বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী

0 23

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ছেপ্টেম্বৰঃ বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে একাংশ জ্যেষ্ঠ বিহুৱা আৰু বিহুৱতীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ আজি এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হয় যে,অসম আৰু অসমীয়াৰ স্বাভিমান বিহু নাচক ২০১৯ বৰ্ষত দিল্লীৰ “ফিট ইন্ডিয়া মভমেন্ট” অনুস্থানত বিকৃত ৰূপত পৰিবেশন কৰাৰ পাছত পুনৰবাৰ ২০২২ বৰ্ষত দিল্লীতেই মালদ্বীপৰ ৰাষ্ট্ৰপতিক আদৰণি জনাবলৈ গৈ আকৌ বিকৃত ৰূপত বিহুক পৰিবেশন কৰা হ’ল। একেই ঘটনা পুনৰাবৃত্তি ঘটাই দিল্লীত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ অতিথিক আদৰণি জনাবলৈ আমাৰ বিহুক দিল্লী এয়াৰপোৰ্টত বিকৃত ৰূপ দিলে। একেইদৰেই মাত্ৰ কেইদিনমান আগতে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত এটা ব্যক্তিগত কোম্পানিৰ অনুস্থানত বিহুক পুনৰ অপমান কৰিলে। অসমৰ বিহুক যাতে বাৰম্বাৰ এইদৰে বিকৃতভাৱে উপস্থাপন কৰিব নোৱাৰে,তাৰবাবে এখন কঠোৰ আইন অতি শীঘ্ৰেই প্ৰণয়ন‌ কৰা দাবীৰে জ্যেষ্ঠ বিহুৱা দীপ জ্যোতি হাজৰিকা, জয়দেৱ ডেকা,পংকজ বৰা,প্ৰাক্তন বিহু সম্ৰাজ্ঞী ক্ৰমে- গিতুমনি দাস,গায়ত্ৰী কোঁৱৰ,কৰবী গগৈ,পুৰবী গগৈ,জোনটি গগৈ, দেৱাংগনা চুতীয়া,মৃদুস্মিতা ডেকা,পাহাৰী বৰুৱা, প্ৰতিক্ষাৰাণী বৰগোহাঁইকে ধৰি প্ৰায় বাৰজনীয়া জ্যেষ্ঠ বিহুৱা বিহুৱতীৰ এটা সজাতি দলে আজি সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকাৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰী আৰু সাংস্কৃতিক মন্ত্ৰীলৈ প্ৰদান কৰা স্মাৰক পত্ৰ খনত বিহু নাচ-বিহু বাদ্য-বিহু সাজপোছাক বিকৃত ৰূপত উপস্থাপন কৰা সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থাৰে আইন এখন শীঘ্ৰেই প্ৰণয়ন‌ কৰিবলৈ ৰাজ্য চৰকাৰলৈ দাবী জনোৱা হয়। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন এখন প্ৰণয়ন কৰি এক ঐতিহাসিক পদক্ষেপ অসম চৰকাৰে ল’ব বুলি সজাতি দলটিয়ে আশা প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More