বুঢ়া মহাশয়ৰ বাট ( শিক্ষক দিৱস বিশেষ)
শিখা জ্যোতি কোঁৱৰ
মই যি বাটেৰে বাট বুলিছোঁ
সেই বাটেৰে বুঢ়া মহাশয় আহিছিল
পেডেলৰ ছন্দে ছন্দে উৰিছিল চুৰিয়াৰ ফেৰ।
বুঢ়া মহাশয়ৰ বহু কাহিনী
গুৰুকূলত শংখধ্বনি
বৈদিক অস্ত্ৰৰ ঝনঝননি।
গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ
দেৱ গুৰু, দৈত্য গুৰু সৰ্ব পৰিচিত।
গুৰুৱে আচাৰ্য, গুৰুৱে দেৱ
গুৰু মোৰ শংকৰ
গুৰু মোৰ মহাশয়।
মই যি বাটেৰে বাট বুলিছোঁ
সেই বাটত
আচাৰ্যৰ ৰথৰ চকৰী ঘূৰিছিল
মহাভাৰতত
সেই বাটত
অশ্বখুৰাৰ খট খট খট
শত পুৰাতন পদধ্বনিৰ গুঞ্জন
গুৰুৰ গৃহত জ্ঞানৰ অন্বেষণ।
কৰ্ষণ
জীৱনৰ আন্ধাৰ নিষ্কাষণ।
মই যি বাটেৰে বাট বুলিছোঁ
সেই বাটেৰে কত মনিষীৰ যাত্ৰা
গছৰ ছাঁত শিষ্যৰে বাৰ্তা
গুৰু যে জ্ঞান দাতা।
ৰিণিকি শুনিছোঁ
গাৰ্গী মৈত্ৰেয়ীৰ যুক্তি তৰ্ক
থত মত যাজ্ঞবল্ক্য।
সাধু নে সত্য ?
পদ্য নে গদ্য ?
কথকৰ কথাবোৰ লিপিত আবদ্ধ ।
মই যি বাটেৰে বাট বুলিছোঁ
সেই বাটতে বৰুৱা হেমচন্দ্ৰই
ৰচিলে হেমকোষ
কানীয়া কীৰ্তনেৰে উগাৰিলে ক্ষোভ।
ৰসৰাজে ৰসেৰে
জ্যোতিৰ আলোকেৰে,
কলাগুৰুৱে বিপ্লৱৰ ফিৰিঙতি জ্বলাই সংস্কৃতিৰ বৰভেটি গঢ়িলে ।
জাগ জাগ জাগ
ভাং ভাং ভাং
অন্ধকূপ
মুক্তিমান
হ জ্যোতিস্মান।
বুঢ়া মহাশয়ৰ প্ৰিয় ছাত্ৰই
তেওঁৰে আসন শুৱাই সৌৱা
বুঢ়া মহাশয়ে চাইকেল ৰখাই
থৰ লাগি চাই
শাড়ী-চাদৰৰ আচল উৰাই
সুধালতা, সুখলতা আৰু সাৱিত্ৰী বাই।
টেট শিক্ষয়িত্ৰী উপ-উপাধিৰ
বুঢ়া মহাশয়ৰ ছাত্ৰীবোৰে
এই বাটেৰে পেডেল মাৰে।
নৌকাত, চিটিবাছত, পদপথত
গাৰ্গী,মৈত্ৰেয়ী আৰু কাত্যায়নী,
বুঢ়া মহাশয়ে ৰিঙিয়াই
খোজবোৰ খুপি খুপি দিবি অ’ আই,
এই বাটৰ মহানতা বুকুত থাপিবি
কৰ্তব্যক অৱহেলা নকৰিবি।
মই যি বাটেৰে বাট বুলিছোঁ
এই বাটত অনেক দায়িত্ব অনেক কাম অনেক সন্মান …