তেজপুৰত প্ৰসিদ্ধ কথাশিল্পী, অধ্যাপিকা গীতা উপাধ্যায়ক সম্বৰ্ধনা পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ

0 40

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ২২ জুলাই : ‘এন ফ্ৰাংকৰ ডায়েৰি’ অসমীয়া আৰু নেপালী ভাষালৈ অনুবাদ কৰি কেইবা দশক পূৰ্বেই পাঠকৰ মাজত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় সাহিত্যিক তথা ৰিচাৰ্ড ৰায়টৰ নেটিভ চন, এচ জে যোশীৰ কালজয়ী মাৰাঠী উপন্যাস আনন্দী গোপালৰ দৰে গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰা প্ৰসিদ্ধ কথাশিল্পী, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, সাহিত্য একাডেমী বঁটা প্ৰাপক গীতা উপাধ্যায়ক আজি তেজপুৰত পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সম্প্ৰতি ৰূপালী জয়ন্তী উদযাপন কৰি থকা তেজপুৰৰ পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাই ৰূপালী জয়ন্তী বৰ্ষৰ ‘বৰেণ্য সম্ভাষণ’ কাৰ্যসূচীৰ অংশ ৰূপে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী ৰচনা ‘কাৰেঙৰ লিগিৰী’ নেপালী ভাষালৈ অনুবাদ কৰি সাহিত্য একাডেমীৰ অনুবাদ বঁটা লাভ কৰা শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকাগৰাকীক তেজপুৰ চানমাৰিৰ নিজা বাসভৱন ভাগিৰথী নিকেতনত জীৱনজোৰা সাধনাৰ স্বীকৃতি স্বৰূপে বিশেষ ভাৱে সম্বৰ্ধনা জনায়। ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি গুণকান্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত শাখাৰ কেইবাগৰাকীও নবীন-প্ৰবীণ সদস্যই অংশগ্ৰহণ কৰে। অনুষ্ঠানতো আঁত ধৰি পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ মানস প্ৰতীম শৰ্মাই গীতা উপাধ্যায়ৰ সাহিত্য কীৰ্তি আৰু কৰ্মৰাজিৰ আলোকপাত কৰি কয় যে আধুনিক অসমীয়া অনুবাদ সাহিত্যত যোৱা কেইবা দশক ধৰি নিষ্ঠাৰে আত্মনিয়োগ কৰি সাহিত্যিক গীতা উপাধ্যায়ে অসমীয়া সাহিত্যক বিশেষ ভাৱে চহকী কৰি আহিছে । বিশ্ব সাহিত্যৰ কালজয়ী ৰচনা সমূহ অসমীয়া আৰু নেপালী ভাষালৈ অনুবাদ কৰা তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী নেপালী ভাষাত ৰচনা কৰা সাহিত্যিক গৰাকীয়ে ২০১২ বৰ্ষত সাহিত্য একাডেমীৰ অনুবাদ বঁটা আৰু ২০১৬ বৰ্ষত সাহিত্য একাডেমীৰ মৌলিক বঁটা লাভ কৰি ৰাজ্যবাসীক গৌৰবান্বিত কৰিছে। অসম লেখিকা সংস্থাৰ দৰে জাতীয় সংগঠনৰ সভানেত্ৰীৰ দায়িত্বত থাকি উপাধ্যায়ে বহু উল্লেখযোগ্য কাৰ্য সম্পাদন কৰি অহা বুলি কৈ শৰ্মাই সাহিত্যিকগৰাকীৰ সান্নিধ্য সোঁৱৰণ কৰে। বিশিষ্ট সাহিত্যিক গুণকান্ত বৰুৱাই নিজ ভাষণত লেখিকাগৰাকীক এগৰাকী বিদুষী নাৰী বুলি উল্লেখ কৰি এটা ঐতিহ্য সম্পন্ন পৰিয়ালৰ সদস্য গীতা উপাধ্যায় ৰাজ্যখনৰ এক অমূল্য সম্পদ বুলি উল্লেখ কৰে । পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ তৰফৰপৰা ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, অংগ বস্ত্ৰ, কিতাপৰ টোপোলা ইত্যাদিৰে সদস্য সকলে জনোৱা সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক গৰাকীয়ে আবেগিক ভাবে সকলোকে ধন্যবাদ জনায় আৰু এৰি অহা দিনৰ আংশিক স্মৃতি সোঁৱৰণ কৰে । পদ্মনাথ গোহাঞি বৰুৱা শাখা সাহিত্য সভাৰ সভাপতি ভুবন চন্দ্ৰ গগৈ, জ্যেষ্ঠ সদস্য, শিশু সাহিত্যিক অতুল বৰঠাকুৰ, সম্পাদক দুগ্ধ কুমাৰ শইকীয়াই ভাষণ ৰখা সভাখনত পৰিয়ালৰ হৈ ভাতৃ তথা প্ৰাক্তন সাংসদ স্বৰূপ উপাধ্যায় আৰু ৰূপনাথ উপাধ্যায়ে জ্যেষ্ঠা ভগ্নীৰ সান্নিধ্য সোঁৱৰণ কৰি নষ্টালজিক হৈ পৰে । বিশেষ যে ১৯৩৯ চনত জন্ম লাভ কৰা আৰু ১৯৯৯ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী ৰূপে অৱসৰগ্ৰহণ কৰা সাহিত্যিকগৰাকীয়ে ইতিপূৰ্বে অসম লেখিকা সংস্থাৰ নীলিমা দত্ত বঁটা, প্ৰবীণা শইকীয়া সাহিত্য বঁটাৰ উপৰি নেপাল আৰু ভাৰতবৰ্ষৰ বহু বঁটা-সন্মান লাভ কৰিছে। সম্প্ৰতি কোভিডোত্তৰ জটিলতাৰ বাবে বাসভৱনতে অশীতিপৰ লেখিকাগৰাকীয়ে চিকিৎসা গ্ৰহণ কৰি আছে । অনুষ্ঠানত তেওঁৰ কেইবাগৰাকীও আত্মীয়ই অংশগ্ৰহণ কৰে আৰু অতিথি সকলক গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More