বিশিষ্ট তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ ৭৭ সংখ্যক জন্ম দিন পালন

মণিপুৰৰ জিঘাংসা অৱসান হওক

0 60

শতাব্দ প্ৰতিনিধি ধেমাজি, ২২ জুলাই : সাতসত্তৰটা বসন্ত গৰকা ধেমাজিৰ বিশিষ্ট চিত্ৰশিল্পী তথা তাই গৱেষক-চ্যুকাফা বঁটাপ্ৰাপক ড° পুষ্প গগৈৰ  ৭৭ সংখ্যক জন্ম দিন কালি পালন কৰা হয় ৷ চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে তাই ভাষাৰ উত্তৰণৰ হকে বিশেষ ভূমিকা গ্ৰহণ কৰা চ্যুকাফা বটাঁ প্ৰাপক ড° পুষ্প গগৈৰ ৭৭ টা বসন্তৰ বিশেষ দিনটোত ঐতিহাসিক হাবুং বাকৰিত তেওঁৰ অনুৰাগী সকলে ধুমধামেৰে জন্মদিন পালন কৰে ৷ এই উদ্দেশ্যে আয়োজিত এক সভাত ভালেসংখ্যক শুভাকাংক্ষীয়ে শুভেচ্ছা জনোৱাৰ লগতে জন্মদিনৰ লগত সংগতিৰাখি ধেমাজি চিত্ৰশিল্পী সমাজৰ উদ্যোগত চিত্ৰ অংকন কৰা হয় ৷ ধেমাজিৰ বৰ্ষীয়ান সাহিত্যিক উমেশ চেতিয়াৰ সঞ্চালনাত অনুষ্ঠিত সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সম্পাদক অতুল ফুকনে আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ড° গগৈলৈ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে তাই ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰি অহা দীঘলীয়া সংগ্ৰামৰ কথা উল্লেখ কৰি দীৰ্ঘায়ু জীৱন কামনা কৰে ৷ একেদৰে বিশিষ্ট নাট্যকাৰ হেমন্ত বৰপাত্ৰগোহাঁই, ফুলেশ্বৰ বৰুৱা, পয় ফুৰা লুঙৰ প্ৰাক্তন সভাপতি মাণিক গগৈৰ কেইবাগৰাকী শুভাকাংক্ষীয়ে ড° গগৈৰ বহুমুখী ব্যক্তিত্ব আৰু প্ৰতিভাৰ কথাৰে প্ৰশংসা আৰু সুস্বাস্থ্যৰ কামনা কৰে ৷ অনুষ্ঠানত হাবুং উন্নয়ন পৰিচালনা সমিতি, ধেমাজি চিত্ৰশিল্পী সমাজ আৰু দঃঞি ছেং পাব্লিকেছনচৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে ১৯৪৭ চনৰ ২১ জুলাই জন্মগ্ৰহণ কৰা ড° পুষ্প গগৈয়ে পূূৰ্বাঞ্চল তাই সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু পৰৱৰ্তী সময়ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি তাই ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত আত্মনিয়োগ কৰিছিল ৷ ধেমাজি মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে ২০০৬ চনৰ জুলাইত অৱসৰ লোৱা ড° পুষ্প গগৈয়ে ৰাজ্য চৰকাৰে আগবঢ়োৱা চ্যুকাফা বঁটা (২০১০) লাভ কৰিবলৈ সক্ষম হয় ৷ তাই ভাষাৰ অভিধান, আধুনিক শিল্পকলাকে ধৰি একুৰিৰো অধিক গ্ৰন্থ প্ৰণেতা ড° গগৈৰ ৭৭ সংখ্যক জন্মদিনত তেখেতৰ ভালেকেইজন অনুৰাগী আবেগিক হৈ পৰে ৷ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উদ্যোগত আৰু হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটো আঁত ধৰে সম্পাদক বাবুল বুঢ়াগোহাঁয়ে ৷ কেইবাজনো চিত্ৰশিল্পীয়ে ছবি অংকণৰ সমান্তৰালভাৱে নৱ প্ৰজন্মৰ নাট্যকৰ্মী পৱন বৰুৱাৰ পৰিচালনাৰে ড° পুষ্প গগৈৰ এখন তথ্যচিত্ৰ উন্মোচন কৰা হয় ৷ ড° গগৈয়ে আগন্তক দিনত স্বাস্থ্য ঠিকে থাকিলে চিত্ৰকলাৰ লগতে টাই ভাষাৰ উত্তৰণৰ হকে আৰু বহুখিনি কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷ ইফালে মণিপুৰৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে ড° পুষ্প গগৈয়ে ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰি দুটা জনগোষ্ঠীৰ মাজত সংঘটিত বিভৎস তথা লজ্জানত কৰা ঘটনাৰ অৱসান ঘটাবলৈ আহ্বান জনায় ৷ অতদিনে সমিল মিলে পাৰ কৰি অহা দিনবোৰ পুনৰ ঘুৰি অহাৰ পোষকতা কৰে বিশিষ্ট সাহিত্যিক-চিত্ৰশিল্পী ড° পুষ্প গগৈয়ে ৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More