উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলত শংকৰ জন্মোৎসৱ পালন

0 7

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলৰ ৬টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ এইবাৰ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ পালন কৰে৷ শংকৰ জন্মোৎসৱ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, সম্বৰ্ধনা সভা আদিও অনুষ্ঠিত কৰা হয়৷ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উপলক্ষে বিজয় নগৰ নামঘৰত খেলমাটি, চান্দমাৰি, বিজয় নগৰ, চিনাতলীয়া, সনাতন নামঘৰ, বোৱালগুৰি আৰু শংকৰ মাধৱ নামঘৰৰ উদ্যোগত একত্ৰিত ভাৱে যোৱা ২৪-২৫ ছেপ্টেম্বৰত এই জন্মোৎসৱ পালন কৰা হয়৷ প্ৰথম দিনা ধৰ্মধবজা উত্তোলনেৰে আৰম্ভ হোৱা শংকৰ উৎসৱত স্মৃতি তৰ্পণ, নামপ্ৰসঙ্গ, গুৰু চৰিত পাঠ, ভাগৱত শোভাযাত্ৰা আদি আয়োজন কৰা হয়৷ সেইদিনাই লখিমপুৰ বিধান সভা সমষ্টি ভিত্তিত দিহানাম প্ৰতিযোগিতাও অনুষ্ঠিত হয়৷ দ্বিতীয় দিনা উদযাপন সমিতিৰ সভাপতি গোলাপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত ধৰ্মালোচনা আৰু বটা বিতৰণী সভাত ৭৫ বছৰ উৰ্ধৰ ১২ গৰাকী বিশিষ্ট লোকক অংগবস্ত্ৰ আৰু সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ জনোৱা হয়৷ সেইদিনাই বিভিন্ন কৃষ্টি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ নিশালৈ দ্ৰোণ পৰ্ব অভিমন্যু বধ নাটকেৰে শংকৰ জন্মোৎসৱৰ সামৰণি পৰে বুলি উদযাপন সমিতিৰ সভাপতি গোলাপ হাজৰিকা, সম্পাদক নৰেণ দত্তৰ লগতে প্ৰচাৰ উপ সমিতিৰ সম্পাদক অনুপ হাজৰিকাই জানিবলৈ দিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More