা হৈছে। এই প্ৰকল্পটো অহা ৬-৮ মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব বুলি অনুমান কৰা হৈছে । অসমক দক্ষিণ-পূৱ এছিয়াৰ তথ্য-প্ৰযুক্তিৰ মূলকেন্দ্ৰ ৰূপে প্ৰতিষ্ঠা কৰাৰ দিশত অসম চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগে যুগুতোৱা কাৰ্যব্যৱস্থাৱলীৰ ক্ষেত্ৰত এয়া এক অন্যতম অভিলাষী পদক্ষেপ হিচাপে পৰিগণিত হৈছে।