এজাক শিশুক অসমীয়া ভাষাৰ কালিকা শিকালে বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক ড° স্বাধীনতা মহন্তই

তেজপুৰৰ "সুদৰ্শন অসম"ৰ বিশেষ অনুষ্ঠানত চিৰসেউজ অসমীয়া গীতেৰে মুখৰিত কাৰমেম'ৰিয়েল প্ৰাথমিক বিদ্যালয়

0 8

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ২৩ জুলাই : উঠি অহা প্ৰজন্মক সুন্দৰ দৰ্শনেৰে প্ৰতিভাৰ সন্ধান কৰি সমাজৰ একোগৰাকী সু নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, লেখিকা ড° স্বাধীনতা মহন্তৰ মাৰ্গ দৰ্শনেৰে জন্ম লাভ কৰা “সুদৰ্শন অসম”ৰ মজিয়াত আজিৰ পৰা সমবেত হোৱা একাংশ শিক্ষাৰ্থীয়ে আৰম্ভ কৰিছে চিৰসেউজ গীত, নাটক, কবিতা আবৃত্তি আৰু চিত্ৰকলাৰ বিশেষ পাঠ । তেজপুৰৰ ঐতিহ্য মণ্ডিত কাৰ মেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়ত প্ৰত্যেক বিষয়েৰে দক্ষ সমল ব্যক্তি আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই পাঠদান কৰ্মশালা আজি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে “সুদৰ্শন অসম”ৰ প্ৰতিষ্ঠাপক সভানেত্ৰী তথা বিশিষ্ট শিক্ষাবিদ, লেখিকা ড° স্বাধীনতা মহন্তই ।বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰশিক্ষাৰ্থী সকলক প্ৰাণায়ামৰ আভাস দি যোগ তথা প্ৰাণায়ামৰ দ্বাৰা কেনেদৰে শৰীৰ – মন সন্তোলিত কৰি ৰাখিব পাৰি তাৰ ওপৰত সবিশেষ দাঙি ধৰে “সুদৰ্শন অসম”ৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক তথা কবি আবৃত্তিকাৰ অলক শৰ্মাই।আনহাতে “সুদৰ্শন অসম”ৰ প্ৰধান সম্পাদক শৈলেন নাথে আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত আনুষ্ঠানিক ভাৱে এই কৰ্মশালাৰ উদ্বোধনী ভাষণ আগবঢ়াই “অকণিৰ সাহিত্য সভা”ৰ সভাপতি তথা” সুদৰ্শন অসম”ৰ মিডিয়া উপদেষ্টা পংকজ বৰুৱাই। উদ্বোধনী ভাষণত পংকজ বৰুৱাই এগৰাকী সুস্বাস্থ্যবান ব্যক্তিৰ অধিকাৰী হ’বলৈ শাৰীৰিক খাদ্যৰ লগতে মানসিক খাদ্যৰ প্ৰয়োজন বুলি কৈ একোগৰাকী প্ৰকৃত ব্যক্তি হ’বলৈ নিজৰ নিজৰ সুপ্ত প্ৰতিভা সমূহৰ জৰিয়তে শিক্ষানুষ্ঠানৰ পাঠগ্ৰহণৰ সমানে সমানে আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে। আনহাতে নিজৰ প্ৰতিভা সমূহক লৈ আগবঢ়া প্ৰতিযোগিতা সদায় সুস্থ প্ৰতিযোগিতা হ’ব লাগে বুলি কৈ বৰুৱাই সকলো সময়তে প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব নিদি যিকোনো বিষয় শুদ্ধ শৈলীৰে আৰু প্ৰণালীৱদ্ধ ৰূপত আয়ত্ব কৰাৰ ওপৰত গুৰুত্ব দিবলৈ উপস্থিত অভিভাৱক আৰু শিক্ষাৰ্থী সকলক আহ্বান জনায়। উল্লেখ্য যে আজিৰ এই শুভাৰম্ভণি অনুষ্ঠানটিতে কালি বাণ থিয়েটাৰত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগিতাৰ “ক” শাখাত প্ৰথম স্থান লাভ কৰা গুৱাহাটীৰ শিশু শাশ্বত দত্তক “সুদৰ্শন অসম”ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ পিছত শাশ্বতে এটি গীতো পৰিৱেশন কৰে। পাঠদানত অংশ গ্ৰহণ কৰিব লগা সমল ব্যক্তি ক্ৰমে – ভূপেন শৰ্মা, সীমান্ত কাকতি, ৰশ্মিৰেখা হাজৰিকা, ৰাতুল কুমাৰ দাস, অলকা শৰ্ম্মা, অৰ্চনা দাস, প্ৰণামী বৰঠাকুৰ, ৰাঘৱ মহন্ত, অলক শৰ্মা আদিক পৰিচয় কৰি দিয়া অনুষ্ঠানটিত কাৰমেম’ৰিয়েল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতামণি বৰুৱাইও শুভেচ্ছামূলক ভাষণ আগবঢ়োৱাৰ লগতে “সুদৰ্শন অসম”ৰ মুখ্য উপদেষ্টা ড° স্বাধীনতা মহন্তই অংশগ্ৰহণকাৰী শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি আগবঢ়োৱা ভাষণত সুৱদী সুৰীয়া অসমীয়া ভাষাৰ প্ৰয়োগ, ব্যৱহাৰ আদিৰ ক্ষেত্ৰত কেনেকৈ সতৰ্ক হ’ব লাগে তাৰ ওপৰত অতি সাৱলীল ভাৱে আলোকপাত কৰি অসমীয়া ভাষাৰ কালিকাৰ বিভিন্ন দিশ উদাহৰণসহ ব্যখ্যা কৰে । উল্লেখ্য যে, আজি প্ৰথম দিনটোতে দক্ষ সংগীত শিল্পী সীমান্ত কাকতি আৰু গায়িকা প্ৰণামী বৰঠাকুৰে চিৰসেউজ অসমীয়া গীতৰ ওপৰত পাঠদান কৰি শিক্ষাৰ্থী সকলক উদ্বুদ্ধ কৰি তোলে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More